অশান্ত! মণিপুৰত পুনৰ অপহৰণ এগৰাকী সেনা বিষয়া...

মণিপুৰত পুনৰ অপহৰণ এগৰাকী সেনা বিষয়া..
মণিপুৰত পুনৰ অপহৰণ এগৰাকী সেনা বিষয়া..

ডিজিটেল ডেস্কঃ মণিপুৰৰ পৰা পুনৰ অপহৰণ হ’ল এগৰাকী সেনা বিষয়া। বিগত বৰ্ষৰ মে’ৰ পৰা উত্তৰ-পূবৰ ৰাজ্যখনত অব্যাহত থকা হিংসাত্মক পৰিস্থিতিৰ মাজতে শুকুৰবাৰে পুৱা প্ৰায় ৯ বজাত থৌবাল জিলাৰ নিজা বাসগৃহৰ পৰা এখন অহানত অহা অচিনাক্ত দুস্কৃতিকাৰীয়ে অপহৰণ কৰে সেনা বিষয়াগৰাকীক। অপহৃত সেনা বিষয়াগৰাকী কনিষ্ঠ আয়ুক্ত হিচাপে নিযুক্ত কনছাম খেড়া সিং বুলি জানিব পৰা গৈছে।

নিৰাপত্তা প্ৰতিষ্ঠানৰ সূত্ৰ অনুসৰি, সেনা বিষয়াগৰাকীৰ অপহৰণৰ পিছতে ১০২ নং ৰাষ্ট্ৰীয় ঘাইপথত ব্যাপক তালাচী অভিযান অব্যাহত ৰখা হৈছে। অৱশ্যে বিষয়াগৰাকীক কি কাৰণে অপহৰণ কৰা হ’ল সেয়া এতিয়াও জানিব পৰা হোৱা নাই। প্ৰণিধানযোগ্য যে, প্ৰায় ১০ মাহ পূৰ্বে মণিপুৰত আৰম্ভ হোৱা জাতিগত হিংসাৰ পৰিস্থিতিৰ মাজত এয়া হৈছে অপহৰণৰ চতুৰ্থ ঘটনা।

ইয়াৰ পূৰ্বে ২০২৩ৰ ছেপ্টেম্বৰ মাহত সশস্ত্ৰ সংগঠনে অপহৰণ কৰি হত্যা কৰিছিল অসম ৰেজিমেণ্টৰ প্ৰাক্তন জোৱান চেৰটো থাংথাং কমক। তেওঁ মণিপুৰৰ লিমাখঙৰ ডিফেন্স চাৰ্ভিচ কৰ্পছ (ডিএছচি)ত নিযুক্ত হৈ আছিল। ভাৰতীয় সেনাই জনোৱা মতে, অপহৰণ আৰু হত্যাৰ সময়ত ইম্ফল পশ্চিমৰ নিজা ঘৰত ছুটীত আছিল চেৰটো থাংথং কম। ইফালে সেই ঘটনাৰ দুমাহৰ পাছতে চুৰাচান্দপুৰৰ পাহাৰীয়া জিলাৰ পৰা লিমাখংলৈ এখন এছ ইউ ভি গাড়ীৰে গৈ থকা অৱস্থাত এটা অচিনাক্ত সশস্ত্ৰ সংগঠনে চাৰিজন লোকক অপহৰণ কৰি পৰৱৰ্তী সময়ত হত্যা কৰে।

চাৰিওজনেই আছিল জম্মু-কাশ্মীৰত কৰ্মৰত ভাৰতীয় সেনাৰ এজন জোৱানৰ পৰিয়ালৰ সদস্য। এই সময়ছোৱাত সৈনিকজনৰ পিতৃ পলায়ন কৰাত সফল হয়। আনহাতে যোৱা ২৭ ফেব্ৰুৱাৰীত ইম্ফল চহৰৰ পৰা অপহৰণ কৰা হৈছিল এজন অতিৰিক্ত আৰক্ষী অধীক্ষকক। এই গোচৰত আক্ৰমণকাৰীক আৰামবাই টেংগোল বুলি আৰক্ষীয়ে চিনাক্ত কৰিছে। এই ঘটনাৰ পিছত মণিপুৰ পুলিচ কমাণ্ডোৱে ইম্ফল আৰু অন্যান্য অঞ্চলত প্ৰতীকী প্ৰতিবাদৰ আয়োজন কৰে। ৰাজ্যখনৰ হিংসা উত্তেজনা মাৰ নৌযাওতেই আন এগৰাকী সেনা বিষয়াৰ অপহৰণৰ ঘটনাই তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।

ক্লিক কৰি পঢ়ক এই খবৰ-

মণিপুৰত পুনৰ অপহৰণ এগৰাকী সেনা বিষয়া..
আজিৰ দিনটোত কি কি কৰিব প্ৰধানমন্ত্ৰীয়ে, জানি লওক সবিশেষ...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in