ডিজিটেল সংবাদ, বেবেজীয়া: নগাঁও জিলাৰ বেবেজীয়াৰ উপকণ্ঠ অঞ্চল চমুৱাগাঁৱত সংঘটিত এক পথ দুৰ্ঘটনাই প্ৰাণ কাঢ়িলে অঞ্চলটোৰ এগৰাকী ব্যৱসায়ীৰ। চিকিৎসাধীন অৱস্থাত শেষ নিশ্বাস ত্যাগ কৰা লোকজন হৈছে উৎপল বৰ্মন। চমুৱাগাঁও তিনিআলিৰ এখন ষ্টেশ্যনাৰী দোকানৰ স্বত্বাধিকাৰী গৰাকীয়ে দেওবাৰে সন্ধিয়া ব্যৱসায় সামৰি পথৰ কাষেৰে নিয়মিতভাৱে খোজ কাঢ়ি থকা অৱস্থাতে এখন তীব্ৰ বেগত অহা দুচকীয়া বাহনে প্ৰচণ্ড জোৰেৰে খুন্দা মাৰে। যাৰফলত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় লোকজন।
হাতীচোং-জাজৰি পথত সংঘটিত এই ভয়াবহ পথ দুৰ্ঘটনাত আহত লোকজনক নিশাই নগাঁৱৰ এখন ব্যক্তিগত চিকিৎসালয়ত ভৰ্ত্তি কৰোৱা হয় যদিও সোমবাৰে পুৱা ৯.৩০ বজাত ৫৪ বছৰীয়া লোকজনৰ মৃত্যু হয়। 'মাষ্টৰ' নামেৰে স্থানীয়ভাৱে পৰিচিত ব্যৱসায়ী গৰাকীৰ এই খবৰ বিয়পি পৰাৰ লগে লগে এতিয়া শোকস্তব্ধ হৈ পৰিছে সমগ্ৰ চমুৱাগাঁও অঞ্চল।
মৃত্যুৰ সময়ত পত্নীৰ উপৰিও এগৰাকী কন্যাক ইহ সংসাৰত এৰি থৈ যোৱা লোকজনৰ প্ৰতি শ্ৰদ্ধা জ্ঞাপন কৰি চমুৱাগাঁও তিনিআলি ব্যৱসায়ী সন্থাই সোমবাৰে ব্যৱসায়িক কাম-কাজ বন্ধ ৰাখে । মৰণোত্তৰ পৰীক্ষাৰ অন্তত বিয়লি পথ দুৰ্ঘটনাত নিহত লোকজনৰ শেষকৃত্য সম্পন্ন কৰা হয়।
উল্লেখ্য যে, একাংশ উদণ্ড বাইট চালকৰ দৌৰাত্ম্যৰ বাবেই চলিত বৰ্ষটোত বৃহত্তৰ বেবেজীয়া অঞ্চলৰ কেইবাজনো লোকৰ প্ৰাণহানি হৈছে। আনহাতে মটৰ চাইকেল দুৰ্ঘটনাত আহতও হৈছে অঞ্চলটোৰ একাধিক লোক।