মানকাচৰ-মেঘালয়ৰ অৰ্ধ শতাধিক প্ৰতিমা বিসৰ্জনৰ বাবে সাজু ৬ খন নদী ঘাট

মানকাচৰ-মেঘালয়ৰ অৰ্ধ শতাধিক প্ৰতিমা বিসৰ্জনৰ বাবে সাজু ৬ খন নদী ঘাট

author-image
Asomiya Pratidin
New Update
মানকাচৰ-মেঘালয়ৰ অৰ্ধ শতাধিক প্ৰতিমা বিসৰ্জনৰ বাবে সাজু ৬ খন নদী ঘাট

ডিজিটেল সংবাদ, মানকাচৰঃ দক্ষিণ শালমাৰা-মানকাচৰ জিলাত এইবেলি মুঠ ৪২খন মন্দিৰত শান্তিপূৰ্ণভাৱে উদযাপন কৰা হৈছে দুৰ্গোৎসৱ। বিজয়া দশমী উপলক্ষে মঙলবাৰে পুৱাৰে পৰা পুজা মণ্ডপসমূহত ভক্তপ্ৰাণ লোকৰ যথেষ্ট সমাগম হৈছে। প্ৰতিখন পূজা মণ্ডপত মঙলবাৰে পুৱা দশমী পুজা অনুষ্ঠিত কৰাৰ লগতে ভক্তসকলে দেৱীক পুস্পাঞ্জলী প্ৰদান কৰে।

Advertisment

হিন্দু-মুছলমাৰ মিলনভূমি হিচাপে জনাজাত জিলাখনৰ প্ৰতিখন মন্দিৰৰ পুজাস্থলীত উলহ-মালহেৰে দূৰ্গোৎসৱ উদযাপন কৰা হয়। মঙলবাৰে দিনৰ প্ৰায় ২ বজাত বিজয়া দশমী পূজাৰ সামৰণি পৰিব। ২ বজাত দেৱীৰ প্ৰতিমাসমূহ নদীৰ ঘাটত নিয়া হ’ব।

পশ্চিম আকাশত বেলি মাৰ যোৱাৰ পূৰ্বে প্ৰতিমা সমূহ বিসৰ্জন দিয়াৰ বাবে জিলা প্ৰশাসন পৰা নিৰ্দেশা প্ৰদান কৰা হৈছে। জিলাখনৰ মানকাচৰ, কালাপানী, হাটশিঙিমাৰী, দক্ষিণ শালমাৰা আৰু ফকিৰগঞ্জৰ লগতে অসম-মেঘালয় সীমান্তৱৰ্তী লালমাটি ঘাটৰ জিঞ্জিৰাম নৈত দেৱীৰ প্ৰতিমা সমূহ বিসৰ্জন দিয়া হ’ব।

দেৱীৰ বিসৰ্জনত যাতে কোনো বিসৃংখল পৰিবেশৰ সৃষ্টি নহয় তাৰ বাবে আৰক্ষী প্ৰশাসনে প্ৰতিখন বিসৰ্জনস্থলীত কটকটীয়া নিৰাপত্তাৰ ব্যৱস্থা গ্ৰহন কৰিছে। ইতিমধ্যে বিসৰ্জনৰ প্ৰস্তুতি সম্পন্ন কৰি তোলা হৈছে।

Also Read: কনিষ্টবলৰ পুত্ৰৰ গীতত মুগ্ধ আৰক্ষী সঞ্চালক প্ৰধান জি পি সিং

durga puja