অশান্ত মণিপুৰ: ছেৰৌত কুকি উগ্ৰপন্থীৰ বিৰুদ্ধে অপাৰেচন...

মঙলবাৰে পুৱা কাকচিং জিলাৰ ছেৰৌত কুকি উগ্ৰপন্থীৰ আক্ৰমণত সীমান্ত নিৰাপত্তা বাহিনীৰ ১৬৩ বেটেলিয়ন আলফা কোম্পানীৰ এজন জোৱান গুলীত আঘাতপ্ৰাপ্ত হৈ মৃত্যু হোৱাৰ বিপৰীতে ৩৭ আছাম ৰাইফলছৰ দুজন জোৱান গুলীত আহত হয়

author-image
Asomiya Pratidin
New Update
বিশ্বনাথৰ অসম-অৰুণাচল সীমান্তত উত্তেজনা...

ডিজিটেল সংবাদ, বেকাজানঃ মঙলবাৰে পুৱা কাকচিং জিলাৰ ছেৰৌত কুকি উগ্ৰপন্থীৰ আক্ৰমণত সীমান্ত নিৰাপত্তা বাহিনীৰ ১৬৩ বেটেলিয়ন আলফা কোম্পানীৰ এজন জোৱান গুলীত আঘাতপ্ৰাপ্ত হৈ মৃত্যু হোৱাৰ বিপৰীতে ৩৭ আছাম ৰাইফলছৰ দুজন জোৱান গুলীত আহত হয় । নিহত বি এছ এফৰ লোকজন পশ্চিম বংগৰ উত্তৰ ২৪-পাৰগনা নিবাসী মহেন্দ্ৰ যাদৱৰ পুত্ৰ এজন ৰঞ্জিত যাদৱ (৩৬) বুলি জানিব পৰা গৈছে।

Advertisment

আৰক্ষীৰ মতে, কাকচিং জিলাৰ ছেৰৌ প্ৰেকটিকেল হাইস্কুলৰ অস্থায়ী বাংকাৰৰ বাহিৰত থকা ৰঞ্জিত পুৱা প্ৰায় ৪:১৫ বজাত সংঘটিত হয় এই ঘটনা। স্নাইপাৰৰ গুলী ৰঞ্জিতৰ বাওঁ পিঠিত লগা বুলি জানিব পৰা গৈছে। ততাতৈয়াকৈ তেওঁক কাকচিঙৰ চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়। কিন্তু অধিক ৰক্ত ক্ষয়ৰ বাবে তেওঁৰ মৃত্যু হয়।

আহত আছাম ৰাইফলছৰ জোৱান কেইজন অৰুণাচল প্ৰদেশৰ জনৈক গগৈ আৰু চুৰাচান্দপুৰৰ নিউ লামকাৰ টি কে ডিং চিমটে বুলি জানিব পৰা গৈছে । অসম ৰাইফলছ পি আৰ অ’ই এক বিবৃতিত উল্লেখ কৰিছে যে সুগনু আৰু ছেৰৌত একাধিক হিংসা, অগ্নিসংযোগ আৰু গুলীচালনাৰ ফলত বিগত ৪৮ ঘণ্টাত অঞ্চলটোত অতিৰিক্ত সৈন্য পুনৰ নিয়োগ কৰাটো প্ৰয়োজনীয় হৈ পৰিছে।

অতিৰিক্ত সৈন্যসকলক বিস্তৃত এলেকা আধিপত্য অভিযান, এম্বুছ আৰু অগ্নিসংযোগ/হিংসা প্ৰতিৰোধৰ ব্যৱস্থাসমূহ শক্তিশালী কৰাৰ দায়িত্ব দিয়া হৈছিল বুলি ইয়াত উল্লেখ কৰা হৈছে। সুগনু আৰু ছেৰৌ অঞ্চলত অসম ৰাইফলছ, বি এছ এফ আৰু ৰাজ্যিক আৰক্ষীৰ অভিযানৰ ফলস্বৰূপে ৫-৬ জুনৰ নিশা নিৰাপত্তা বাহিনী আৰু বিদ্ৰোহীৰ মাজত গুলীচালনা সংঘটিত হয় ।

জানিব পৰামতে, বিদ্ৰোহীসকলক ওচৰৰ অঞ্চললৈ পলায়ন কৰাত বাধা দিবলৈ নিৰাপত্তা বাহিনীয়ে পৰ্যাপ্ত ব্যৱস্থা গ্ৰহণ কৰিছে। মঙলবাৰে পুৱাৰ ভাগত গুলীচালনা তীব্ৰতৰ হৈ পৰে আৰু তাৰ পিছৰ গুলীচালনাত বি এছ এফৰ এজন জোৱান আহত হয়। আছাম ৰাইফলছৰ দুজন জোৱান গুলীৰ আঘাতত সেনাৰ হেলিকপ্টাৰেৰে ইম্ফলৰ মন্ত্ৰীপুখৰীলৈ লৈ যোৱা হয় ।

এক সূত্ৰই জনোৱা অনুসৰি সেনাৰ অভিযানত বিদ্ৰোহীসকলৰ কিছু হতাহতিৰ ইংগিত পোৱা গৈছে। এই অভিযান স্থলভাগত কৰা হৈছে বুলি লগতে কয়। উপগ্ৰহৰ লাইভ ইমেজৰ সহায়ত চলোৱা প্ৰাথমিক অনুসন্ধানৰ সময়ত অঞ্চলটোৰ পৰা দুটা এ কে ৰাইফল, এটা ৫১ মিমি মৰ্টাৰ, দুটা কাৰ্বাইন, গোলাবাৰুদ, আৰু যুদ্ধৰ দৰে ভঁৰাল উদ্ধাৰ কৰা হয়।

Also Read: বৰফ গলিছেঃ জনজাতিকৰণ সন্দৰ্ভত আহোম সংগঠন-ট্ৰাইবেল সংঘৰে আলোচনা
মন্ত্ৰী পীযুষ হাজৰিকা, ডাঃ ৰনোজ পেগু...

Kuki terrorist