আফিং খেতিৰ বিৰুদ্ধে যুদ্ধ আৰম্ভ মণিপুৰৰ মুখ্যমন্ত্ৰী এন বীৰেন সিঙৰ

ধ্বংস শ শ বিঘা পপি খেতি
আফিং খেতিৰ বিৰুদ্ধে যুদ্ধ আৰম্ভ মণিপুৰৰ মুখ্যমন্ত্ৰী এন বীৰেন সিঙৰ

ডিজিটেল সংবাদ, ৱাখা : উত্তৰ-পূবৰ অবৈধ আফিং আৰু হেৰ’ইনৰ প্ৰধান উৎস মণিপুৰ। এই কানিখেতিৰ আৰু ড্ৰাগছৰ বিৰুদ্ধে এইবাৰ যুদ্ধ আৰম্ভ কৰিছে মুখ্যমন্ত্ৰী এন বীৰেন সিঙ। বিদ্ৰোহী পৃষ্ঠপোষকতাত মণিপুৰৰ পাহাৰীয়া দুৰ্গম এলেকাত দশকজুৰি গঢ়ি উঠা পপি খেতি উৎখাতত ব্যাপক অভিযান আৰম্ভ কৰিছে মণিপুৰ চৰকাৰে ।

উল্লেখযোগ্য মণিপুৰৰ অনগ্ৰসৰ পাহাৰীয়া জনগোষ্ঠীৰ জীৱিকাৰ প্ৰধান উৎস কানিখেতিৰ পৰা উৎপাদিত হেৰইনে ইতিমধ্যে উত্তৰ পূৰ্বাঞ্চলৰ তথা দেশৰ বিভিন্ন প্ৰান্তত ড্ৰাগছৰ ভয়াবহ জাল পেলাইছে । মণিপুৰৰ পৰা পপি অৰ্থাৎ কানিখেতিৰ বিৰুদ্ধে যুঁজিবলৈ চৰকাৰে ব্যৱহাৰ কৰিছে আইন ।

ইতিমধ্যে ভিতৰত পপি খেতিৰ নেটৱৰ্ক ভাঙি পেলোৱাৰ প্ৰচেষ্টাৰ লগতে পপি খেতিৰ লগত জড়িত ব্যক্তিক গ্ৰেপ্তাৰ আৰু গোচৰ চলোৱা হৈছে। আৰক্ষীয়ে ইয়াৰ লগত গ্ৰেপ্তাৰ কৰা লোকসকলৰ ভিতৰত আছে গাঁওবুঢ়া। আনহাতে আইন প্ৰয়োগৰ উপৰিও মণিপুৰ চৰকাৰে পপি খেতিৰ লগত জড়িত হ’ব পৰা কৃষকসকলৰ বাবে বিকল্প জীৱিকাৰ বাবেও কেইবাটাও কাৰ্যসূচী ৰূপায়ণ কৰিছে।

এই কাৰ্যসূচীসমূহৰ ভিতৰত কৃষকসকলক বিকল্প শস্যৰ খেতিৰ বাবে প্ৰশিক্ষণ আৰু সহায় আগবঢ়োৱাৰ লগতে কৃষকসকলক পপি খেতিৰ পৰা আঁতৰি যোৱাত সহায় কৰিবলৈ আৰ্থিক সাহায্য প্ৰদান কৰিছে সামগ্ৰিকভাৱে মণিপুৰ চৰকাৰে ৰাজ্যখনত পপি খেতিৰ সমস্যাটো সমাধানৰ বাবে কেইবাটাও পদক্ষেপ গ্ৰহণ কৰিছে। ইপিনে কানিখেতিৰ এটা প্ৰত্যাহ্বান হ’ল স্থানীয় জনগোষ্ঠীত গভীৰভাৱে শিপাই থকা বিষয়টো।

আন এটা প্ৰত্যাহ্বান হ’ল পপি খেতি প্ৰায়ে সংগঠিত অপৰাধ আৰু ড্ৰাগছ সৰবৰাহৰ নেটৱৰ্কৰ সৈতে জড়িত হৈ থাকে। যাৰ ফলত চৰকাৰে এই নেটৱৰ্কসমূহ বিঘ্নিত আৰু ভাঙি পেলোৱাত অসুবিধা সৃষ্টি হৈছে । কিন্তু মুখ্যমন্ত্ৰী এন বীৰেন সিঙৰ সাহসী পদক্ষেপে মণিপুৰৰ ড্ৰাগছ নিয়ন্ত্ৰণত কিছু পৰিমাণে প্ৰভাৱ পেলাব ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in