নাগালেণ্ডৰ চেমিনিউত ভয়ংকৰ পথ দুৰ্ঘটনা : নিহত ৮ যাত্ৰী

নাগালেণ্ডৰ চেমিনিউত ভয়ংকৰ পথ দুৰ্ঘটনা : নিহত ৮ যাত্ৰী

ডিজিটেল সংবাদ,বেকাজান : নাগালেণ্ডত সংঘটিত হৈছে ভয়ংকৰ পথ দুৰ্ঘটনা। বুধবাৰে পুৱা ক'হিমাৰ পৰা মোককচুংলৈ গৈ থকা অৱস্থাত টাটা চুমো এখন দুৰ্ঘটনাত পতিত হয়। দুৰ্ঘটনাটো চেমিনিউ আৰু ৱখাৰ মাজত সংঘটিত হয়।

জানিব পৰামতে চেমিনিউ আৰু ক'হিমা জিলাৰ কে ষ্টেচন গাঁৱত চুমো আৰু ট্ৰাকৰ মাজত হোৱা সংঘৰ্ষৰ ফলত দুয়োখন বাহন পাহাৰৰ টিলাৰ পৰা দ' জুৰিত বাগৰি পৰে। ফলত গাড়ীখনৰ চালকসহ মুঠ ৮ জন যাত্ৰী থিতাতে নিহত হয়।

ইফালে এই দুৰ্ঘটনাৰ ফলত গুৰুতৰভাৱে আহত হোৱা এগৰাকী যাত্ৰীক ক'হিমাৰ অকিং হাস্পতাললৈ লৈ যোৱাৰ আদবাটতে মৃত্যুবৰণ কৰে। ইতিমধ্যে ঘটনাৰ কিছুসময় পিছতেই আৰক্ষী উপস্থিত হয়। উদ্ধাৰকাৰী ভানৰ সৈতে দুৰ্ঘটনাস্থলীত উপস্থিত হোৱা ৱখা পি এছ এছ ডি পি অ’ চেমিনিউৰ নেতৃত্বত চেমিনিউ আৰক্ষীৰ সৈতে উদ্ধাৰ অভিযান চলাই আছে বুলি জানিব পৰা গৈছে।

নাগালেণ্ডৰ চেমিনিউত ভয়ংকৰ পথ দুৰ্ঘটনা : নিহত ৮ যাত্ৰী
লামডিং কাণ্ড : শ্ৰমিক অমৰ দে'ৰ মৃতদেহ আহি পোৱাৰ পিছতে উত্তপ্ত পৰিস্থিতি

Related Stories

No stories found.
logo
Asomiya Pratidin
www.asomiyapratidin.in