সপোন বাস্তৱায়িত! মুখ্যমন্ত্ৰীৰ সদিচ্ছাৰ বাবেই নগাঁও চিকিৎসা মহাবিদ্যালয়লৈ স্বীকৃতি

নগাঁও বাসীৰ বাবে ভাল খবৰ ৷ নগাঁও চিকিৎসা মহাবিদ্যালয়লৈ অনুমতি ৷ চলিত বৰ্ষৰ পৰা নগাঁও চিকিৎসা মহাবিদ্যালয়ত হ'ব নামভৰ্তি ৷
সপোন বাস্তৱায়িত! মুখ্যমন্ত্ৰীৰ সদিচ্ছাৰ বাবেই নগাঁও চিকিৎসা মহাবিদ্যালয়লৈ স্বীকৃতি

ডিজিটেল সংবাদ,নগাঁও : নগাঁও বাসীৰ বাবে ভাল খবৰ ৷ নগাঁও চিকিৎসা মহাবিদ্যালয়লৈ অনুমতি ৷ চলিত বৰ্ষৰ পৰা নগাঁও চিকিৎসা মহাবিদ্যালয়ত হ'ব নামভৰ্তি ৷ ২০২৩-২০২৪ বৰ্ষৰ পাঠ্যক্ৰমৰ বাবে নামভৰ্তিৰ অনুমতি প্ৰদান কৰিছে এন এম চিয়ে ৷ নতুন দিল্লীৰ নেচনেল মেডিকেল কাউঞ্চিলে প্ৰদান কৰিছে অনুমতি ৷

এই অনুমতিৰ পিছত ৰাজ্যত ১০০ এম বি বি এছ আসন বৃদ্ধি পালে ৷ গুৱাহাটী শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰচিটি অফ হেল্থ চাইঞ্চৰ অধীনত নগাঁও চিকিৎসা মহাবিদ্যালয়ৰ পাঠদান আৰম্ভ হ'ব ৷

নেচনেল মেডিকেল কমিচনৰ মেডিকেল এচেচমেন্ট এণ্ড ৰেটিং বৰ্ডৰ প্ৰতিনিধিয়ে বুধবাৰে নব নিৰ্মিত নগাঁও চিকিৎসা মহাবিদ্যালয়খনি পৰিদৰ্শন কৰিছিল ৷ পৰিদৰ্শনৰ ২৪ ঘন্টা পাৰ নহওঁতে এন এম চিয়ে আনুষ্ঠানিক ভাবে নগাঁৱত চিকিৎসা বিজ্ঞানৰ পাঠ্যক্ৰম আৰম্ভ কৰিবলৈ দিয়াটো এক যোগাত্মক বতৰা ৷

নগাঁওবাসীৰ দীৰ্ঘ দিনীয়া দাবীৰ প্ৰতি সন্মান জনাই মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই ম’হখুলিত চিকিৎসা মহাবিদ্যালয়ৰ কাম দ্ৰুত গতিত চলাই নিয়াত গুৰুত্ব প্ৰদান কৰিছিল ৷ মুখ্যমন্ত্ৰী ড° শৰ্মাৰ সদ্দিচাৰ বাবে নগঞাঁৰ সপোন বাস্তব হ’ল আৰু নগাঁও চিকিৎসা মহাবিদ্যালয়ে আনুষ্ঠানিক স্বীকৃতি লাভ কৰিলে ৷

সপোন বাস্তৱায়িত! মুখ্যমন্ত্ৰীৰ সদিচ্ছাৰ বাবেই নগাঁও চিকিৎসা মহাবিদ্যালয়লৈ স্বীকৃতি
২০২৪ চনত ভাৰতৰ প্ৰধানমন্ত্ৰী হ'ব ৰাহুল গান্ধী! এয়া দেশৰ জনতাৰ মনৰ কথা...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in