"সুকীয়া নাগা পতাকা আৰু সংবিধান অবিহনে নগা ৰাজনৈতিক সমস্যা সমাধান সম্ভৱ নহয়"- এন এছ চি এন(আই এম)

agrani khabar
agrani khabar

ডিজিটেল সংবাদ, বেকাজানঃ নতুন দিল্লীত ভাৰত-নগা ৰাজনৈতিক আলোচনা চলি থকাৰ মাজতে চূড়ান্ত চুক্তি স্বাক্ষৰত লেহেমীয়া অগ্ৰগতিৰ পৰিপ্ৰেক্ষিতত  এন এছ চি এন-আই এমৰ সংসদ' টাটা'ৰ সদস্যসকলৰ এখন অতি গুৰুত্বপূৰ্ণ পৰামৰ্শমূলক বৈঠক কালি মণিপুৰৰ সেনাপতি জিলাত অনুষ্ঠিত হয়। বৈঠকত সম্প্ৰতি নতুন দিল্লীত চলি থকা নগা ৰাজনৈতিক বিষয়টোৰ ওপৰত শেহতীয়া বিকাশৰ বিষয়ে আলোচনা কৰা হয়।

পুনৰবাৰ নগাসকলৰ চূড়ান্ত চুক্তি আৰু নগা ৰাজনৈতিক সমস্যাৰ সমাধানৰ সন্দৰ্ভত নিজৰ স্থিতি স্পষ্ট কৰি সংগঠনটোৱে কয় যে,  সুকীয়া নাগা পতাকা আৰু সংবিধানৰ অবিহনে নগা ৰাজনৈতিক সমস্যাৰ সমাধান সম্ভৱ নহয়। 

এন এছ চি এন-আই এমৰ সূত্ৰই জানিবলৈ দিয়ামতে, দেওবাৰে সেনাপতি জিলাৰ মায়ংখাঙৰ ইক’লজিকেল পাৰ্কত এন এছ চি এন-আই এমৰ দক্ষিণ মণ্ডলৰ যুটীয়া সংসদ সদস্যৰ পৰামৰ্শমূলক বৈঠক অনুষ্ঠিত হয়। বৈঠকৰ সময়ত ২০১৫ চনৰ ৩ আগষ্টৰ ফ্ৰেমৱৰ্ক এগ্ৰিমেণ্ট অৰ্থাৎ কাঠামো চুক্তিৰ মূল বিষয়টো সদস্যসকলৰ সন্মুখত উত্থাপন কৰা হয়।  এন এছ চি এনৰ সাংসদসকলে ফ্ৰেমৱৰ্ক চুক্তি অনুসৰি  সুকীয়া নাগা পতাকা আৰু সংবিধানৰ অবিহনে  সমাধান নাই বুলি স্পষ্ট কৰে।

উল্লেখযোগ্য যে, এন-আই এমে নগা সমস্যাৰ সমাধানক ফ্ৰেমৱৰ্ক এগ্ৰিমেণ্ট অৰ্থাৎ কাঠামো চুক্তিৰ পৰা আঁতৰাই নিবলৈ আগ্ৰাসী শক্তিৰ সন্মুখীন হৈছে বুলি চৰ্চা চলাৰ বাবে এই গুৰুত্বপূৰ্ণ বৈঠকত অনুষ্ঠিত হৈছে।  বৈঠকত এন এছ চি এন আই এমৰ গৃহমন্ত্ৰী  অৱসৰপ্ৰাপ্ত মেজৰ কেৱে মেৰ’ই  কয় যে, এই সময় হৈছে নগাসকলৰ ঐতিহাসিক ৰাজনৈতিক অধিকাৰ বাবে শক্তিশালী আৰু দৃঢ়প্ৰতিজ্ঞ হৈ থিয় দিয়াৰ।  তেওঁ এন এছ চি এনৰ সদস্যসকলক সোঁৱৰাই দিয়ে যে ১৯৯৭ চনত যুদ্ধবিৰতিৰ পিছত আৰম্ভ হোৱাৰ ভাৰত-নগা ৰাজনৈতিক আলোচনাৰ   জৰিয়তে ২০০২ চনত নগাই ভাৰত চৰকাৰৰ আনুষ্ঠানিক স্বীকৃতি লাভ কৰি নিজৰ ঐতিহাসিক আৰু ৰাজনৈতিক পৰিচয়ক অধিক সুদৃঢ় কৰি তুলিছিল। 

নগাসকলৰ অনন্য ইতিহাস আৰু পৰিস্থিতি স্বীকৃতিৰ পিছত  ২০১৫ চনৰ  ৩ আগষ্টত  প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ উপস্থিতিত ঐতিহাসিক ফ্ৰেমৱৰ্ক এগ্ৰিমেণ্ট অৰ্থাৎ কাঠামো চুক্তিৰ পিছত জটিল পৰিস্থিতিৰ সন্মুখীন হ’বলগীয়া হৈছে।  সেয়ে চুক্তিৰ পক্ষত থিয় দিয়াতো গুৰুত্বপূৰ্ণ বুলি কয়।

এন এছ চি এনৰ  বিত্তমন্ত্ৰী ঝেহোটো আৱোমিয়ে সদস্যসকলক  নগাৰ ৰাজনৈতিক অধিকাৰৰ বাবে যুঁজি থকা সৎ নগা জাতীয় সংগঠন হিচাপে এন এছ চি এনৰ ভাবমূর্তি ৰক্ষা কৰিবলৈ নৈতিক  আৰু অনুশাসন বজাই ৰাখিবৰ বাবে আহ্বান জনায়।  ইফালে নগা আৰ্মিৰ জেনেৰেল আতেমে কয় যে, নগা ৰাজনৈতিক সংগ্ৰামৰ ৰাজনৈতিক দৃঢ়তাই হৈছে মূল চালিকা শক্তি।  ১৯৪৭ চনত স্বাধীনতা ঘোষণাৰ পিছত নগাসকলে ১৯৫২ আৰু ১৯৫৭ চনত একেৰাহে ভাৰতীয় সাধাৰণ নিৰ্বাচন বৰ্জন কৰাৰ সময়ত শান্তিপূৰ্ণ আন্দোলন আৰম্ভ কৰিছিল আৰু  নগাসকলে ভাৰত সংঘত যোগদান কৰিবলৈ অস্বীকাৰ কৰিছিল।

তেওঁ লগতে কয় যে, নগাৰ ৰাজনৈতিক সংগ্ৰামখন নগাসকলৰ নিজৰ অধিকাৰ সাব্যস্ত কৰিব পৰাকৈ ৰাজনৈতিক শক্তিশালী দিশত আগবাঢ়িছে।  বৰ্তমানৰ প্ৰেক্ষাপটৰ  কথা উল্লেখ কৰি জেনেৰেল আটেমে কয় "ইতিহাসে আমাক বিচাৰ কৰিব  আমি আমাৰ অধিকাৰৰ বাবে কেনেকৈ থিয় দিওঁ"।

উল্লেখযোগ্য যে, দেওবাৰে অনুষ্ঠিত পৰামৰ্শমূলক বৈঠকত ২০১৫ চনৰ ৩ আগষ্টৰ কাঠামো চুক্তিৰ মূল বিষয়টো সদস্যসকলৰ সন্মুখত উত্থাপন কৰা হৈছিল। বৈঠকত সকলো সদস্যই ফ্ৰেমৱৰ্ক চুক্তিৰ পক্ষত  থিয় দি কয় "নাগা পতাকা আৰু সংবিধানৰ অবিহনে নগা সমস্যাৰ কোনো সমাধান নাই। গতিকে ভাৰতীয় সংবিধানৰ অধীনত  নগা সমস্যাৰ কোনো সমাধান নাই"।

agrani khabar
ৰাজ্যত বিশ্ব ৰেকৰ্ডৰ জোৱাৰঃ এইবাৰ ওদালগুৰিত গিনিজ ৱৰ্ল্ড ৰেকৰ্ড

Related Stories

No stories found.
logo
Asomiya Pratidin
www.asomiyapratidin.in