কেৱল মেঘালয়েই নহয় বৰং নাগালেণ্ড, ত্ৰিপুৰাৰ শপত গ্ৰহণ অনুষ্ঠানতো উপস্থিত থাকিব মোডী

কেৱল মেঘালয়েই নহয় বৰং নাগালেণ্ড, ত্ৰিপুৰাৰ শপত গ্ৰহণ অনুষ্ঠানতো উপস্থিত থাকিব মোডী

ডিজিটেল ডেস্ক : নাগালেণ্ড, মেঘালয় আৰু ত্ৰিপুৰাত নতুন মুখ্যমন্ত্ৰীৰ শপতগ্ৰহণ অনুষ্ঠানত উপস্থিত থাকিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী । ৭ মাৰ্চত নাগালেণ্ড আৰু মেঘালয়ত আৰু ৮ মাৰ্চত ত্ৰিপুৰাত নতুন মুখ্যমন্ত্ৰীয়ে শপতগ্ৰহণ কৰিব ।

তথ্য অনুসৰি, ত্ৰিপুৰাৰ বিজেপি চৰকাৰ আৰু নাগালেণ্ড-মেঘালয়ৰ এন ডি এ চৰকাৰৰ পুনৰ গঠনত বিজেপিয়ে উল্লেখনীয় সফলতা হিচাপে গ্ৰহণ কৰিছে । এই বিৰল সাফল্যৰ প্ৰতি লক্ষ্য ৰাখিয়েই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ৭ মাৰ্চত নাগালেণ্ড আৰু মেঘালয়ৰ এন ডি এৰ মুখ্যমন্ত্ৰীৰ আৰু পাচৰ দিনা ত্ৰিপুৰাত বিজেপিৰ মুখ্যমন্ত্ৰীৰ শপতগ্ৰহণত অংশ ল'ব ।

২ মাৰ্চত তিনি ৰাজ্যৰ নিৰ্বাচনী ফলাফল ঘোষণাৰ পাচতে বিজেপিৰ মুখ্য কাৰ্যালয়ত প্ৰধানমন্ত্ৰীয়ে এই মন্তব্য কৰিছিল - উত্তৰ-পূবৰ তিনি ৰাজ্যত বিজেপিৰ সুন্দৰ ফলাফল প্ৰদৰ্শনে গণতন্ত্ৰ আৰু গণতান্ত্ৰিক প্ৰক্ৰিয়াত জনসাধাৰণৰ আস্থাকে পুনৰবাবৰ প্ৰতীয়মান কৰিছে ।

কেৱল মেঘালয়েই নহয় বৰং নাগালেণ্ড, ত্ৰিপুৰাৰ শপত গ্ৰহণ অনুষ্ঠানতো উপস্থিত থাকিব মোডী
দক্ষিণ কামৰূপত ৰাইজে কৰায়ত্ত কৰিলে ড্রাগছ সৰবৰাহকাৰী

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in