/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-10/c9b73f16-47d1-4a7a-8597-ad48964e0f3b/MIZORAM_14.jpg)
নিৰ্বাচনী বতৰতো বন্ধ MNF ৰ কাৰ্যালয়ঃ ৰাহুল গান্ধীক লৈ ব্যস্ত মিজোৰাম কংগ্ৰেছ...
ডিজিটেল সংবাদ মিজোৰামঃ মিজোৰাম বিধানসভাৰ নিৰ্বাচনৰ দিন যিমানেই চমু চাপি আহিছে সিমানেই ৰাজ্যখনত ৰাজনৈতিক দল আৰু প্ৰাৰ্থীৰ মাজত তৎপৰতা বৃদ্ধি পাইছে। নিৰ্বাচনী এই বাতাবৰণৰ মাজতো শনিবাৰে আইজলত থকা এম এন এফৰ মুখ্য কাৰ্যালয় বন্ধ থকাৰ বিপৰীতে কংগ্ৰেছ আৰু আন ৰাজনৈতিক কাৰ্যালয়ত দেখা গ'ল ব্যাপক ব্যস্ততা।
মিজোৰাম প্ৰদেশ কংগ্ৰেছৰ কাৰ্যালয়ৰ পৰাই নিয়ন্ত্ৰণ কৰা হৈছে কংগ্ৰেছৰ নিৰ্বাচনী কুচকাৱাজ। ১৬ অক্টোবৰত ৰাহুল গান্ধী মিজোৰাম ভ্ৰমণলৈ আহিব। তাৰ পূৰ্বে ৰাহুল গান্ধীৰ ভ্ৰমণক সফল কৰি তুলিবলৈ মিজোৰাম কংগ্ৰেছৰ লগতে অসমৰ পৰা অহা কেইবাজনো কংগ্ৰেছ নেতা ব্যস্ত হৈ পৰিছে।
এইবাৰ মিজোৰাম বিধানসভা নিৰ্বাচনৰ ফলাফল সন্দৰ্ভত ৰাজনৈতিক দলবোৰে সফলতাৰ দাবী কৰিলেও মূলতঃ এই নিৰ্বাচনী যুঁজ এম এন এফ আৰু কংগ্ৰেছৰ মাজতেই আৱদ্ধ হৈ থকাৰ সম্ভাৱনাই অধিক।
বিজেপিয়ে ৰাজ্যখনৰ নিৰ্বাচনত প্ৰভাৱ বিস্তাৰ কৰিব বুলি দাবী কৰিলেও খ্ৰীষ্টান ধৰ্মাৱলম্বী লোকৰ প্ৰভাৱ থকা ৰাজ্যখনত বিশেষ সুবিধাজনক স্থিতিত নাই। আইজল নৰ্থ এক, আইজল নৰ্থ দুই এই সমষ্টি দুটাত জেড পি এমৰ প্ৰভাৱহে দেখিবলৈ পোৱা গৈছে।
২০১৮ ৰ নিৰ্বাচনত এম এন এফৰ প্ৰাৰ্থীক ১১৬৫ টা ভোটৰ ব্যৱধানত পৰাস্ত কৰিছিল ভানলা হিয়ানাই। এইবাৰ সমষ্টিটোত প্ৰতিষ্ঠান বিৰোধী ঢৌ দেখিবলৈ পোৱা গৈছে। লাল লেংগ টেংগ সমষ্টিত এইবাৰ কংগ্ৰেছ আৰু এম এন এফৰ মাজতেই মূলতঃ নিৰ্বাচনী যুঁজ সীমাবদ্ধ থাকিব।
অতি কম ভোটৰ ব্যৱধানত সমষ্টিটোত কোনো এজন প্ৰাৰ্থীয়ে শেষ হাঁহি মাৰিবলৈ সক্ষম হ'ব। আন্তঃগাঁথনি, বাট-পথ আদি বিভিন্ন সমস্যাৰ সন্দৰ্ভত শাসকীয় এম এন এফৰ প্ৰতি বহু ভোটাৰ অসন্তুষ্ট হৈ থকা দেখিবলৈ পোৱা গৈছে।
এইবাৰ মিজোৰাম নিৰ্বাচনত দুৰ্নীতি, শৰনাৰ্থী সমস্যা, বিধ্বস্ত বাট, পথ, উন্নয়নমূলক কাম-কাজৰ অভাৱ আদি ইছ্যু লৈ ৰাজনৈতিক দলবোৰে নিৰ্বাচনত জনতাৰ কাষ চাপিছে। সীমান্তবৰ্তী ৰাজ্যখনত নিবনুৱা সমস্যাও এক গুৰুত্বপূৰ্ণ সমস্যা হিচাপে দেখা দিছে।
Also Read: বাবৰ, পাকিস্তানৰ সমৰ্থনত গৌতম গম্ভীৰ সমালোচনা কৰিলে গুজৰাটৰ দৰ্শকক...