নিলামত পানীৰ দৰত বিক্ৰী হ’ল বটলিফ ফেক্টৰীৰ চাহপাত !

গভীৰ অনিশ্চয়তাৰ দিশে ৰাজ্যৰ লাখ লাখ ক্ষুদ্ৰ চাহ খেতিয়ক
নিলামত পানীৰ দৰত বিক্ৰী হ’ল বটলিফ ফেক্টৰীৰ চাহপাত !

ডিজিটেল সংবাদ,গুৱাহাটী : ক্ৰমাৎ অধিক সংকটৰ দিশে গতি কৰিছে অসমৰ চাহ উদ্যোগ। শেহতীয়াকৈ ভাৰতীয় টী ব’ৰ্ডৰ নতুন নিলাম ব্যৱস্থাই বটলিফ ফেক্টৰীসমূহৰ লগতে ৰাজ্যৰ হাজাৰ হাজাৰ ক্ষুদ্ৰ চাহ খেতিয়কক বিপদৰ মুখলৈ ঠেলি দিয়া পৰিলক্ষিত হৈছে।

নতুন নিলাম নীতি অনুসৰি বটলিফ ফেক্টৰীসমূহৰ চাহো নিলামৰ জৰিয়তে বিক্ৰী কৰাৰ ব্যৱস্থা কৰা হৈছে। এই অনুযায়ী যোৱা ২৪ মে’ত হৈ যোৱা নিলামত অসমৰ বটলিফ ফেক্টৰীসমূহৰ দ্বাৰ উৎপাদিত ৩ লাখ ৩৪ হাজাৰ ৯১১ কিলোগ্ৰাম চাহ বিক্ৰী হয়।

অল আসাম টী বটলিফ এছ’চিয়েশ্যনে সদৰী কৰা মতে শেহতীয়া নিলামত বটলিফ ফেক্টৰী উৎপাদিত ৬৪ শতাংশ চাহ পানীৰ দৰত বিক্ৰী হয় আৰু বাকী ৩৬ শতাংশ চাহ নিলামৰ পৰা বাহিৰ কৰা হয়। জানিব পৰা মতে বটলিফ ফেক্টৰীৰ উৎপাদিত চাহ নিলামত প্ৰতি কেজিত মাত্ৰ ১৪৯ টকা দৰত বিক্ৰী হয়।

ফলত এই ফেক্টৰীসমূহে ক্ষুদ্ৰ চাহ খেতিয়কসকলক কিদৰে প্ৰাপ্য আদায় দিব বুলি প্ৰশ্ন কৰিছে। এছ’চিয়েশ্যনৰ কেবাগৰাকী বিষয়ববীয়া তথা বটলিফ ফেক্টৰীৰ গৰাকীয়ে কয় যে যদি নিলামত ১৫০ টকাৰ তলত চাহ বিক্ৰী হয় তেন্তে এজন কৃষকক প্ৰাপ্য আদায় দিয়াটোৱেই অসম্ভৱ হৈ পৰে।

'নিলামত আমাৰ চাহ বিক্ৰী হৈছে ১৪৯ টকাত। ৩৬ শতাংশ চাহ আকৌ নিলামত বিক্ৰীয়েই নহ’ল। মানুহে কয় যে বটলিফ ফেক্টৰীসমূহে উচিত দাম নিদিয়ে, কিন্তু এই ভৰপক সময়ত যদি চাহ পানীৰ দৰত নিলামত বেচিবলগীয়া হয় তেন্তে সেয়া কেনেকৈ সম্ভৱ হ’ব? সেয়ে আমি টী ব’ৰ্ডক সুধিব বিচাৰিছো যে ব’ৰ্ডে অসমৰ চাহ খেতিয়কসকলে উচিত মূল্য পোৱাতো নিবিচাৰে নেকি? আমি উচিত দামত বিক্ৰী কৰিব পাৰিলেহে কৃষককো উচিত দাম আদায় দিব পৰা যাব। এই কথা জানিও টী ব’ৰ্ডে অসমৰ চাহ খেতিয়কসকলক লৈ হেতালি খেলিছে।’-এইদৰে কয় বটলিফ ফেক্টৰীৰ এগৰাকী স্বত্বাধিকাৰীয়ে।

টী ব’ৰ্ডৰ এনে কৃষক বিৰোধী নীতিৰ বাবেই বটলিফ ফেক্টৰীসমূহে ব’ৰ্ডৰ শেহতীয়া নিৰ্দেশ মানি ল’বলৈ অস্বীকাৰ কৰি আহিছে বুলিও এছ’চিয়েশ্যনৰ এটি সূত্ৰই সদৰী কৰিছে। এছ’চিয়েশ্যনৰ সূত্ৰটোৰ মতে নিলামত ১৪৯ টকা দৰত চাহ বিক্ৰী হ’লে এজন খেতিয়কক প্ৰতি কিলোগ্ৰাম কেঁচা চাহপাতৰ বিপৰীতে সামান্য কেইটামান টকাহে দিব পৰা যায়।

এই ধনেৰে ক্ষুদ্ৰ চাহ খেতিয়কসকলে খেতিৰ ধাৰাবাহিকতা বজাই ৰখাতো কোনোপধ্যে সম্ভৱ নহয় বুলিও সময়ে সময়ে মন্তব্য কৰি আহিছে। উল্লেখ্য যে ব’ৰ্ডৰ নতুন নিৰ্দেশনাৰ বিৰোধিতা কৰিয়েই অহা ১ জুনৰ পৰা ৰাজ্যৰ বটলিফ ফেক্টৰীসমূহৰ মালিকসকলে ফেক্টৰীসমূহ বন্ধ ৰখাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।

ইফালে বটলিফ ফেক্টৰীসমূহৰ এনে সিদ্ধান্তৰ ফলত অনিশ্চয়তাত দিন কটাবলগীয়াত পৰিছে ৰাজ্যখনৰ লাখ লাখ ক্ষুদ্ৰ চাহ খেতিয়কে।

নিলামত পানীৰ দৰত বিক্ৰী হ’ল বটলিফ ফেক্টৰীৰ চাহপাত !
ব্যৱসায়ী প্ৰতিষ্ঠান 'গেলেক্সি চিমেন্ট'ৰ ব্যৱসায়ী সমাৰোহ

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in