কনিষ্টবলৰ পুত্ৰৰ গীতত মুগ্ধ আৰক্ষী সঞ্চালক প্ৰধান জি পি সিং

কনিষ্টবলৰ পুত্ৰৰ গীতত মুগ্ধ আৰক্ষী সঞ্চালক প্ৰধান জি পি সিং

ডিজিটেল সংবাদ, গুৱাহাটীঃ মহানগৰ আৰক্ষীৰ কনিষ্টবলৰ দুই কনমানি পুত্ৰৰ কণ্ঠ শুনি বিমুগ্ধ হ'ল ডি জি পি জিপি সিং আৰু তেঁওৰ সহধৰ্মিনী। মহানগৰ আৰক্ষী নিৱেশত আয়োজিত দুৰ্গা পূজাৰ সাংস্কৃতিক অনুষ্ঠানত ভূপেন হাজৰিকাৰ গীত পৰিৱেশন কৰিছিল কনিষ্টবল তাৰিক হুছেইনৰ দুই কণমানি পুত্ৰ স্পিঞ্জাৰ আৰু চাইমে।

সোমবাৰে সন্ধিয়াৰ এই অনুষ্ঠানত উপস্থিত আছিল ডিজিপি সিং, তেওঁৰ সহধৰ্মিণী, আৰক্ষী আয়ুক্ত প্ৰমুখ্যে শীৰ্ষ বিষয়া সকল। কণমানি দুটাৰ গীত শুনি মঞ্চলৈ উঠি গল ডিজিপি জি পি সিং আৰু তেওঁৰ পত্নী। লগত আছিল আৰক্ষী আয়ুক্ত দিগন্ত বৰা। ডিজিপি আৰু তেওঁৰ পত্নীয়ে দুই কণমানিক আশীৰ্বাদ দি নগদ ধন পুৰস্কাৰ দিয়ে ।

শিশু দুটিৰ সৰলতাই বিমুগ্ধ কৰে ডিজিপি, তেওঁৰ সহধৰ্মিনী আৰু আৰক্ষী আয়ুক্তক। তাৰ পিছত তেওঁলোকে পুনৰ " অ মোৰ ধৰিত্ৰী আই .. ' গীতটি পৰিৱেশন কৰে।

ডিজিপি জি পি সিং, তেওঁৰ সহধৰ্মিনী আৰু আৰক্ষী আয়ুক্ত দিগন্ত বৰাই কনিষ্টবল এগৰাকীৰ সন্তানক এইদৰে উৎসাহিত কৰা কাৰ্যই আৰক্ষীৰ নিম্ন পৰ্যায়ৰ বিষয়া-জোৱানসকলক পূজাৰ বতৰত বাৰুকৈয়ে আহ্লাদিত কৰে। লগতে আৰক্ষী পৰিয়ালে দুই প্ৰতিভাশালী কণমানিৰ উজ্বল ভৱিষ্যত কামনা কৰে।

কনিষ্টবলৰ পুত্ৰৰ গীতত মুগ্ধ আৰক্ষী সঞ্চালক প্ৰধান জি পি সিং
বিজয়া দশমী উপলক্ষে মহানগৰ আৰক্ষীৰ বিশেষ পথ নিৰ্দেশনা

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in