
ডিজিটেল ডেস্কঃ এফালে ব'হাগ বিহুৰ আনন্দ আনফালে প্ৰখৰ ৰ'দ। সমগ্ৰ ৰাজ্যকে দহিছে প্ৰখৰ উষ্ণতাই। ব'হাগৰ আনন্দকো যেন ম্লান পেলাইছে এই গৰমে। যাৰ বাবে বহু অঞ্চলত বিহুৰ দিনৰ কাৰ্যসূচী সন্ধিয়াৰ আৰু নিশাৰ ভাগলৈ পিছুৱাই দিবলৈ বাধ্য হৈছে।
ৰ'দৰ প্ৰকোপ ইমানেই বাঢ়িছে যে, যোৱা ১৫ এপ্ৰিল, ১ ব'হাগত বিভিন্ন বিহু অনুষ্ঠান আয়োজকে বিহুতলীত পতাকা উত্তোলনৰ যি কাৰ্যসূচী ৰূপায়ণ কৰি আহিছিল সেই কাৰ্যসূচীতো ব্যাঘাত জন্মিছে। বিহুৰ হুঁচৰি দলে দিনৰ ভাগত ঘৰে ঘৰে গৈ গৃহস্থক মূৰৰ চুলি চিঙি আশীৰ্বাদ দি জুৰিব পৰা নাই বিহুনাম।
দিনৰ ভাগত অনুষ্ঠিত হ'বলগীয়া বিভিন্ন খেল, ধেমালি, হুঁচৰি প্ৰতিযোগিতা, মুকলি বিহুৰ অনুষ্ঠান ঠায়ে ঠায়ে দিনৰ পৰিৱৰ্তে আবেলিৰ পৰা সন্ধিয়ালৈ পিছুৱাই দিছে। যোৱা ৬ এপ্ৰিলৰ পৰা ৰাজ্যত অস্বাভাৱিক হাৰত বৃদ্ধি হোৱা গৰমে ১ এপ্ৰিলৰ পৰা অধিক ভয়ংকৰ ৰূপ ধাৰণ কৰিছে।
এপ্ৰিলৰ ১৭ তাৰিখে গুৱাহাটীত ১০ টা দিনৰ ভিতৰত দ্বিতীয় দিনৰ বাবে অভিলেখ গঢ়ি তাপমাত্ৰাই চুইছেগৈ ৩৭ ডিগ্ৰী চেলছিয়াচ। একেই অৱস্থা আন্যান্য অঞ্চলসমূহতো। সকলোতে গৰমৰ উত্তাপে চুইছেগৈ ৩৬ ৰ পৰা ৩৭ ডিগ্ৰী চেলছিয়াছ।
গুৱাহাটী তথা অসমৰ আন প্ৰান্তৰ বাবে এয়া অস্বাভাৱিক ঘটনা। সাধাৰণতে এনে সময়ত অসমত উষ্ণতা ২৯ ৰ পৰা ৩০, ৩১ ডিগ্ৰী চেলছিয়াচ পৰ্যন্তহে হয়। গতিকে গৰমৰ এই অত্যাধিক প্ৰকোপে দহিছে সকলোকে।
ভাৰতীয় বতৰ বিজ্ঞান কেন্দ্ৰই প্ৰকাশ কৰা এক সংবাদ বিজ্ঞপ্তিত উল্লেখ কৰা হৈছে যে, পৰৱৰ্তী ৫ দিনটো অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ মেঘালয়, নাগালেণ্ড, মণিপুৰ, মিজোৰাম আৰু ত্ৰিপুৰাত গৰমৰ প্ৰকোপ স্বাভাৱিকতকৈ ৩ ৰ পৰা ৪ ডিগ্ৰী অধিক উষ্ণ হ'ব।
গুৱাহাটী আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰৰ উপ-সঞ্চালক প্ৰধান সঞ্জয় অ'নীল শ্বয়ে সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰা অনুসৰি অসমৰ দুই, এখন ঠাইত পাতলীয়া বৰষুণ আহিব যদিও উষ্ণতা হ্ৰাস পোৱাৰ কোনো সম্ভাৱনা নাই। তেওঁৰ মতে পৰৱৰ্তী ৫ দিনত বতৰৰ কোনো পৰিৱৰ্তন নহয়।
যোৱা ২৪ ঘণ্টাত চুবুৰীয়া নাগালেণ্ডত তাপমাত্ৰাৰ কোনো পৰিৱৰ্তন হোৱা নাছিল যদিও অসমকে ধৰি আন কেইখন ৰাজ্যত উষ্ণতাই অভিলেখ গঢ়িছিল। উল্লেখ্য যে, যোৱা ৬ এপ্ৰিলৰ পৰা গুৱাহাটীত তাপমাত্ৰা গড়ে বৃদ্ধি পাইছে ৪ ডিগ্ৰী চেলছিয়াচকৈ।
যোৱা দেওবাৰে ইয়াত তাপমাত্ৰা স্বাভাৱিকতকৈ ৬.৫ ডিগ্ৰী আৰু সোমবাৰে ৬ ডিগ্ৰী অধিক বৃদ্ধি পাইছে। নামনি অসমৰ ধুবুৰীত তাপমাত্ৰা সৰ্বাধিক ৩৭.৫ ডিগ্ৰী চেলছিয়াচ হৈছেগৈ।
এই সময়ছোৱাত সৰ্বনিম্ন তাপমাত্ৰা নথিভুক্ত হৈছে উজনি অসমৰ ডিব্ৰুগড়ত। জিলাখনৰ তাপমাত্ৰা সৰ্বনিম্ন ২৯.৮ ডিগ্ৰী চেলছিয়াচ। মধ্য অসমৰ তেজপুৰত তাপমাত্ৰা ৩৫ ডিগ্ৰী চেলছিয়াচ। শিলচৰতো একেই অৱস্থা।
গৰমৰ এনে তীব্ৰ উত্তাপে বিহুবলীয়া অসমীয়াক দিনৰ ভাগত ঘৰতে আৱদ্ধ থাকিবলৈ বাধ্য কৰিছে। অৱশ্যএ তাৰ মাজতো ঠায়ে ঠায়ে অসমীয়াই পূৰ্বে নিৰ্ধাৰিত অনুসৰিয়েই দিনৰ ভাগতে বিহুৰ বিভিন্ন অনুষ্ঠান অনুষ্ঠিত কৰিছে।