/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-09/4e87b939-1946-4d01-8789-f8690df188d2/130.jpg)
ডিজিটেল সংবাদ,লামডিং : মাজনিশা লামডিঙত উত্তপ্ত পৰিস্থিতিয়ে বিৰাজ কৰে ৷ ৰে'ল ষ্টেচনৰ পাৰ্চেল বুকিং বিভাগৰ অস্থায়ী শ্ৰমিক অমৰ দে'ৰ মৃতদেহ মঙলবাৰে নিশা গুৱাহাটীৰ পৰা লামডিং আহি পোৱাৰ পিছতে উত্তপ্ত হৈ পৰে পৰিস্থিতি ৷
ইষ্ট লামডিং স্কুলৰ সমীপৰে থকা স্থানীয় বাসিন্দাসকলে মৃতদেহ লগত লৈ হাতে-হাতে মমবাতি জ্বলাই প্ৰতিবাদী কাৰ্যসূচী গঢ়ি তোলে। লামডিং বজাৰৰ পৰা আৰক্ষী থানাৰ ওচৰেদি সমদল উলিয়াই একাংশ লোকে ৰজপথতে বহি হত্যাকাণ্ডৰ উচিত বিচাৰৰ বাবে প্ৰতিবাদ সাব্যস্ত কৰে।
উল্লেখ্য যে, বিশ্বকৰ্মা পূজাৰ প্ৰাক মুহূৰ্তত লামডিঙত সংঘটিত হৈছিল এক জঘন্য হত্যকাণ্ডৰ ঘটনা। দুৰ্বৃত্তই মজদুৰ অমৰ দে' নামৰ লোকজনে হত্যা কৰা বুলি এক অভিযোগ উত্থাপিত হৈছিল। এই ঘটনাৰে নাম সাঙোৰ খাইছিল সুৰেন্দ্ৰ সাহানী নামৰ এজন লোকৰ।
অমৰ দে'ক হত্যা কৰা সন্দেহত পৰিয়ালৰ লোকে ঝাৰখণ্ডৰ নিবাসী তথা কুলীৰ চৰ্দাৰ সুৰেন্দ্ৰ চাহানীৰ বিৰুদ্ধে এজেহাৰ দাখিল কৰাৰ পিছতেই লামডিং ষ্টেচনত ৰে'ল আৰক্ষীয়ে অভিযুক্ত চাহানীক আটক কৰি জেললৈ প্ৰেৰণ কৰে । কিন্তু সেইদিনা নিশা সুৰেন্দ্ৰ লগত আন কোনো লোকো জড়িত থকাৰ সন্দেহ প্ৰকাশ কৰি অতি সোনকালে এই ঘটনাৰ লগত জড়িত সকলোকে আটক কৰি শাস্তি দিয়াৰ দাবী জনাই ভুক্তভোগী পৰিয়ালে।