অচিৰেই ভূ-সমাধিস্থ হ'ব উত্তৰকাশী-নাইনিতাল নগৰী...

অচিৰেই ভূ-সমাধিস্থ হ'ব উত্তৰকাশী-নাইনিতাল নগৰী...

ডিজিটেল ডেস্ক : দেৱভূমি উত্তৰাখণ্ড, সমগ্ৰ দেশৰ পৰা ভক্তপ্ৰাণ ৰাইজ আহে এই দেৱভূমিলৈ । কেৱল এটাই আশা যে, নিজৰ ইষ্ট দেৱতা গৰাকীক মন প্ৰাণ সপি এটি সেৱা জনোৱা । কিন্তু ২০১৩ চনত প্ৰকৃতিৰ ৰোষত পৰি থৰকাছুতি হেৰুৱাইছিল এই উত্তৰাখণ্ডই । প্ৰচণ্ড বৰষুণে লৈ অহা বানে এফালৰ পৰা উটুৱাই লৈ গ'ল উত্তৰাখণ্ডৰ অভিমান, অহংকাৰ ।

কিন্তু এই ভয়ংকৰ পৰিস্থিতিয়েও শিক্ষা দিব নোৱাৰিলে উত্তৰাখণ্ড চৰকাৰক । এতিয়া জলবোমাৰ মাজত আতংকত দিন কটাইছে ৰাজ্যখনৰ বাসিন্দা সকলে । কিয়নো পাহাৰীয়া খৰস্ৰোতা নৈৰ ওপৰত বিগত কেইটামান দশক ধৰি গঢ়ি উঠা ডজনে ডজনে জলবিদ্যুৎ প্ৰকল্পই যে উত্তৰাখণ্ডলৈ ভয়াৱহ বিপদ মাতি আনিছে সেয়া ইতিমধ্যে স্পষ্ট হৈছে । তাৰেই শেহতীয়া উদাহৰণ যোশীমঠ চহৰ । যোশীমঠৰ সমীপতে নিৰ্মাণ কৰা এক ৫২০ মেগাৱাট বিদ্যুৎ শক্তি উৎপাদন কেন্দ্ৰৰ বাবে ক্ৰমাৎ ভূ-পৃষ্ঠলৈ বহি গৈ আছে চহৰখন । একেই অৱস্থা উত্তৰকাশী-নাইনিতালৰো ।

কিন্তু এই প্ৰকল্প সমূহে কেনেদৰে কেন্দ্ৰীয় বন আৰু পৰিৱেশ মন্ত্ৰ্যালয়ৰ অনুমোদন লাভ কৰিলে সেইয়া এতিয়া সন্দেহৰ আৱৰ্তত । ২০১৯ চনত কেন্দ্ৰীয় চৰকাৰে সিদ্ধান্ত লৈছিল যে উত্তৰাখণ্ডত ভৱিষ্যতে কোনো জলবিদ্যুৎ প্ৰকল্প নিৰ্মাণ কৰা নহ'ব । কিন্তু নিজৰেই সিদ্ধান্তৰ বিৰুদ্ধে এতিয়া চৰকাৰ ।

ৰাজ্যখনত সৰ্বমুঠ ২৬ টা জলবিদ্যুৎ প্ৰকল্প আছে । এই আটাইকেইটা জল বিদ্যুৎ প্ৰকল্পই নাইনিতালৰ দৰে জনপূৰ্ণ চহৰকো অতি শীঘ্ৰেই ভূসমাধি কৰিব যে সেইয়া খাটাং ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in