কান্ধত ঢোল লৈ বিহুৰ আনন্দ ল'লে অৰুণাচলৰ মুখ্যমন্ত্ৰীয়ে...

ইটানগৰত বসবাস কৰি থকা অসমীয়া লোকসকলৰ প্ৰায় ৬০ জনীয়া ডেকা-বুঢ়া-গাভৰুৰ দল এটাই এঘন্টা ধৰি বিহু প্ৰদৰ্শন কৰে।

author-image
Asomiya Pratidin
New Update
কান্ধত ঢোল লৈ বিহুৰ আনন্দ ল'লে অৰুণাচলৰ মুখ্যমন্ত্ৰীয়ে...

ডিজিটেল সংবাদ, ইটানগৰ : অৰুণাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী পেমা খান্দুৰ অৰুণাচলৰ ৰাজধানী ইটানগৰত থকা বাসভৱন মঙ্গলবাৰৰ নিশা হৈ পৰিল বিহুতলী। ইটানগৰ ৰঙালী বিহু সন্মিলনৰ বিহুৱা দলে মুখ্যমন্ত্ৰী গৰাকীৰ আমন্ত্ৰণ ক্ৰমে সন্ধিয়া হুঁচৰি প্ৰদৰ্শন কৰে। ৰাজধানী চহৰখনত বসবাস কৰি থকা অসমীয়া লোকসকলৰ প্ৰায় ৬০ জনীয়া ডেকা-বুঢ়া-গাভৰুৰ দল এটাই এঘন্টা ধৰি বিহু প্ৰদৰ্শন কৰে।

Advertisment

মুখ্যমন্ত্ৰীৰ বাসভৱন ঢোল-পেঁপা-বিহুগীতৰ শব্দত ৰজনজনাই উঠিল অৰুণাচলৰ প্ৰাণকেন্দ্ৰ। মুখ্যমন্ত্ৰী খান্দুৱেও বিহু নাচি আনন্দ ল'লে কণ কণ নাচনীৰ সৈতে। কান্ধত ঢোল তুলি নিজেও চাব বাই চালে তেওঁ। সেই চেগতে ইটানগৰ ৰঙালী বিহু সন্মিলনৰ সভাপতি পৰমা চুতীয়াই মুখ্যমন্ত্ৰী পেমা খান্দুক বিহুৱান যাচে আৰু ইটানগৰৰ মহিলাসকলে মুখ্যমন্ত্ৰীক বিহুৰ পিঠা প্ৰদান কৰি বিহুৰ ওলগ জনায়।

বিহুৰ আনন্দ লৈ মুখ্যমন্ত্ৰী খান্দুৱে কয় যে, অসম অৰুণাচলৰ মাজত বিহুৰ বতৰতে ঐতিহাসিক সীমা সমস্যা সমাধানৰ চুক্তি স্বাক্ষৰিত হৈছে আৰু অসমৰ বিহুৱে দুটাকৈ গিনিজ বুক অফ ৱৰ্ল্ড ৰেকৰ্ডত নাম অন্তৰ্ভুক্ত কৰিবলৈ সক্ষম হৈছে; তাৰ বাবে তেওঁ উৎফুল্লিত।

Also Read: পঞ্চায়তে পঞ্চায়তে অৰুণোদয় কেলেংকাৰী: এইবাৰ উপায়ুক্তৰ কাষ চাপিল খোদ শাসকীয় বিধায়ক...

pema khandu arunachal govt