
ডিজিটেল ডেস্কঃ অত্যাধিক গৰমে বিপৰ্যস্ত কৰি তুলিছে স্বাভাৱিক জীৱন। পূৰ্বৰ তুলনাত এইবাৰ বহু আগতীয়াকৈ গৰমে দহিছে সমগ্ৰ দেশক। দেশৰ অন্যান্য প্ৰান্তৰ লগতে উত্তৰ পূৰ্বাঞ্চলৰ অসম, মেঘালয়, নাগালেণ্ড, মিজোৰাম, মণিপুৰ, ত্ৰিপুৰাত গৰমে সৃষ্টি কৰিছে জটিল পৰিস্থিতি।
এনে পৰিস্থিতিত চৰকাৰে বিদ্যালয়সমূহ বন্ধ ঘোষণা কৰিবলৈ বাধ্য হৈছে। ত্ৰিপুৰাৰ শিক্ষা বিভাগে সকলো চৰকাৰী আৰু ব্যক্তিগতখণ্ডৰ বিদ্যালয় পৰৱৰ্তী ৬ দিনলৈ বন্ধ ঘোষণা কৰিছে।
উল্লেখ্য যে, যোৱা ৬ এপ্ৰিলৰ পৰা অস্বাভাৱিক হাৰত উত্তৰ পূৰ্বাঞ্চলৰ এই ৰাজ্যকেইখনত গৰমৰ প্ৰকোপ বৃদ্ধি পাইছে। ভাৰতীয় বতৰ বিজ্ঞান কেন্দ্ৰৰ মতে পৰৱৰ্তী ৬ টা দিনটো গৰমৰ প্ৰকোপ হ্ৰাস হোৱাৰ কোনো সম্ভাৱনা নাই।
সেয়ে ত্ৰিপুৰাৰ শিক্ষানুষ্ঠানসমূহ ১৮ এপ্ৰিল, মঙ্গলবাৰৰ পৰা ২৩ এপ্ৰিললৈ বন্ধ ঘোষণা কৰা হৈছে। ৰাজ্যখনৰ মুখ্যমন্ত্ৰী ডাঃ মানিক সাহাই সামাজিক মাধ্যমৰ জৰিয়তে প্ৰকাশ কৰিছে এই কথা।
এই সন্দৰ্ভত তেওঁ সামাজিক মাধ্যমৰ জৰিয়তে বিদ্যালয় বন্ধ ৰখাৰ বিষয়টো ঘোষণা কৰিছে। তেওঁ অত্যাধিক গৰমে ছাত্ৰ-ছাত্ৰীৰ ওপৰত বিৰূপ প্ৰভাৱ পেলাব বুলিও তেওঁ আশংকা কৰিছে।