মেঘালয়ৰ সোনাপুৰত পথৰ ওপৰতে ভষ্মীভূত হ'ল চলন্ত ট্ৰাক

মেঘালয়ৰ সোনাপুৰত পথৰ ওপৰতে ভষ্মীভূত হ'ল চলন্ত ট্ৰাক

author-image
Asomiya Pratidin
New Update
মেঘালয়ৰ সোনাপুৰত পথৰ ওপৰতে ভষ্মীভূত হ'ল চলন্ত ট্ৰাক

ডিজিটেল সংবাদ, শিলচৰঃ মেঘালয়ৰ সোনাপুৰত জুইত ভষ্মীভূত হ'ল এখন চলন্ত ট্ৰাক।‌ বুধবাৰে নিশা প্ৰায় ২ বজাত হঠাতে পথৰ ওপৰতে দাওদাওকৈ জ্বলি উঠিল ট্ৰাকখন। প্ৰায় আঢ়ৌ ঘন্টা সময় জ্বলাৰ পাছত সম্পূৰ্ণৰূপে ভষ্মীভূত হৈ যায় ট্ৰাকখন।

Advertisment

জানিব পৰা মতে, কাছাৰৰ দিশৰ পৰা মেঘালয়ৰ দিশে গৈ আছিল ট্ৰাকখন। ট্ৰাকখন কি কাৰণত পথৰ ওপৰতে এইগদৰে জ্বলি উঠিল সেই বিষয়ে এই পৰ্যন্ত জানিব পৰা হোৱা নাই। অৱশ্যে কথামপি প্ৰাণ ৰক্ষা পৰিছে চালক আৰু সহ চালকৰ। অগ্নিকাণ্ড সংঘটিত হোৱাৰ লগে-লগে ট্ৰাকৰ জপিয়াই দৌৰি জীৱন ৰক্ষা কৰে ২ চালকে। ইতিমধ্যে ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে আৰক্ষীয়ে।

Also Read: ৩বছৰীয়া সন্তানসহ সন্ধানহীন মহিলা

meghalaya