ডেৰ বছৰীয়া পুত্ৰ সন্তানৰ মাতৃ নিৰুদ্দেশ

ডেৰ বছৰীয়া পুত্ৰ সন্তানৰ মাতৃ নিৰুদ্দেশ

author-image
Asomiya Pratidin
New Update
ডেৰ বছৰীয়া পুত্ৰ সন্তানৰ মাতৃ নিৰুদ্দেশ

ডিজিটেল সংবাদ, জামুগুৰিহাটঃ জামুগুৰিহটৰ বালিজুৰিৰ এগৰাকী বোৱাৰী তথা এটি পুত্ৰ সন্তানৰ মাতৃ নিৰুদ্দেশৰ ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে অঞ্চলটোত৷ বালিজুৰিৰ খেৰবাৰী গাঁৱৰ বিতনা মাহতো‌ নামৰ যুৱকজনৰ পত্নী কল্পনা ৰায় দেৱীয়ে নিজৰ ডেৰ বছৰীয়া পুত্ৰ সন্তানক ঘৰত এৰি থৈ যোৱা সোমবাৰৰ বিয়লি ‌ ঘৰৰ পৰা ওলাই গৈ আজি পৰ্যন্ত ওভতি নহাত চিন্তিত হৈ পৰিছে পৰিয়ালৰ লোক।

Advertisment

বিভিন্ন ঠাইৰ আত্মীয়ৰ ঘৰত খবৰ কৰিও বোৱাৰী গৰাকীৰ কোনো সন্ধান লাভ নকৰাত উপায়হীন হৈ স্বামী বিতনা মাহতোৱে ইটাখোলা আৰক্ষী চকীত নিৰূদ্দেশ সম্পৰ্কীয় এজাহাৰ দাখিল কৰিছে৷

কোনো সদাশয় ব্যক্তিয়ে কল্পনা ৰায় দেৱীৰ সন্ধান পালে ৮৪৭৪০০৪৬৮৫ নম্বৰৰ ফোনত যোগাযোগ কৰিবলৈ আহ্বান জনাইছে পৰিয়ালৰ লোকসকলে৷

Also Read: টাইম নাই !

missing case