বৰফ গলিছেঃ জনজাতিকৰণ সন্দৰ্ভত আহোম সংগঠন-ট্ৰাইবেল সংঘৰে আলোচনা মন্ত্ৰী পীযুষ হাজৰিকা, ডাঃ ৰনোজ পেগু...

বৰফ গলিছেঃ জনজাতিকৰণ সন্দৰ্ভত আহোম সংগঠন-ট্ৰাইবেল সংঘৰে আলোচনা 
মন্ত্ৰী পীযুষ হাজৰিকা, ডাঃ ৰনোজ পেগু...

ডিজিটেল ডেস্কঃ আহোমসকলৰ জনজাতিকৰণ সন্দৰ্ভত থকা বিবাদ মিমাংসাৰ বাবে মঙলবাৰে আবেলি ২বাজি ৩০ মিনিটত খানাপাৰাস্থিত অসম প্ৰশাসনিক পদাধিকাৰী মহাবিদ্যালয়ত প্ৰথমবাৰৰ বাবে অনুষ্ঠিত হয় এক গুৰুত্বপূৰ্ণ বৈঠক । টাই আহোমসকলৰ ৫টাকৈ সংগঠন আৰু ট্ৰাইবেল সংঘৰ লগতে জনজাতি সংগঠনৰ সমন্বয়ৰক্ষী সমিতিৰ প্ৰতিনিধিৰ উপস্থিতিত অনুষ্ঠিত এই বৈঠকত শিক্ষামন্ত্ৰী ডা০ ৰনোজ পেগু আৰু সামাজিক ন্য়ায় তথা জনজাতিৰ উন্নয়ন মন্ত্ৰী পীযুষ হাজৰিকাৰ মাজত সৌদাহ্য়পূৰ্ণভাৱে এই আলোচনা অনুষ্ঠিত হয় ।

উল্লেখ কৰা প্ৰয়োজন যে, ৬জনগোষ্ঠীৰ জনজাতিকৰণৰ দীৰ্ঘদিনীয়া দাবীৰ সন্দৰ্ভত জনজাতিৰ সংৰক্ষণ ভোগ কৰি অহা আন জনজাতিসকলে দৰ্শাই অহা আপত্তি দূৰ কৰাৰ বাবে মুখ্য়মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশত প্ৰথমবাৰলৈ ট্ৰাইবেল সংঘ আৰু আহোমসকলৰ সংগঠনকলৈ এই আলোচনা অনুষ্ঠিত হৈছিল । কিয়নো কোচ ৰাজবংশী আদিবাসী আদি সংগঠনক জনজাতিৰ মৰ্যদা প্ৰদানৰ বিষয়টোক লৈ ট্ৰাইবেল সংঘৰ বিশেষ আপত্তি নাছিল যদিও তুলনামূলকভাৱে আগবঢ়া আহোমসকলক জনজাতিৰ মৰ্যদা প্ৰদান কৰাৰ ক্ষেত্ৰত পূৰ্বৰে পৰা প্ৰবল বিৰোধীতা আছিল ।

এই বিৰোধীতা আলাপ-আলোচনাৰ মাজেৰে মিমাংসা কৰাৰ বাবেই আজিৰ এই সভা আহ্বান কৰা হৈছিল । আলোচনাৰ অন্তত সংবাদ মাধ্য়মৰ আগত আলোচ্য বিষয় সন্দৰ্ভত অৱগত কৰি মন্ত্ৰী পীযুষ হাজৰিকাই কয় যে, "গুৰুত্বপূৰ্ণ এই বিষয়ক লৈ চলি থকা বিবাদ একে দিনাৰ আলোচনাতে সম্পূৰ্ণ মীমাংসা হোৱাতো অসম্ভৱ যদিও আজিৰ প্ৰথম লানি আলোচনা যথেষ্ট ইতিবাচক আছিল । পৰৱৰ্তী পৰ্যায়ত দুয়ো পক্ষৰ মাজৰ বিবাদ আৰু আশংকা নিশ্চিতভাৱে দূৰ কৰিব পৰা যাব বুলিও আজিৰ আলোচনাৰ জৰিয়তে ধাৰণা কৰিব পৰা হৈছে ।

ইফালে ৬ জনগোষ্ঠীৰ ভিতৰৰে আহোমসকলৰ দৰে আগবঢ়া জনগোষ্ঠীক জনজাতিৰ বাবে থকা বৰ্তমানৰ সংৰক্ষণৰ তালিকাভুক্ত কৰিলে বৰ্তমান এই সুবিধা ভোগ কৰি থকাৰ জনজাতিসকল বিশেষভাৱে ক্ষতিগ্ৰস্ত হ'ব বুলি মন্তব্য কৰে ট্ৰাইবেল সংঘৰ নেতা আদিত্য খাকলাৰীয়ে । তেওঁ কয়, "আমি চৰকাৰক জনজাতিসকলতকৈ আগবঢ়া আহোমসকলক অ' বি চিৰ মৰ্যদাৰ সংৰক্ষণৰ অধিক সুবিধা প্ৰদান আৰু ইয়াৰ বাবে প্ৰয়োজন হ'লে সংবিধানৰ সংশোধনৰ পোষকতা কৰো ।"

এই বিষয়ত আজিৰ আলোচনা সৌহাদ্যপূৰ্ণ বুলি অৱগত কৰি তেওঁ কয়, "বৰ্তমানে সংৰক্ষণৰ সুবিধা ভোগ কৰি অহা জনজাতিসকল ক্ষতিগ্ৰস্ত নোহোৱাকৈ আন জনগোষ্ঠীৰ সা-সুবিধা বৃদ্ধি কৰাৰ ক্ষেত্ৰত তেওঁলোকৰ কোনো আপত্তি নাথাকে ।

উল্লেখযোগ্য যে পূৰ্বে ট্ৰাইবেল সংঘই আহোমসকলক সংৰক্ষণৰ সুবিধা প্ৰদানৰ তীব্ৰ বিৰোধীতা কৰি আহিছিল যদিও আজিৰ আলোচনাত তেওঁলোকে কিছু নমনীয় স্থিতি গ্ৰহণ কৰা পৰিলক্ষিত হয় ।

বৰফ গলিছেঃ জনজাতিকৰণ সন্দৰ্ভত আহোম সংগঠন-ট্ৰাইবেল সংঘৰে আলোচনা 
মন্ত্ৰী পীযুষ হাজৰিকা, ডাঃ ৰনোজ পেগু...
নগাঁও জিলা পুথিভঁড়াল সন্থাৰ ৪১ সংখ্যক প্রতিষ্ঠা দিৱস উদ্যাপন...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in