আজিৰ দিনটোত কি কি কৰিব প্ৰধানমন্ত্ৰীয়ে, জানি লওক সবিশেষ...

আজিৰ দিনটোত কি কি কৰিব প্ৰধানমন্ত্ৰীয়ে
আজিৰ দিনটোত কি কি কৰিব প্ৰধানমন্ত্ৰীয়ে

ডিজিটেল ডেস্কঃ কাহিলী পুৱাতেই বিচনা এৰি কাজিৰঙাৰ নৈসৰ্গিক দৃশ্য উপভোগ কৰাৰ বাবে ওলাই আহিল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী। প্ৰথমে হাতী ছাফাৰী আৰু পিছত জীপ ছাফাৰীয়ে কাজিৰঙাৰ পুৱা সৌন্দৰ্য উপভোগ কৰি আপ্লুত হৈ পৰে প্ৰধানমন্ত্ৰীগৰাকী। এইখিনিতে উল্লেখ কৰা প্ৰয়োজন যে, কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানলৈ অহা নৰেন্দ্ৰ মোডীয়েই হৈছে দেশৰ প্ৰথমগৰাকী প্ৰধানমন্ত্ৰী।

কাজিৰঙাৰ সৌন্দৰ্য উপভোগ কৰাৰ পিছতে প্ৰধানমন্ত্ৰীগৰাকী চুবুৰীয়া ৰাজ্য অৰুণাচললৈ উৰা মাৰিব। অৰুণাচলতো কেইবাটাও প্ৰকল্পৰ শুভাৰম্ভ আৰু শিলান্যাস কৰিব প্ৰধানমন্ত্ৰীগৰাকীয়ে। অৰুণাচলত প্ৰায় ৮০০কোটি টকাৰ ব্যয়েৰে নিৰ্মাণ হোৱা চেলা সুৰংগ পথ উদ্বোধন কৰিব।

অৰুণাচলত এক জনসভাত অংশ লোৱাৰ পাছতে পুনৰ অসমলৈ আহিব প্ৰধানমন্ত্ৰীগৰাকী। ১২.০৫বজাত অসমৰ হোলোঙাপাৰৰ অস্থায়ী হেলিপেডত নামিব প্ৰধানমন্ত্ৰীৰ হেলিকপ্টাৰ। দুপৰীয়া ১২.১৫বজাৰ পৰা ১২.২৫বজালৈকে লাচিত মৈদামত থাকি প্ৰধানমন্ত্ৰীয়ে উন্মোচন কৰিব মহাবীৰ লাচিত বৰফুকনৰ ১২৫ফুট উচ্চতাৰ বিশাল প্ৰতিমূৰ্তি।

তাৰ পিচতে প্ৰধানমন্ত্ৰীগৰাকীয়ে ১২.৩০বজাত স্থলপথেৰে মেলেং মেটেলীৰ সভাস্থলীলৈ যাব। মেলেং পথাৰৰ জনসভাত তেওঁ ৫লাখ ৫৫হাজাৰ ৫৫৫টা প্ৰধানমন্ত্ৰীৰ আৱাস যোজনাৰ ঘৰ হিতাধিকাৰীক প্ৰদান কৰিব। ইয়াৰোপৰি তেওঁ তিনিচুকীয়া মেডিকেল কলেজৰ শুভ উদ্বোধন আৰু শিৱসাগৰ  চিকিতসা মহাবিদ্যালয়ৰ আধাৰশিলা স্থাপন কৰিব। আজিৰ দিনটোত মুঠ ১৭.৬০৬কোটি টকাৰ ব্যয় সাপেক্ষে প্ৰকল্পৰ শুভ উদ্বোধন কৰিব প্ৰধানমন্ত্ৰীগৰাকীয়ে। সকলো কাম সমাপন কৰা পাছত দিনৰ ২বজাত অসম এৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে।

আজিৰ দিনটোত কি কি কৰিব প্ৰধানমন্ত্ৰীয়ে
'পৃথিৱীৰাজ'ৰ পিঠিত উঠি কাজিৰঙা চালে প্ৰধানমন্ত্ৰীয়ে...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in