/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-05/a4c0ed30-4ecf-4786-8723-628671e5bab1/AP_FOR_WEB_manipur_curfew.jpg)
ডিজিটেল ডেস্কঃ হিংসাজৰ্জৰ মণিপুৰ। প্ৰতিবাদৰ পাছতেই মণিপুৰত সৃষ্টি হৈছে অগ্নিগৰ্ভা পৰিস্থিতিৰ। এতিয়াও শাম কটা নাই পৰিস্থিতিৰ। জনজাতীয় গোটে এক সমদল বাহিৰ কৰাৰ পাছত ৰাজ্যখনত বহু নিষেধাজ্ঞা জাৰি কৰা হৈছিল।
অল ট্ৰাইবেল ষ্টুডেণ্টছ ইউনিয়ন মণিপুৰৰ এক ৰেলীত হোৱা হিংসাত্মক ঘটনাৰ পাছত ৰাজ্য খনৰ কেইবাখনো জিলাত কাৰ্ফিউ জাৰি কৰাৰ লগতে ইন্টাৰনেট সেৱা বাতিল কৰিছিল। বিভিন্ন ঠাইত হোৱা হিংসাত্মক কাৰ্যকালাপ ৰোধ কৰিবলৈ সেনা আৰু আৰক্ষীয়ে অভিযান চলাই আছে।
বৃহস্পতিবাৰে ৰাজ্যখনত হিংসাত্মক ঘটনা ইম্ফললৈ বিয়পি পৰাৰ পিছত "চৰম ঘটনা' দেখিলেই গুলীওৱাৰ নিৰ্দেশ জাৰি কৰিছিল মণিপুৰ চৰকাৰে। ইয়াৰোপৰি কেন্দ্ৰীয় চৰকাৰে বিষয়টোত গুৰুত্ব আৰোপ কৰি সেনা বাহিনী মণিপুৰলৈ প্ৰেৰণ কৰিছে। দুবাৰকৈ মণিপুৰৰ মুখ্যমন্ত্ৰীৰ লগত ভিডিঅ কল যোগে কথা পাতিছে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে।
বায়ুসেনাৰো লোৱা হৈছে সহায়। মণিপুৰত নিয়োগ কৰা হৈছে অতিৰিক্ত কলাম। জানিব পৰা মতে বৰ্তমান পৰ্যন্ত ১০,০০০ তকৈ অধিক লোকক সুৰক্ষিত স্থানলৈ অনা হৈছে।
মণিপুৰৰ জনজাতীয় সংস্থা মেইটেই/মিতেই সম্প্ৰদায়ক অনুসূচীত জনজাতি (এছটি) তালিকাত অন্তৰ্ভুক্ত কৰাৰ বিৰুদ্ধে প্ৰতিবাদ কৰি সংহতি পদযাত্ৰাৰ আয়োজন কৰিছিল। অল ট্ৰাইবেল ষ্টুডেণ্টছ ইউনিয়ন মণিপুৰে (এটিএছইউএম) সেনাপতি, উখৰুল, কাংপোকপি, তামেংলং, চুৰাচান্দপুৰ, চান্দেল আৰু টেংনুপাল পাহাৰীয়া জিলাসমূহত এই পদযাত্ৰাৰ কথা ঘোষণা কৰে। য'ত ৰাজ্যখনৰ প্ৰায় ৪০ শতাংশ লোকে অংশগ্ৰহণ কৰিছিল।
মণিপুৰৰ জনসংখ্যাৰ ৫৩% মৈতেই সম্প্ৰদায়। তেওঁলোকে দাবী কৰে যে ম্যানমাৰ আৰু বাংলাদেশীৰ অবৈদ প্ৰৱজ্ৰনৰ বাবে তেওঁলোকে যথেষ্ঠ সমস্যাৰ সন্মুখীন হ'ব লগা হৈছে। নিয়ম অনুসৰি এই সম্প্ৰদায়ৰ লোক সকলে পাহাৰীয়া অঞ্চলত বাস কৰিব নোৱাৰে।
আনহাতে মণিপুৰ চৰকাৰক সহায়ৰ আশ্বাস দিছে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। মণিপুৰৰ পৰা একাংশ লোক আহি উপস্থিত হৈছে কাছাৰত। এই লোক সকলক সহায় কৰিবলৈ অহ্বান জনাই মুখ্যমন্ত্ৰীয়ে।
Also Read: তীব্ৰ প্ৰতিবাদৰ পাছতেই কেইবাখনো জিলাত বন্ধ মোবাইল ইন্টাৰনেট, জাৰি সান্ধ্য আইন...
/asomiyapratidin/media/agency_attachments/2024/11/06/2024-11-06t103056273z-dwa-ad-banner-2024-300x250.png)
Follow Us