Advertisment

উত্তৰ-পূৰ্বাঞ্চলত ধুমুহা-শিলাবৃষ্টিৰ সম্ভাৱনা

উত্তৰ-পূৰ্বাঞ্চলত ধুমুহা-শিলাবৃষ্টিৰ সম্ভাৱনা

author-image
Asomiya Pratidin
New Update
উত্তৰ-পূৰ্বাঞ্চলত ধুমুহা-শিলাবৃষ্টিৰ সম্ভাৱনা

ডিজিটেল ডেস্ক : উত্তৰ-পূব ভাৰতৰ বাবে বতৰ বিজ্ঞান কেন্দ্ৰই বৰ্তমানৰ বতৰৰ পৰিস্থিতি আৰু বতৰৰ আগজাননী দি জাৰি কৰিছে বিশেষ নিৰ্দেশনা। নিৰ্দেশনা অনুসৰি অনাগত সময়ত অসমকে ধৰি উত্তৰ-পূৰ্বাঞ্চলত ধুমুহা, শিলাবৃষ্টি আৰু ধাৰাসাৰ বৰষুণ অহাৰ সম্ভাৱনা থকাৰ কথা উল্লেখ কৰিছে।

Advertisment

বতৰ বিজ্ঞান কেন্দ্ৰই জনোৱা অনুসৰি অৰুণাচল প্ৰদেশ, অসম আৰু মেঘালয়ত পাতলৰ পৰা মধ্যমীয়া বৰষুণ হোৱাৰ সম্ভাৱনা আছে। নাগালেণ্ড, মণিপুৰ, মিজোৰাম আৰু ত্ৰিপুৰাত বিক্ষিপ্ত বৰষুণ হোৱাৰ সম্ভাৱনা আছে।

সেয়েহে উক্ত অঞ্চলসমূহত বসবাস কৰা লোকসকলক সাৱধানতা অৱলম্বন কৰিবলৈ বতৰ বিজ্ঞান কেন্দ্ৰই আহ্বান জনাইছে। কিয়নো কোনো অঞ্চলত মজলীয়া বৰষুণ হোৱাৰ সম্ভাৱনা থাকিলেও ই অধিক তীব্ৰতৰ হোৱাৰ সম্ভাৱনাও নথকা নহয়।

উল্লেখ কৰা প্ৰয়োজন যে, গুৱাহাটী আৰু ইয়াৰ চাৰিওফালৰ অঞ্চলত পাতলীয়া বৰষুণৰ লগতে বজ্ৰপাত অহাৰ সম্ভাৱনা আছে। গুৱাহাটী আৰু আশে-পাশে থকা অঞ্চলসমূহত সৰ্বাধিক তাপমাত্ৰা ২৭° চেণ্টিগ্ৰেড হ'ব বুলি অনুমান কৰা হৈছে। আনহাতে নিম্নতম তাপমাত্ৰা প্ৰায় ১৮° চেণ্টিগ্ৰেড হ'ব বুলি আশা কৰা হৈছে।

Also Read: গুৱাহাটীত আফগানিস্তানৰ হাতত পৰাস্ত ভাৰত

Meteorological Centre Northeast India northeast Rainfall