কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ব্যয়বহুল প্ৰকল্প বিকল : কেইবাদিন ধৰি কাম কৰা নাই কেমেৰা আৰু স্পীড চেন্সৰে

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ব্যয়বহুল প্ৰকল্প বিকল : কেইবাদিন ধৰি কাম কৰা নাই কেমেৰা আৰু স্পীড চেন্সৰে

author-image
Asomiya Pratidin
New Update
কাজিৰঙাত দীৰ্ঘদিন ধৰি বিকল কোটিটকীয়া চেনচৰ কেমেৰা

ডিজিটেল সংবাদ,কাজিৰঙা: পুনৰ বিকল হ'ল কাজিৰঙাৰ এনিমেল কৰিড'ৰত স্থাপন কৰা চেন্সৰ কেমেৰা। যোৱা ৩ নবেম্বৰৰ পৰা নিষ্ক্ৰিয় কেমেৰা আৰু স্পীড চেন্সৰ।

Advertisment

উল্লেখ্যে যে বন্যপ্ৰাণীৰ সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখি কাজিৰঙাৰ ৬ টাকৈ এনিমেল কৰিড'ৰত সংস্থাপন কৰা হৈছিল অত্যাধুনিক চেন্সৰ কেমেৰা। প্ৰায় ১৬ কোটি টকা ব্যয়েৰে অপটিকেল কেমেৰা,থাৰ্মল কেমেৰা,স্পীড চেন্সৰ,স্পীড ৰেডাৰকে আদি কৰি ২১ বিধ বিভিন্ন সামগ্ৰী ৬ টাকৈ এনিমেল কৰিড'ৰত সংস্থাপন কৰাৰ বাবে ২০১৮ চনত দায়িত্ব দিয়া হৈছিল "Dithilogic" নামৰ হায়দৰাবাদৰ এটা কোম্পানীক।

কিন্তু আশ্বৰ্যজনকভাৱে সম্প্ৰতি বিকল কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ এই ব্যয়বহুল প্ৰকল্প।কলিয়াবৰৰ ৰাঙলুৰ পৰা বোকাখাতৰ বৰজুৰিৰ মাজত থকা ৰাষ্ট্ৰীয় উদ্যানখনৰ স্পৰ্শকাতৰ ৯ টাকৈ এনিমেল কৰিডৰত গাড়ীৰ গতিবেগ ঘন্টাত ৪০ কি.মি কৰাৰ অৰ্থে এই কেমেৰাসমূহ সংস্থাপন কৰা হৈছিল।

চেন্সৰ কেমেৰাসমূহ Automatic Number Plate Recognizing (ANPR) হোৱাৰ বাবে গাড়ীৰ নম্বৰপ্লেট চিনাক্ত কৰি পৰিবহণ বিভাগৰ জৰিয়তে জৰিমণা বিহাৰ ব্যৱস্থা গ্ৰহণ কৰিছিল ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষই‌। যাৰ বাবে কাজিৰঙাত বহু পৰিমাণে নিয়ন্ত্ৰণলৈ আহিছিল গাড়ীৰ গতিবেগ।

কেৱল ইমানেই নহয় এনিমেল কৰিড'ৰত সংঘটিত হোৱা যিকোনো গতিবিধি,দৃশ্য বন্দী হৈছিল এইসমূহ কেমেৰাত। কিন্তু সকলো এতিয়া পৰিণত হ'ল ফুটুকাৰ ফেনত।হায়দৰাবাদৰ কোম্পানীটোক চোৱাচিতা তথা মেৰামতিৰ বাবদ দিবলগীয়া ধন কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষই মোকোলাই নিদিয়াৰ বাবে এতিয়া প্ৰহসনত পৰিণত হৈছে এই কোটিটকীয়া প্ৰকল্প।

যোৱা ৮ মাহে দৰমহা লাভ নকৰাৰ বাবে হায়দৰাবাদলৈ উভতি হৈছে কোম্পানীটোৰ কৰ্মচাৰী। কাজিৰঙাৰ স্থানীয় দল-সংগঠন তথা সচেতন মহলে ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষৰ এনে দায়িত্বজ্ঞানহীনতাক সমালোচনা কৰিছে‌‌‌।

বানপানীৰ সময়ত এনিমেল কৰিড'ৰত এই কেমেৰাসমূহ পুনৰ সক্ৰিয় নহ'লে বন্যপ্ৰাণী ৰাষ্ট্ৰীয় ঘাইপথ পাৰ হৈ কাৰ্বি পাহাৰলৈ ধাৱমান হ'লে অনিয়ন্ত্ৰিত গাড়ীৰ গতিবেগৰ বাবে মৃত্যুমুখত পৰাৰ পূৰ্ণ সম্ভাৱনা আছে বুলি স্থানীয় সচেতন ৰাইজে মন্তব্য কৰে।

Also Read: ঢকুৱাখনা আউট-নাৰায়ণপুৰ ইন : চৰকাৰৰ প্ৰতি ৰাইজৰ আক্ষেপ প্ৰকাশ

kaziranga national park