গহপুৰৰ কেন্দ্ৰীয় গণৰাজ্য দিৱসত সাংবাদিকৰ প্ৰৱেশত বাধা আৰক্ষীৰ

গহপুৰৰ কেন্দ্ৰীয় গণৰাজ্য দিৱসত সাংবাদিকৰ প্ৰৱেশত বাধা আৰক্ষীৰ

ডিজিটেল সংবাদ, গহপুৰঃ গহপুৰ মহকুমা প্ৰশাসনৰ উদ্যোগত শুকুৰবাৰে অনুষ্ঠিত কেন্দ্ৰীয় গণৰাজ্য দিৱসৰ কাৰ্যসূচীত সাংবাদিকৰ প্ৰৱেশত বাধা প্ৰদান কৰিছে আৰক্ষীয়ে । গহপুৰ মহকুমাধিপতি কাৰ্য্যালয় সংযোগী প্ৰৱেশ পথত কৰ্তব্যৰত গহপুৰ আৰক্ষী থানাৰ কাব্যশ্ৰী বৰা নামৰ এগৰাকী মহিলা উপ-পৰিদৰ্শক আৰু এগৰাকী বেটেলিয়ানে বাতৰি সংগ্ৰহৰ বাবে যোৱা একাধিক সাংবাদিকক গাড়ী ৰখাই অশোভনীয় আচৰণ কৰাক লৈ গহপুৰৰ সাংবাদিক মহলত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।

উপ পৰিদৰ্শক গৰাকীৰ মতে সেই পথেৰে গাড়ী লৈ কেৱল VVIP আৰু VIP লোকহে যাব পাৰিব। অৰ্থাৎ গহপুৰৰ সাংবাদিক সকলৰ পদ মৰ্য্যদা ভিআইপি আৰু ভিভিআইপি সকলতকৈ তলত। পবিত্ৰ গণৰাজ্য দিৱসৰ কাৰ্য্যসূচীত অংশগ্ৰহণ কৰিবলৈ যোৱা সাংবাদিকক এনেদৰে অশোভনীয় আচৰণ কৰা বিষয়টোক সহজভাৱে ল'ব পৰা নাই কোনেও। কৰ্তব্যৰত আৰক্ষী উপ-পৰিদৰ্শক গৰাকীৰ বিৰূদ্ধে উপযুক্ত ব্যৱস্থা গ্ৰহণ কৰাৰ দাবী উথাপন কৰিছে বিশ্বনাথ জিলা সাংবাদিক সন্থা, গহপুৰ মহকুমা সাংবাদিক সন্থা, আপকুৰ গহপুৰ মহকুমা সমিতি, বাৰ্তাজীৱি সংঘ,সাংবাদিক সুৰক্ষা মঞ্চ,প্ৰেছ গীল্ড,হেলেম প্ৰেছ ক্লাব,ই-মিডিয়া ফ'ৰাম,সাংবাদিক ঐক্য মঞ্চ আদি বিভিন্ন সাংবাদিক সংগঠনে।

গহপুৰৰ কেন্দ্ৰীয় গণৰাজ্য দিৱসত সাংবাদিকৰ প্ৰৱেশত বাধা আৰক্ষীৰ
জামুগুৰিহাটত মফিজুদ্দিন আহমেদ সোঁৱৰণি ক্ৰিকেট প্ৰতিযোগিতা

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in