ভাৰত-ম্যানমাৰৰ সৈতে শান্তি আলোচনা কৰাৰ পৰিকল্পনা এন এছ চি এন-কেৰ...

ভাৰত-ম্যানমাৰৰ সৈতে শান্তি আলোচনা কৰাৰ পৰিকল্পনা এন এছ চি এন-কেৰ...

ডিজিটেল ডেস্ক : মেজৰ জেনেৰেল আং মাই নেতৃত্বাধীন এন এছ চি এন-কে গোটে ভাৰত আৰু ম্যানমাৰ দুয়ো ৰাষ্ট্ৰৰে আনুষ্ঠানিক শান্তি আলোচনা আৰম্ভ কৰাৰ পৰিকল্পনা ঘোষণা কৰিছে।

আং মাই নেতৃত্বাধীন গোটটেৱে এক বিবৃতিযোগে উল্লেখ কৰে যে, সমগ্ৰ নাগা বসতিপূৰ্ণ অঞ্চলত শান্তি, সমৃদ্ধি আৰু উন্নয়ন নিশ্চিত কৰিবলৈ ভাৰত আৰু ম্যানমাৰৰ সৈতে শান্তি আলোচনা আনুষ্ঠানিকভাৱে আৰম্ভ কৰাৰ উল্লেখ কৰে। এই সন্দৰ্ভত শুকুৰবাৰে এন চি এন-কেৰ অধ্যক্ষ আং মাই, উপাধ্যক্ষ নাইটন কোনিয়াক আৰু সাধাৰণ সম্পাদক কুঘালু মুলাটোনু স্বাক্ষৰিত এক বিবৃতিত কেইবাটাও গুৰুত্বপূৰ্ণ আলোচনাৰ কথা উল্লেখ কৰে।

বিবৃতিটোত উল্লেখ কৰে যে, ভাৰত চৰকাৰৰ সৈতে হ’ব লগা আলোচনাত কেৱল ভাৰতীয় সংবিধানৰ বাহিৰত সাৰ্বভৌমত্ব বা ব্যৱস্থাৰ ওপৰতহে গুৰুত্ব দিয়া হ'ব। লগতে উল্লেখ কৰে যে আং মাই নেতৃত্বাধীন এন এছ চি এন-কে গোটে যিকোনো বেচৰকাৰী সংগঠন, নাগৰিক সমাজগোট, ৰাজনৈতিক দল বা চৰকাৰী সংস্থাৰ সৈতে মোকাবিলা নকৰাৰ স্থিতিও স্পষ্ট কৰে। সংগঠনটোৱে কেৱল মাত্ৰ নাগা সাৰ্বভৌমত্বৰ অভিভাৱক হিচাপে নিজক স্বীকৃতি দিয়ে। ইয়াৰ আধাৰতে সকলো আলোচ্য বিষয় স্থান পাব।

ইয়াৰোপৰি বিবৃতিত কয় যে, নাগাসকলে কেৱল নাগা জাতীয়তাবাদৰ সেৱা কৰিব লাগিব ইয়াৰ অন্যথা আন কোনো নহয়। কিয়নো ইয়াৰ বাবে নাগা জাতীয়তাবাদত ইয়াৰ ভেটি ৰখাৰ কথা উল্লেখ কৰে। যাৰ আধাৰ হৈছে আত্মনিৰ্ভৰশীলতা, সমাজবাদ।

আনহাতে 'নাগালেণ্ড ফৰ খ্ৰাইষ্ট'ৰ বাবে নাগালেণ্ড সন্দৰ্ভতো কেতবোৰ কথা উল্লেখ কৰে। যিটো ১৯৭৫ চনৰ ১১ নৱেম্বৰৰ শ্বিলং চুক্তিৰ পিছত স্থাপিত হৈছিল, যাক সংগঠনটোৱে এন এন চিৰ দ্বাৰা ভাৰত চৰকাৰৰ ওচৰত আত্মসমৰ্পণ হিচাপে বিবেচনা কৰে। সংগঠনটোৱে ১৯৯৭ চনৰ খাপলাং পৰিকল্পনাৰ প্ৰতি ইয়াৰ প্ৰতিশ্ৰুতি দোহাৰি কেতবোৰ গুৰুত্ব আৰোপ কৰে।

এই সম্পৰ্কে বিবৃতিত কয় যে নাগালেণ্ড ফৰ খ্ৰাইষ্টৰ বাবে নাগালেণ্ডৰ পৰিকাঠামোৰ ভিতৰত ক্ষমা আৰু পাহৰি যাওক নীতিৰ অধীনত নাগাসকলৰ মাজত শান্তি আৰু একতাৰ ওপৰত গুৰুত্ব আৰোপ কৰা হ’ব বুলি উল্লেখ কৰে। ইয়াৰ উপৰিও, এন এছ চি এন-কে আৰু চি এন চিয়ে সমগ্ৰ নাগা অধ্যুষিত অঞ্চলত নাগালেণ্ড ফৰ খ্ৰাইষ্টৰ বাবে নাগালেণ্ড এই দৃষ্টিভংগীৰ প্ৰচাৰৰ বাবে সক্ৰিয়ভাৱে কাম কৰিব বুলি বিবৃতিত উল্লেখ কৰে।

ভাৰত-ম্যানমাৰৰ সৈতে শান্তি আলোচনা কৰাৰ পৰিকল্পনা এন এছ চি এন-কেৰ...
নিলামত পানীৰ দৰত বিক্ৰী হ’ল বটলিফ ফেক্টৰীৰ চাহপাত !

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in