/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-11/9d2b86ab-069d-46e0-bc27-9d39c3cb5951/bodo_sahitya_sabha.jpg)
নতুন দিল্লীত বিশাল পৰিসৰত অনুষ্ঠিত হ'ব বড়ো সাহিত্য সভাৰ প্ৰতিষ্ঠা দিৱস...
ডিজিটেল ডেস্কঃ দ্বিতীয় বাৰৰ বাবে দেশৰ ৰাজধানী নতুন দিল্লীত অনুষ্ঠিত হ'বলৈ আগবাঢ়িছে 'বড়ো থুনলাই আফাড' বা 'বড়ো সাহিত্য সভা'ৰ ৭২ সংখ্যক প্ৰতিষ্ঠা দিৱস। অহা ১৫ আৰু ১৬ নৱেম্বৰত বৃহৎ কাৰ্যসূচীৰে দিল্লীত এই প্ৰতিষ্ঠা দিৱসৰ কাৰ্যসূচী অনুষ্ঠিত কৰাৰ প্ৰস্তুতি চলিছে।
উল্লেখ্য যে, পূৰ্বে নতুন দিল্লীত বড়ো সাহিত্য সভাৰ প্ৰতিষ্ঠা দিৱস অনুষ্ঠিত হৈছিল যদিও সেই কাৰ্যসূচী আছিল অনুষ্টুপীয়া। এইবাৰ অতি বিশাল পৰিসৰত এই অনুষ্ঠান অনুষ্ঠিত হ’ব।
ইয়াৰে প্ৰথম দিনৰ কাৰ্যসূচীত ৰাজঘাটৰ পৰা যন্তৰমন্তৰলৈ এক বিশাল সাংস্কৃতিক শোভাযাত্ৰাৰ বাহিৰ কৰা হ’ব। এই সাংস্কৃতিক কাৰ্যসূচীত উত্তৰ পূৰ্বাঞ্চলৰ আটাইকেইখন ৰাজ্যৰে বড়ো জনগোষ্ঠীয় প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰিব।
ইয়াৰ পাছৰ দিনা অৰ্থাৎ ১৬ নৱেম্বৰত মুকলি সভাত অংশগ্ৰহণ কৰিব দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে। তাৰোপৰি বড়ো জনগোষ্ঠীয় বিভিন্ন সংগঠনৰ নেতৃত্বৰ লগতে নিখিল বড়ো ছাত্ৰ সন্থাৰ সভাপতি দ্বীপেন বড়োও এই মুকলি সভাত উপস্থিত থাকিব।
ইফালে এইবাৰ এই প্ৰতিষ্ঠা দিৱসৰ বিদেশৰো বড়ো জনগোষ্ঠীয় প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰিব। জানিব পৰা মতে চুবুৰীয়া ভূটান, নেপাল আৰু বাংলাদেশত থকা বড়ো জনগোষ্ঠীয়ে লোকসকলৰ প্ৰতিনিধিও উপস্থিত থাকিব।
Also Read: আছুৰ জৰুৰী কাৰ্যনিৰ্বাহক সম্পন্নঃ বিপ্লৱ শৰ্মা আয়োগৰ পৰামৰ্শ ৰূপায়ণৰ কাৰ্যপন্থা সন্দৰ্ভত আলোচনা...