উচ্চ ন্যায়ালয়ৰ ৰায়ো নামানে চিচিবৰগাঁও ৰাজহ চক্ৰ বিষয়া কাৰ্য্যালয়ে..
উচ্চ ন্যায়ালয়ৰ ৰায়ো নামানে চিচিবৰগাঁও ৰাজহ চক্ৰ বিষয়া কাৰ্য্যালয়ে..

উচ্চ ন্যায়ালয়ৰ ৰায়ো নামানে চিচিবৰগাঁও ৰাজহ চক্ৰ বিষয়া কাৰ্য্যালয়ে..

ডিজিটেল সংবাদ ধেমাজি: বগীবিল দলং নিৰ্মাণৰ সমান্তৰালকৈ পথ নিৰ্মাণৰ বাবে ভূমি অধিগ্ৰহণ কৰা লোকে আজিও নাপালে প্ৰাপ্য ক্ষতিপূৰণ। ২০০৪-০৫ বৰ্ষতেই ব্ৰহ্মপুত্ৰৰ ওপৰত চতুৰ্থখন দলং বগীবিল নিৰ্মাণৰ বাবে উত্তৰ পাৰৰ ধেমাজি জিলাৰ কোলাজান গাঁৱৰ পৰা ভলোকাগুৰিলৈ যোৱা পথৰ কাষত অধিগ্ৰহণ কৰা ২১৯ বিঘা ভূমিৰ ক্ষতিপূৰণ আজিও লাভ নকৰিলে ভূমিৰ গৰাকীয়ে।

এনে পৰিপ্ৰেক্ষিতত এই লোকসকল ক্ষোভিত হৈ পৰিছে। উল্লেখ্য যে, ২০১৭ চনত গুৱাহাটী উচ্চ ন্যায়ালয়ৰো কাষ চাপিছিল ক্ষতিপূৰণৰ পৰা বঞ্চিত এইসকল লোক। সংশ্লিষ্ট কৰ্তৃপক্ষই ভূমিৰ জৰিপ কৰি চৰকাৰলৈ প্ৰস্তাৱ প্ৰেৰণ কৰিছিল যদিও ক্ষতিগ্ৰস্তসকলে কোনো ফল লাভ নকৰিলে।

সেয়ে ২০১৭ চনত এই লোকসকল গুৱাহাটী উচ্চ ন্যায়ালয়ৰ কাষ চাপিছিল। ৬ বছৰীয়া এক দীঘলীয়া উৎকণ্ঠাৰ অন্তত ন্যায়ালয়ে চৰকাৰক এই লোকসকলক ক্ষতিপূৰণ আদায় দিবলৈ নিৰ্দেশ প্ৰদান কৰিছিল।

কিন্তু দুৰ্ভাগ্যজনকভাৱে চিচিবৰগাঁও ৰাজহ চক্ৰ বিষয়া কাৰ্য্যালয়ৰ বিষয়া, কাননগু আৰু লাট মণ্ডলৰ মইমতালিৰ বাবেই এই লকোসকলে আজিও প্ৰাপ্য ক্ষতিপূৰণ লাভ নকৰিলে। ন্যায়ালয়ে ক্ষতিপূৰণ প্ৰদানৰ বাবে নিৰ্দেশনা দিলে যদিও এই ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ে গ্ৰাউণ্ড ভেৰিফিকেচনৰ দোহাই দি কোনো কামতে গুৰুত্ব প্ৰদান কৰা নাই। সেয়ে ন্যায়ালয়ৰ নিৰ্দেশনাৰ পাছতো তেওঁলোকে লাভ কৰা নাই প্ৰাপ্য ক্ষতিপূৰণ।

এই সন্দৰ্ভত ক্ষোভিত ৰাইজে উপায়ুক্তক লিখিত অভিযোগ দাখিল কৰিছে যদিও জিলা উপায়ুক্তৰ ফালৰ পৰাও কোনো সহাৰি লাভ কৰা নাই। এনে পৰিস্থিতিত এই লোকসকলৰ প্ৰাপ্য আদায়ৰ বাবে প্ৰতিবাদৰ বাহিৰে আৰু বিকল্প ব্যৱস্থা নাই বুলিও উল্লেখ কৰিছে।

এই সন্দৰ্ভত ভূমি অধিগৃহীত উত্তৰপাৰৰ বগীবিল সেৱা পথ দাবী সমিতিৰ সভাপতি বিলাৰাম পেগু আৰু সম্পাদক লিলাধৰ পাইতে শীঘ্ৰেই তেওঁলোকক ন্যায়ালয়ৰ নিৰ্দেশনা অনুসৰি ক্ষতিপূৰণ দিবলৈ দাবী জনাইছে। অন্যথা আগন্তুক দিনত ব্যাপক আন্দোলন গঢ়ি তুলিব বুলি সকিয়াই দিছে।

উচ্চ ন্যায়ালয়ৰ ৰায়ো নামানে চিচিবৰগাঁও ৰাজহ চক্ৰ বিষয়া কাৰ্য্যালয়ে..
কাজিৰঙাৰ কাষৰীয়া হাতীখুলি চাহ বাগিছাৰ গছত বাফাৰ জ’নৰ ফলক...

Related Stories

No stories found.
logo
Asomiya Pratidin
www.asomiyapratidin.in