/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-09-30/0pq54t61/darul-30.jpg)
দাৰুল উলুম মাদ্ৰাছাৰ উদ্যোগত মাদক দ্ৰৱ্যৰ বিৰুদ্ধে প্ৰতিবাদী সমদল...
ডিজিটেল সংবাদ, দক্ষিণ শালমাৰাঃ মদ, নিচাজাতীয় সামগ্ৰী, ড্ৰাগছকে ধৰি মাদক দ্ৰব্য সেৱনৰ বিৰুদ্ধে আজি চুবুৰীয়া ৰাজ্য মেঘালয়ৰ পশ্চিম গাৰো পাহাৰত দাৰুল উলুম মাদ্ৰাছাৰ উদ্যোগত এক বিশাল প্ৰতিবাদী সমদল উলিওৱা হয়। উল্লেখযোগ্য যে, ৰাজ্যখনৰ পশ্চিম গাৰো পাহাৰ জিলাৰ হেলিডেগঞ্জ আৰক্ষী থানাৰ সহযোগত হেলিডেগঞ্জ-কাশাৰীপাৰা দাৰুল উলুম মাদ্ৰাছাৰ উদ্যোগত আজি দিনৰ প্ৰায় ১১ বজাত ড্ৰাগছ-মাদক দ্ৰব্যৰ বিৰুদ্ধে বিশাল প্ৰতিবাদী সমদল উলিওৱা হয়।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-09-30/1uhhn4zw/c5fba6bd-e67f-4dfc-b94c-0e515f042c6b.jpg)
মাদ্ৰাছাখনৰ দুই শতাধিক ছাত্ৰই হাতে হাতে বেনাৰ আৰু প্লেকাৰ্ড লৈ মাদক দ্ৰব্য বিৰোধী বিভিন্ন শ্লোগানেৰে গাৰো পাহাৰ জিলাৰ আকাশ-বতাহ কপাই তোলা পৰিলক্ষিত হয়। মদ পান ত্যাগ কৰক, ড্ৰাগছ-নিচাজাতীয় দ্ৰব্য সেৱনৰ পৰা বিৰত থাকক, মাদক দ্ৰব্য সেৱন বন্ধ কৰক, বিদ্যালয়ৰ কাষত মাদক দ্ৰব্য বিক্ৰী বন্ধ কৰক আদি শ্লোগানেৰে সাধাৰণ ৰাইজৰ মাজত মাদ্ৰাছাৰ ছাত্ৰ সকলে সজাগতা অনাৰ প্ৰয়াস চলায়।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-09-30/un7qtesr/ddb0dde1-708c-47a1-9da2-46bd558f1c05.jpg)
প্ৰতিবাদকাৰী সকলে লালমাটি এলেকাৰ পৰা প্ৰায় তিনি কিলোমিটাৰ দূৰত থকা অসম-মেঘালয় সীমান্তৱৰ্তী হাটশিঙিমাৰীৰ তিনি আলী বটেৰ তল পৰ্যন্ত পৰিভ্ৰমণ কৰি সমদল বাহিৰ কৰে। লক্ষণীয় যে, হেলিডেগঞ্জ আৰক্ষী থানাৰ মেজৰ এন মেহমুদসহ থানাখনৰ কেবাগৰাকী আৰক্ষী কনিষ্টবলৰ উপৰিও হেলিডেগঞ্জ ভিইচিৰ সম্পাদক বৰাদুল ইছলাম, কাশাৰীপাৰা দাৰুল উলুম মাদ্ৰাছাৰ সম্পাদক ইৰাজুল ইছলাম সহ শিঙিমাৰী এলেকাৰ কেবাগৰাকী জ্যেষ্ঠ আৰু সচেতন লোক এই ড্ৰাগছ বিৰোধী প্ৰতিবাদী মিছিলত অংশগ্ৰহন কৰে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-09-30/sshgddpi/a6e1d8f9-af8b-4213-a7bc-d9ba71b0fbb2.jpg)
মেজৰ এন মেহমুদে সাংবাদিকৰ আগত কয়, ড্ৰাগছ সেৱন বা মাদক দ্ৰব্য সেৱন বন্ধ কৰাৰ ক্ষেত্ৰত আৰক্ষীৰ সমান্তৰাল ভাৱে প্ৰতিজন অভিভাৱকে নিজৰ নিজৰ সন্তানৰ প্ৰতি নজৰ ৰখাটো অতিকৈ জৰুৰী। মেঘালয় ৰাজ্যখন ড্ৰাগছমুক্ত ৰাজ্য গঢ়িবলৈ হলে ৰাজ্যখনৰ প্ৰতিজন অভিভাৱকে এনে বিষয়ৰ ওপৰত গুৰুত্ব প্ৰদান কৰিব লাগিব বুলি হেলিডেগঞ্জ ভিইচিৰ সম্পাদক বৰাদুল ইছলামে মন্তব্য কৰিছে।
মন কৰিবলগীয়া যে, প্ৰথমবাৰৰ বাবে মেঘালয়ত এইদৰে দাৰুল উলুম মাদ্ৰাছা এখনৰ পৰা ড্ৰাগছৰ বিৰুদ্ধে ছাত্ৰ ওলাই অহা বিষয়টো সকলোৰে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে। হেলিডেগঞ্জ এলেকাত ড্ৰাগছৰ প্ৰয়োভৰ ব্যাপক হাৰে বৃদ্ধি পোৱাৰ বাবে মাদ্ৰাছা খনৰ পৰা এই কাৰ্যসূচী হাতত লোৱা বুলি মাদ্ৰাছা পৰিচালনা সমিতিৰ সম্পাদক ইৰাজুল ইছলামে জানিবলৈ দিছে।
Also Read: নতুন দিল্লীত বিশাল পৰিসৰত অনুষ্ঠিত হ'ব বড়ো সাহিত্য সভাৰ প্ৰতিষ্ঠা দিৱস...