ম্যানমাৰৰ ছাগাইঙত NSCN(k)ৰ দুই ফৈদৰ মাজত সংঘৰ্ষঃ দুজন কেডাৰ নিহত

নেতৃত্বৰ সংঘাতক লৈ দুটা ফৈদত বিভক্ত হৈ পৰা ম্যানমাৰস্থিত নগা বিদ্ৰোহী সংগঠন এন এছ চি এন কে গোটৰ মাজত দুবাৰকৈ ভীষণ গুলীচালনা ঘটনা সংঘটিত হৈছে।

author-image
Asomiya Pratidin
New Update
ওড়িশাৰ অসম যাত্ৰী নিবাসত আৱদ্ধ অসমৰ ৩৮ গৰাকী তীৰ্থযাত্ৰী…

ডিজিটেল সংবাদ, বেকাজানঃ নেতৃত্বৰ সংঘাতক লৈ দুটা ফৈদত বিভক্ত হৈ পৰা ম্যানমাৰস্থিত নগা বিদ্ৰোহী সংগঠন এন এছ চি এন কে গোটৰ মাজত দুবাৰকৈ ভীষণ গুলীচালনা ঘটনা সংঘটিত হৈছে। জানিব পৰামতে এই সংঘৰ্ষৰ ঘটনাত NSCN(K) য়ুন আঙ (Yoon Aung) গোটৰ ২ জন সদস্যৰ মৃত্যু হৈছে । ম্যানমাৰ ছাগাইঙ প্ৰদেশৰ নগা অধ্যুষিত অঞ্চলত সংঘটিত হোৱা এই সংঘৰ্ষই অঞ্চলটোত অধিক অশান্তিৰ সৃষ্টি কৰিব বুলি স্থানীয় ৰাইজে চিন্তিত হৈ পৰিছে।

Advertisment

এক সূত্ৰই জানিবলৈ দিয়ামতে নেতৃত্বত সংঘাতৰ আৰম্ভণি হৈছিল নেতৃত্বকলৈ । ফলত সেই সংঘাতে পৰিস্থিতিৰ সংঘৰ্ষ পৰ্যায়লৈ গতি কৰে। বৰ্তমানৰ এন এছ চি এন কেৰ নেতা ইউন আঙৰ নেতৃত্বৰ ওপৰত অনাস্থা প্ৰকাশ কৰি বাবে নগা আৰ্মি বেছি ভাগ ইউনিটে আৰু জেনেৰেলসকলে জৰুৰী বৈঠক অনুষ্ঠিত কৰি জেনেৰেল কম চকক নতুন নেতা হিচাপে নিৰ্বাচিত কৰে।

কিন্তু কুওন কিয়াকে এই নতুন নেতাক গ্ৰহণ নকৰি বৰ্তমানৰ নেতা ইউন আঙৰ সৈতে একত্ৰিত হয়। ইয়াৰ পিছত দুয়োটা ফৈদৰ মাজত মুকলি সংঘাত সৃষ্টি হয় আৰু ইউন আউঙে নেতাসকলক সংগঠনৰ পৰা বহিস্কাৰ কৰি দিয়ে। সংগঠনৰ পৰা বহিস্কাৰ পিছত ভাইচ - জেনেৰেল লান ঙাই আৰু জেনেৰেল ড. লেংনেইৰ ফালৰ নতুন গোট গঠন কৰে। ইয়াৰ পিছত গোটৰ মাজত ক্ৰমাৎ উত্তেজনা বৃদ্ধি পোৱাৰ বাবে জেনেৰেল ড. Yon Aung Langnyei - Langnyei গোটৰ সৈতে যুঁজিবলৈ নিৰ্দেশ দি দুবাৰ আক্ৰমণ কৰিবলৈ সৈন্য পঠোৱাৰ ফলত গোটৰ মাজত তীব্ৰ সংঘৰ্ষ আৰু গুলীচালনা হয়। প্ৰাপ্ত খবৰ অনুসৰি প্ৰথম গুলীচালনাত য়ুন আং গোটৰ দুজন সদস্য নিহত হয়। কিন্তু দ্বিতীয় গুলীচালনাত কোনো লোক আহত হোৱাৰ খবৰ পোৱা নাই।

উল্লেখযোগ্য যে ১৯৭৯ চনত এন এছ চি এন খাপলাঙৰ গোটৰ সভাপতি এছ এছ খাপলাঙে নগা নেচনেল কাউন্সিল- এন এন চিত যোগদান কৰি নাগালেণ্ডৰ ফেডাৰেল চৰকাৰৰ সভাপতি হৈছিল। কিন্তু ১৯৮০ চনত এন এন চিৰ সাধাৰণ সম্পাদক থুইংগালেঙ মুইভাৰ সহযোগত তেওঁলোকে এন এছ চি এন গঠন কৰে।

এন এছ চি এন গঠনৰ ৮ বছৰৰ পাছত ১৯৮৮ চনত মুইভাৰ সৈতে মতানৈক্যৰ বাবে ই বিভাজিত হৈ পুনৰ দুটা গোট এন এছ চি কে আই এম & এন এছ চি এন কেত পৰিণত হয়। দুটা ফৈদত বিভাজিত হ’ল কাৰণ মুইভা - মুইভাই ভাৰত চৰকাৰৰ প্ৰস্তাৱৰ পক্ষত থিয় দিছিল আৰু ভাৰতত বিশেষ ৰাজ্য বিচাৰিছিল। খাপলাঙে এই প্ৰস্তাব মানি লোৱা নাছিল । ফলত খাপলাঙ আৰু আইজাক-মুইভা ফৈদত বিভক্ত হৈ পৰে।

উল্লেখযোগ্য যে কিছুদিন বছৰ পূৰ্বে য়ুন আং গোটৰ পৰা বিভাজন হৈ নিকি চুমি আৰু আং মাই-লাং নেইৰ গোটৰ সৃষ্টি হৈছিল।সভাপতি এছ এছ খাংপলা মৃত্যুৰ পিছত তেওঁৰ উত্তৰাধিকাৰীত্ব বিদ্ৰোহী সংগঠনটোৰ নেতা হিচাপে য়ুন আং নেতা হৈ পৰিল। কিন্তু বৰ্তমান গোট পুনৰ বিভাজিত হৈছে। ইফালে ম্যানমাৰ ছাগাইঙ খামতি অঞ্চলত থকা টাগা মুখ্য কাৰ্যালয়ৰ সমীপৰ গাঁৱত এই সংঘৰ্ষৰ চিভা (Siva) নগা গাঁওবাসী চিন্তিত হৈ পৰিছে ।

Also Read: নিশা ব্যৱসায়ীক প্ৰতিস্থানত উদণ্ড যুৱকৰ আক্ৰমন