Advertisment

দুদিনীয়া কাৰ্যসূচীৰে মিজোৰামলৈ ৰাহুল গান্ধী

দুদিনীয়া কাৰ্যসূচীৰে মিজোৰামলৈ ৰাহুল গান্ধী

author-image
Asomiya Pratidin
New Update
দুদিনীয়া কাৰ্যসূচীৰে মিজোৰামলৈ ৰাহুল গান্ধী

ডিজিটেল ডেস্কঃ মিজোৰামত সমাগত বিধান সভা নিৰ্বাচন। অহা ৭ নম্বেৱৰত মিজোৰামত অনুষ্ঠিত হ'ব মিজোৰাম বিধান সভা নিৰ্বাচন। এই নিৰ্বাচনক কেন্দ্ৰ কৰি ইতিমধ্যেই মিজোৰামত আৰম্ভ হৈ গৈছে নিৰ্বাচনী যুঁজ। মিজোৰামত কংগ্ৰেছৰ নিৰ্বাচনী প্ৰচাৰ আৰু অধিক শক্তিশালী কৰাৰ উদ্দেশ্যৰে ১৬ অক্টোবৰত দুদিনীয়া কাৰ্যসূচীৰে মিজোৰামত উপস্থিত হ'ব কংগ্ৰেছ সাংসদ ৰাহুল গান্ধী।

Advertisment

সোমবাৰে ১০ বজাত বিশেষ বিমানেৰে দিল্লীৰ পৰা আহি আগৰতলাত উপস্থিত হ'ব ৰাষ্ট্ৰীয় নেতা গৰাকী। ইয়াৰ পিছতেই ১০.১০ বজাত আগৰতলাৰ পৰা হেলিকপ্টাৰেৰে আইজললৈ যাব ৰাহুল গান্ধী।

১০.৫০ বজাত আইজলত উপস্থিত হ'ব নেতাগৰাকী। ইয়াৰ পৰৱৰ্তী কাৰ্যসূচী ৰূপে পদযাত্ৰাত অংশ গ্ৰহণ কৰিব কংগ্ৰেছ সাংসদ গৰাকীয়ে। ১১.১০ বজাৰ পৰা চানমাৰীৰ পৰা ৰাজ ভৱনলৈ হ'ব এই পদযাত্ৰা। এই যাত্ৰাৰ শেষত ৰাহুল গান্ধীয়ে ৰাজভৱনত ৰাজহুৱা সভাত অংশগ্ৰণ কৰিব।

ইয়াৰ পৰৱৰ্তী কাৰ্যসূচীৰূপে সন্ধিয়া ৫ বজাত আইজলত ছাত্ৰ-ছাত্ৰীৰ পাৰস্পৰিক ক্ৰিয়া-কলাপত অংশগ্ৰহণ কৰিব নেতা গৰাকীয়ে। প্ৰাপ্ত তথ্য অনুসৰি সোমবাৰে আইজাল ক্লাবতে ৰাতি থাকিব ৰাহুল গান্ধী।

দ্বিতীয় দিনাৰ কাৰ্যসূচী আৰম্ভ হ'ব পুৱা ৯.৩০ বজাৰ পৰা। ১৭ অক্টোবৰত পুৱা ৯.৩০ বজাত আইজল ক্লাবত দলীয় নেতাৰ সৈতে বৈঠকত বহিব ৰাষ্ট্ৰীয় নেতাজন। ইয়াৰ পিছতে ১০.৩০ বজাৰ পৰা আইজল ক্লাবত সংবাদমেল সম্বোধন কৰিব।

সংবাদ মেল শেষ কৰি দিনৰ ১২ বজাত আইজলৰ পৰা হেলিকপ্টাৰেৰে লুংলেইলৈ উপস্থিত হ'ব ৰাহুল গান্ধী। ইয়াৰ পিছত ১২.৩৫ বজাৰ পৰা লুংলেইল এখন ৰাজহুৱা সভাত অংশগ্ৰহণ কৰিব আৰু বিয়লি ২.৫০ বজাত হেলিকপ্টাৰেৰে লুংলেইৰ পৰা আগৰতলালৈ উভতিব ৰাহুল গান্ধী। আগৰতলাৰ পৰা ৩.৪৫ বজাত বিশেষ বিমান যোগে উভতিব নেতা গৰাকী।

ৰাহুল গান্ধীৰ এই দুদিনীয়া মিজোৰাম ভ্ৰমণে মিজোৰামত কংগ্ৰেছৰ স্থিতিত নিশ্চয়কৈ প্ৰভাৱ পেলাব বুলি আশা কৰিছে মিজোৰামৰ কংগ্ৰেছ নেতাসকলে।

Also Read: নিৰ্বাচনী বতৰতো বন্ধ MNF ৰ কাৰ্যালয়ঃ ৰাহুল গান্ধীক লৈ ব্যস্ত মিজোৰাম কংগ্ৰেছ...

rahul gandhi MIZORAM ELECTION