NSCN ৰ ৰোষত বিজেপি নেতা, নগা বিৰোধী মন্তব্যৰ বাবে ভোট নিদিবলৈ আহ্বান

নগা জাতিক ভাৰতীয় বুলি অভিহিত কৰাৰ বাবে এইবাৰ নগা বিদ্ৰোহী সংগঠন এন এছ চি এনৰ ৰোষত পৰিছে নাগালেণ্ডৰ বিজেপিৰ সভাপতি তথা উচ্চ শিক্ষা মন্ত্ৰী টেমজন ইমনা আলং।
NSCN ৰ ৰোষত বিজেপি নেতা, নগা বিৰোধী মন্তব্যৰ বাবে ভোট নিদিবলৈ আহ্বান

ডিজিটেল সংবাদ, বেকাজানঃ নগা জাতিক ভাৰতীয় বুলি অভিহিত কৰাৰ বাবে এইবাৰ নগা বিদ্ৰোহী সংগঠন এন এছ চি এনৰ ৰোষত পৰিছে নাগালেণ্ডৰ বিজেপিৰ সভাপতি তথা উচ্চ শিক্ষা মন্ত্ৰী টেমজন ইমনা আলং।

বৃহস্পতিবাৰে এন এছ চি এন /জিপিআৰ এনে আও অঞ্চলৰ চিএঅ লুনাৱতি জামিৰে জাৰি কৰা এক নিৰ্দেশনা পত্ৰ কোৱা হৈছে যে নাগালেণ্ডৰ মোককচাঙ জিলাৰ আলংটাকি সমষ্টিৰ বিজেপি প্ৰাৰ্থী টেমজন ইমনা আলংঙ আৰ এছ এছ সদস্যই ২০২২ চনত আষ্টাডাম ভাৰত চৰকাৰে নগা ইতিহাস অন্য বুলি স্বীকৃতি দিছিল। কিন্তু বিজেপি সভাপতি টেমজন ইমনা আলঙে ইতিহাস কোনোধৰণে অধ্যয়ন নকৰাকৈয়ে বিধানসভাত নগাসকল ভাৰতীয় বুলি মন্তব্য কৰিছে।

বিজেপি নেতাগৰাকী মন্তব্যৰ বাবে ৩০ নং আলংটাকি সমষ্টিৰ অন্তৰ্গত সকলো নগা গাওঁবাসীক ২০২৩ চনৰ নিৰ্বাচনত ভোট নিদিবলৈ আহবান জনাইছেএন এছ চি এন জিপিআৰএনে । এন এছ চিএনৰ এই নিৰ্দেশনাই নাগালেণ্ড ব্যাপক প্ৰতিক্ৰিয়া সৃষ্টি কৰিছে । ইফালে এন পি এফৰ নেতা কুঝোলুজো আজো নিয়েনুৱে মন জিলাৰ শ্বাংনিউ গাঁৱত এন পি এফৰ সমাৱেশত ভাষণ দি কয় যে, পাৰ্টি নিৰ্বিশেষে আৰু কৰ্তৃপক্ষক উপযুক্ত সন্মান জনাই , ৰাজহুৱাভাৱে এজন নিৰ্দিষ্ট প্ৰাৰ্থী তথা নেতাৰ বিৰুদ্ধে নিৰ্দেশনা জাৰি কৰাটো অসাংবিধানিক কাৰ্য । ই নগা ৰাজনৈতিক বিষয়তো নেতিবাচক প্ৰভাৱ পেলাব পাৰে ।

NSCN ৰ ৰোষত বিজেপি নেতা, নগা বিৰোধী মন্তব্যৰ বাবে ভোট নিদিবলৈ আহ্বান
সপোন বাস্তৱায়িত! মুখ্যমন্ত্ৰীৰ সদিচ্ছাৰ বাবেই নগাঁও চিকিৎসা মহাবিদ্যালয়লৈ স্বীকৃতি

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in