মণিপুৰত KYKL উগ্ৰপন্থীৰ পৰা পিষ্টল,গুলি আৰু নগদ ধন জব্দ

মণিপুৰত KYKL উগ্ৰপন্থীৰ পৰা পিষ্টল,গুলি আৰু নগদ ধন জব্দ

ডিজিটৈল সংবাদ, শিলচৰ : চুবুৰীয়া ৰাজ্য মণিপুৰত উগ্ৰপন্থী আৰু ড্ৰাগছৰ বিৰুদ্ধে পৃথক অভিযান চলাই আৰক্ষীয়ে বুজন পৰিমাণৰ হেৰ'ইন আৰু KYKL উগ্ৰপন্থী সংগঠনৰ এজন দুৰ্ধৰ্ষ কেডাৰক গ্ৰেপ্তাৰ কৰিছে। উগ্ৰপন্থীজনৰ পৰা এটা নাইম এম এম পিষ্টল আৰু কিছু নগদ ধনো জব্দ কৰিছে আৰক্ষীয়ে।

মণিপুৰৰ সেনাপতি জিলাত এখন Tata Yodha বাহনত অভিযান চলাই আৰক্ষীয়ে বাহনখনৰ পৰা হেৰ'ইন ভৰ্তি ৩৫ টা চাবোনৰ বাকচ জব্দ কৰে।‌ বাকচ কেইটাৰ পৰা মুঠ ৪২১ গ্ৰাম হেৰ''ইন জব্দ কৰা হয়। হেৰ'ইন সৰবৰাহৰ অভিযোগত এজন ড্ৰাগছ সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰা হয় ।

ইফালে,ইম্ফল পশ্চিম জিলাত চলোৱা আন এক অভিযানত মণিপুৰ আৰক্ষীয়ে KYKLউগ্ৰপন্থী সংগঠনৰ এজন দুৰ্ধৰ্ষ কেডাৰক গ্ৰেপ্তাৰ কৰিছে। উগ্ৰপন্থীজনৰ পৰা ১৬ টা সজীৱ গুলি ভৰ্তি দুটা মেগজিনসহ এটা নাইন‌ এম এম পিষ্টল, নগদ ৯২ হাজাৰ টকা, ৫টা মোবাইল ফোন আৰু এখন বাহন জব্দ কৰিছে। উগ্ৰপন্থীজনে বিভিন্নজনৰ পৰা ধনদাবী ঘটনাত জড়িত আছিল বুলি সদৰি কৰিছে আৰক্ষীয়ে।

মণিপুৰত KYKL উগ্ৰপন্থীৰ পৰা পিষ্টল,গুলি আৰু নগদ ধন জব্দ
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ব্যয়বহুল প্ৰকল্প বিকল : কেইবাদিন ধৰি কাম কৰা নাই কেমেৰা আৰু স্পীড চেন্সৰে

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in