নিশা ব্যৱসায়ীক প্ৰতিস্থানত উদণ্ড যুৱকৰ আক্ৰমন

ক্ৰমে অৱনতি ঘটিছে নগাঁও চহৰৰ আইন-শৃংখলা পৰিৱেশ ৷ য’তে-ত’তে মাৰপিট, চুৰি-ডকাইতি আদিৰ ঘটনা সংঘটিত হ'ব ধৰিছে ৷

author-image
Asomiya Pratidin
New Update
নিশা ব্যৱসায়ীক প্ৰতিস্থানত উদণ্ড যুৱকৰ আক্ৰমন

ডিজিটেল সংবাদ ,নগাঁও : ক্ৰমে অৱনতি ঘটিছে নগাঁও চহৰৰ আইন-শৃংখলা পৰিৱেশ ৷ য’তে-ত’তে মাৰপিট, চুৰি-ডকাইতি আদিৰ ঘটনা সংঘটিত হ'ব ধৰিছে ৷ দেওবাৰে নিশা চহৰখনৰ ইটাচালি এলেকাত সংঘটিত হোৱা এক ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷

Advertisment

ইটাচালি টাউন আৰক্ষী চকীৰ ওচৰতে থকা শ্ৰী ওম চাই নামৰ ব্যৱসায়িক প্ৰতিস্থানটোত এদল উদণ্ড যুৱকৰ দলে প্ৰচণ্ড মাৰপিটৰ ঘটনা সংঘটিত কৰে ৷ নিশা প্ৰায় ৯ বজাত উদণ্ড যুৱকৰ দল এটি প্ৰতিষ্ঠানটোত উপস্থিত হৈ মাৰপিট আৰম্ভ কৰে ৷ স্বত্বাধিকাৰীক মাৰপিট কৰাৰ লগতে প্ৰতিস্থানৰ সামগ্ৰীৰ ক্ষতিসাধন কৰি উদণ্ড যুৱকৰ দলটো আঁতৰি যায় ৷

মোবাইল মেৰামতিৰ এক ঘটনাক কেন্দ্ৰ কৰি উদণ্ড যুৱকৰ দলটোয়ে চলোৱা আক্ৰমনৰ ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷ যুৱকৰ দলটোয়ে আক্ৰমন চলাই থকাৰ সময়তে স্থানীয় লোক সমবেত হোৱাত আক্ৰমনকাৰী দলটো আঁতৰি যায় ৷

Also Read: তেজপুৰৰ CRPF জোৱানৰ আত্মহনন

Assam police