এন এছ চি এন নিক্কি চুমী গোটৰ ৩সদস্যক অস্ত্ৰসহ আটক

এন এছ চি এন নিক্কি চুমী গোটৰ ৩সদস্যক অস্ত্ৰসহ আটক

ডিজিটেল সংবাদ বেকাজানঃ সেনা আৰক্ষীয়ে চোৰাংচোৱা সূত্ৰৰ খবৰৰ ভিত্তিত আভিযান চলাই এন এছ চি এন খাপলাঙ নিক্কি চুমী গোটৰ ৩ কেডাৰক আটক কৰে।

সেনাই তেওঁলোকৰ হাতৰ পৰা নগালেণ্ডত অস্ত্ৰ-শস্ত্ৰ আৰু গোলাবাৰুদ জব্দ কৰিছে। আটক কৰা কেডাৰ কেইজনৰ হাতত পৰা ০.৩২ কেলিবাৰৰ ৩টা পিষ্টল, গোলাবাৰুদ উদ্ধাৰ হোৱা বুলি জানিব পৰা গৈছে।

তদুপৰি এন এছ চি এন (কে-নিকি)ৰ কেডাৰসকল ধন দাবীকে ধৰি কেইবাটাও অসামাজিক কামত জড়িত আছিল বুলি সূত্ৰই প্ৰকাশ কৰিছে।

এন এছ চি এন নিক্কি চুমী গোটৰ ৩সদস্যক অস্ত্ৰসহ আটক
ডেৰ বছৰীয়া পুত্ৰ সন্তানৰ মাতৃ নিৰুদ্দেশ

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in