স্কুল ইউনিফৰ্ম যোগানৰ নামত বিটিচিৰ শিক্ষা সঞ্চালকৰ অদ্ভুত নিৰ্দেশনা বাতৰিক কেন্দ্ৰ কৰি তীব্ৰ প্ৰতিক্ৰিয়া...

বিটিচিৰ শিক্ষা সঞ্চালক কাৰ্য্যালয়ৰ কোনো প্ৰতিষ্ঠানক দিয়া হোৱা নাই নিৰ্দেশনা - জগদীশ প্ৰসাদ ব্ৰহ্ম
জগদীশ প্ৰসাদ ব্ৰহ্ম
জগদীশ প্ৰসাদ ব্ৰহ্ম

ডিজিটেল সংবাদ, চিৰাং : স্কুল ইউনিফৰ্ম যোগানৰ নামত বিটিচিৰ শিক্ষা সঞ্চালকৰ অদ্ভুত নিৰ্দেশনাক লৈ অসমীয়া প্ৰতিদিনৰ ডিজিটেল সংস্কৰণৰ বাতৰি প্ৰকাশিত হোৱাৰ পিছত শিক্ষা বিভাগৰ সৈতে জড়িত বিভিন্ন মহলত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে । বিশেষকৈ এই বাতৰিক কেন্দ্ৰ কৰি কোকৰাঝাৰ স্থিত বিটিচিৰ শিক্ষা সঞ্চালকৰ কাৰ্য্যালয়ৰ এক প্ৰকাৰ জোকাৰণিৰ সৃষ্টি কৰে ।

ফলস্বৰূপ আজি এই বাতৰি সংক্ৰান্তত বিটিচিৰ শিক্ষা সঞ্চালক জগদীশ প্ৰসাদ ব্ৰহ্মই তীব্ৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰি কয় যে বিটিচিৰ পূৰ্বৰ চৰকাৰৰ দিনত হয়তো এনেধৰনৰ অদ্ভুত নীতি নিৰ্দেশনাৰে চৰকাৰী বিদ্যালয়ত সামগ্ৰী বা স্কুল ইউনিফৰ্ম যোগানৰ কাম কৰা হৈছিল কিন্তু তেখেতৰ কাৰ্য্যকালত এনেধৰনৰ কামকাজ সম্পূৰ্ণ ৰূপে বন্ধ কৰি দিয়া হৈছে ।

বাতৰিত উল্লেখ কৰা ধৰনে বিটিচিৰ শিক্ষা সঞ্চালকৰ কাৰ্য্যালয়ৰ পৰা খেলৰ সা-সামগ্ৰী, বিজ্ঞানৰ সা-সজুলি আৰু ছাত্ৰ ছাত্ৰীৰ স্কুল ইউনিফৰ্ম যোগান ধৰাৰ কৰ্তৃত্ব লাভ কৰাৰ কথা কৈ বাক্সা জিলাৰ শিমলাগুৰীৰ ব্ৰহ্ম এণ্টাৰপ্ৰাইজৰ গৰাকীয়ে চিৰাং জিলাৰ বিভিন্ন চৰকাৰী বিদ্যালয়ত গৈ সেই অনুমোদন পত্ৰ কৈ ইউনিফৰ্ম যোগান ধৰাৰ কাম আদায় কৰাৰ চেষ্টা কৰি আছে সেই বিষয়টোত তেখেত জ্ঞাত নহয় ।

কাৰণ বিটিচিৰ শিক্ষা বিভাগৰ সঞ্চালকৰ কাৰ্য্যালয়ৰ পৰা চৰকাৰী নীতি বহিঃভূত ভাবে বাক্সা জিলাৰ শিমলাগুৰীৰ ব্ৰহ্ম এণ্টাৰপ্ৰাইজ নামৰ কোনো প্ৰতিষ্ঠানক ছাত্ৰ ছাত্ৰীৰ বাবে স্কুল ইউনিফৰ্ম যোগান ধৰাৰ কোনো নিৰ্দেশনা দিয়া হোৱা নাই বুলি স্পষ্টকৈ জনাই দিয়ে আৰু ব্ৰহ্ম এণ্টাৰপ্ৰাইজৰ গৰাকী জনে যিখন পত্ৰক বিটিচিৰ শিক্ষা সঞ্চালক কাৰ্য্যালয়ৰ পৰা খেলৰ সা-সামগ্ৰী, বিজ্ঞানৰ সা-সজুলি আৰু ছাত্ৰ ছাত্ৰীৰ স্কুল ইউনিফৰ্ম যোগান ধৰাৰ মঞ্জুৰীপ্ৰাপ্ত পত্ৰ বুলি বিভিন্ন বিদ্যালয়ত গৈ প্ৰদৰ্শন কৰি আছে সেয়া আচলতে চৰকাৰী বিদ্যালয় সমূহত সা-সামগ্ৰী বা ইউনিফৰ্ম যোগান ধৰাৰ নিবিদাত অংশগ্ৰহণ কৰিব পৰা প্ৰতিষ্ঠানৰ বিভাগীয় পঞ্জীয়ন পত্ৰ হে । এনেধৰনৰ বিভাগীয় পঞ্জীয়ন পত্ৰ বহু কেইটা প্ৰতিষ্ঠানক দিয়া হৈছে বুলি জানিবলৈ দিয়ে ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in