মণিপুৰৰ জ্বলি শেষ হোৱা জুইৰ উত্তাপে দহিছে মোডীক !

মণিপুৰৰ জ্বলি শেষ হোৱা জুইৰ উত্তাপে দহিছে মোডীক !
মণিপুৰৰ জ্বলি শেষ হোৱা জুইৰ উত্তাপে দহিছে মোডীক !

ডিজিটেল ডেস্কঃ মণিপুৰৰ হিংসা হ্ৰাস হ’লেও মণিপুৰত জ্বলা জুইকুৰাৰ উত্তাপে এতিয়াও খেদি ফুৰিবলৈ এৰা নাই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক। মণিপুৰ বিষয়ত মৌনতা অৱলম্বন কৰি দেশ, বিদেশৰ বিভিন্ন কাৰ্যসূচীত অংশলোৱা মোডীয়ে এতিয়া মণিপুৰৰ বাবেই বাতিল কৰিবলগীয়া হৈছে নিৰ্বাচনী প্ৰচাৰৰ দৰে কাৰ্যসূচী। মুখ লজ্জা ঢাকিবলৈকে এইদৰে নিৰ্বাচনী প্ৰচাৰৰ কাৰ্যসূচী বাতিল কৰিবলগীয়া হোৱা বিষয়টোৱে বিপদতো পেলাইছে বিজেপি দলটোক।

সমাগত দেশৰ ৫ ৰাজ্যৰ নিৰ্বাচন। এই ৰাজ্যকেইখনৰ নিৰ্বাচনক কেন্দ্ৰ কৰি ৰাজনৈতিক দলসমূহে তীব্ৰ গতিত অব্যাহত ৰাখিছে প্ৰচাৰ অভিযান। মধ্যপ্ৰদেশ, ৰাজস্থান, ছত্তিশগড়, তেলেংগানাৰ লগতে উত্তৰ পূৰ্বাঞ্চলৰ মিজোৰামত অনুষ্ঠিত হ’বলগীয়া এই বিধানসভা নিৰ্বাচনৰ দিন চমু চাপি আহিছে।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীও এই ৰাজ্যকেইখনৰ নিৰ্বাচনক কেন্দ্ৰ কৰি ব্যস্ত হৈ পৰিছে। উত্তৰ পূৰ্বাঞ্চলৰ মিজোৰামক বাদ দি প্ৰধানমন্ত্ৰী মোডীয়ে বাকী চাৰিওখন ৰাজ্যতে নিৰ্বাচনী প্ৰচাৰৰ বাবে তৎপৰ হৈছে। ভ্ৰমণ কৰিছে এই ৰাজ্যকেইখন।

কিন্তু ইয়াৰ বিপৰীতে তেওঁ সপ্ত লক্ষ্মী আখ্যা দিয়া উত্তৰপূৰ্বাঞ্চলৰ মিজোৰামৰ নিৰ্বাচনী প্ৰচাৰৰ বাবে দিন, সময় নিৰ্ধাৰণ কৰিও এই ভ্ৰমণ বাতিল কৰিলে। নিৰ্বাচন আহিলে গা সাতখন আঠখন কৰা প্ৰধানমন্ত্ৰী মোডীৰ মিজোৰামৰ নিৰ্বাচনী প্ৰচাৰত অংশগ্ৰহণ কৰাৰ ইচ্ছা থাকিলেও অংশগ্ৰহণৰ পৰা বিৰত থাকিবলগীয়া হোৱা পৰিস্থিতি এতিয়া সমালোচনাৰ বিষয় হৈ পৰিছে। ৰাজ্যখনৰ বাংলাদেশৰ সীমান্তবৰ্তী মামিত বিধানসভা সমষ্টিত মোডীৰ এক নিৰ্বাচনী সভাৰ সূচী তৈয়াৰ কৰা হৈছিল। কিন্তু শেষ মুহূৰ্তত এই নিৰ্বাচনী প্ৰচাৰ সভা বাতিল কৰা হ'ল।

শেহতীয়াকৈ ৰাহুল গান্ধীৰ মিজোৰাম ভ্ৰমণে দলটোৰ কংগ্ৰেছ কৰ্মীক উৎসাহিত কৰাৰ লগতে শক্তিশালীভাৱে নিৰ্বাচনী প্ৰচাৰত জপিয়াই পৰাৰ সঞ্জিৱনী প্ৰদান কৰাৰ সময়তে প্ৰধানমন্ত্ৰী মোডীয়ে ৰাজ্যখনৰ নিৰ্বাচনী প্ৰচাৰৰ কাৰ্যসূচী বাতিল কৰা বিষয়টো কংগ্ৰেছৰ বাবৈ হৈ পৰিছে ব্ৰহ্মাস্ত্ৰ স্বৰূপ। কংগ্ৰেছে ৰাজ্যখনত এতিয়া প্ৰধানমন্ত্ৰীৰ কাৰ্যসূচী বাতিল হোৱা বিষয়টোক লৈ বিজেপিৰ বিৰুদ্ধে শক্তিশালী প্ৰচাৰ আৰম্ভ কৰিছে।

কংগ্ৰেছৰ সাধাৰণ সম্পাদক জয়ৰাম ৰমেশে এই সন্দৰ্ভত কয়, মণিপুৰ সংঘৰ্ষ আৰু সংকটক লৈ ইমান দিনে নীৰৱতা অৱলম্বন কৰা মোডীয়ে এতিয়া লাজতে মিজোৰাম ভ্ৰমণ বাতিল কৰিলে। তেওঁ এক্সত লিখিছে, ১৮০ দিন ধৰি অশান্ত মণিপুৰলৈ এবাৰলৈও আহিবলৈ সময় নোপোৱা মোডীয়ে যদি চুবুৰীয়া ৰাজ্যত প্ৰচাৰ চলাবলৈ আহে তেন্তে প্ৰশ্ন উত্থাপিত হ'ব। তেওঁ কি মুখেৰে মিজোৰামলৈ আহিব? সেয়ে হয়তো তেওঁ এই ভ্ৰমণ বাতিল কৰিলে।

এনে পৰিস্থিতিত এতিয়া মিজোৰামৰ নিৰ্বাচনত বিজেপি বেকফুটত পৰিছে। ৰাজ্যখনৰ নিৰ্বাচনী প্ৰচাৰত বহুদূৰ আগুৱাই গৈছে কংগ্ৰেছ আৰু শাসকীয় এম এন এফ। এম এন এফে ৰাজ্যখনত আৰম্ভ কৰিছে শৰনাৰ্থীৰ ৰাজনীতি। শৰনাৰ্থীৰ ইছ্যু ৰাজ্যখনত পূৰ্বৰে পৰা আছিল। এই শৰনাৰ্থীসকলৰ হৃদয় জয় কৰিছে শাসকীয় এম এন এফে।

মণিপুৰৰ হিংসা জৰ্জৰ পৰিস্থিতিৰ মাজতে মিজোৰামলৈ আহি আশ্ৰয় গ্ৰহণ কৰি থকা ১২ হাজাৰ কুকি শৰনাৰ্থীৰ প্ৰশংসাক হাঠিয়াৰ কৰি শাসকীয় মিজো নেচনেল ফ্ৰণ্টে ক্ষমতা ধৰি ৰখাৰ চেষ্টা কৰিছে। এই লোকসকলক মিজোৰাম চৰকাৰে খাদ্য, বাসস্থান আদি প্ৰদান কৰিছে।

অন্ধ্ৰপ্ৰদেশ আৰু তামিলনাডুৰ মিছনেৰীসকলেও এই লোকসকললৈ সহায়ৰ হাত আগবঢ়াইছে। ৰাজ্যখনত মণিপুৰ কাণ্ডৰ পূৰ্বৰে পৰা বহু হাজাৰ শৰনাৰ্থীয়ে আশ্ৰয় গ্ৰহণ কৰি আছে। ৰাজ্যচৰকাৰে এই লোকসকলক গেছৰ চিলিণ্ডাৰ পৰ্যন্ত প্ৰদান কৰিছে।

এই শৰনাৰ্থীসকলৰ মাজৰে এজন নেতা জন জোৱে সংবাদ মাধ্যমৰ আগত কয়, আমি মিজোৰাম চৰকাৰৰ প্ৰতি চিৰ কৃতজ্ঞ হৈ থাকিম। কুকি, জোমি, জো, মাৰ, চিন, মিজো একে তেজৰে সম্পৰ্কৰ।মুখ্যমন্ত্ৰী জোৰামথাঙ্গাই সংকটৰ সময়ত দায়িত্ব সহকাৰে আমাৰ (মণিপুৰ), ম্যানমাৰ আৰু বাংলাদেশৰ শৰণাৰ্থীসকলক যিদৰে আকোৱালি লৈছে তাৰ বাবে কোনো প্ৰশংসাই যথেষ্ট নহয়।

৫০,০০০ শৰণাৰ্থীৰ আশীৰ্বাদত জোৰামথাঙ্গাই নিজকে জো-কুকিসকলৰ ৰক্ষক হিচাপে নিজকে তুলি ধৰিছে। উল্লেখ্য যে, জোৰামথাঙ্গাই সমগ্ৰ দেশতে বিয়পি থকা জো-চিন-কুকিসকলক এটা ছাতিৰ তললৈ অনাৰো প্ৰতিশ্ৰুতি দিছে।

মণিপুৰৰ জ্বলি শেষ হোৱা জুইৰ উত্তাপে দহিছে মোডীক !
পথ দুৰ্ঘটনাত চমুৱাগাঁৱৰ ব্যৱসায়ীৰ মৃত্যু

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in