ৰাজ্যত বিশ্ব ৰেকৰ্ডৰ জোৱাৰঃ এইবাৰ ওদালগুৰিত গিনিজ ৱৰ্ল্ড ৰেকৰ্ড

ৰাজ্যত বিশ্ব ৰেকৰ্ডৰ জোৱাৰঃ এইবাৰ ওদালগুৰিত গিনিজ ৱৰ্ল্ড ৰেকৰ্ড

ডিজিটেল সংবাদ, ওদালগুৰিঃ বিহু বিশ্ব ৰেকৰ্ডৰ তালিকাত অন্তৰ্ভুক্ত কৰাৰ পাছত এইবাৰ অমৃৎ বৃক্ষ আন্দোলনেৰে বিশ্ব ৰেকৰ্ড গঢ়াৰ লক্ষ্য অসম চৰকাৰৰ। গুৱাহাটীৰ খানাপাৰাৰ পিছত গছ পুলি ৰোপনৰ সৰ্ববৃহৎ গিনিছ ৱৰ্ল্ড ৰেকৰ্ডৰ সাক্ষী হোৱাৰ পথত ওদালগুৰি জিলাবাসী।

জিলাখনৰ অসম-অৰুণাচল সীমান্তৱৰ্তী মাজবাটৰ চিকাৰীডাঙ্গা আৰু ভৈৰৱকুণ্ডত প্ৰায় ১০০০ বিঘা ভূমিত ১০ লক্ষাধিক গছ পুলি ৰোপন কৰি বিশ্ব ৰেকৰ্ডৰ তালিকাত নাম সন্নিৱিষ্ট কৰাৰ প্ৰস্তুতি চলাইছে অসম চৰকাৰ, বিটিচি চৰকাৰ আৰু বনবিভাগে।

২৪ ঘন্টাত এহেজাৰ বিঘা ভূমিত ১০ লক্ষাধিক বৃক্ষৰোপণেৰে গঢ়িব বিশ্ব অভিলেখ।অহা ১৪ চেপ্তেম্বৰত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু বিটিআৰ প্ৰধান প্ৰমোদ বড়োৱে শুভাৰম্ভ কৰিব এই কাৰ্যসূচীৰ । অমৃৎ বৃক্ষ আন্দোলন সফল কৰিবলৈ বন বিভাগ, দল-সংগঠন, স্থানীয় লোক, সচেতন যুৱকৰ লগতে প্ৰায় ২০০০ শ্ৰমিকে দিনে-নিশাই ব্যস্ত হৈ পৰা পৰিলক্ষিত হৈছে। বিটিআৰ চৰকাৰ, ইউপিপিএল-বিজেপি কৰ্মী সকলেও ওতঃপ্ৰোত ভাবে জড়িত হৈ কাৰ্যসূচীটো সফল কৰাৰ চেষ্টা অব্যাহত ৰাখিছে ।

অমৃৎ বৃক্ষ আন্দোলন সফল কৰিবলৈ বন বিভাগ, দল-সংগঠন, স্থানীয় লোক, সচেতন যুৱকৰ লগতে প্ৰায় ২০০০ শ্ৰমিকে দিনে-নিশাই ব্যস্ত হৈ পৰিছে। বিটিআৰ চৰকাৰ, ইউপিপিএল-বিজেপি কৰ্মী সকলেও ওতঃপ্ৰোত ভাবে জড়িত হৈ কাৰ্যসূচীটো সফল কৰাৰ চেষ্টা অব্যাহত ৰাখিছে ।

ৰাজ্যত বিশ্ব ৰেকৰ্ডৰ জোৱাৰঃ এইবাৰ ওদালগুৰিত গিনিজ ৱৰ্ল্ড ৰেকৰ্ড
কাজিৰঙাত বন বিভাগৰ অভিযানত ডাম্পাৰ জব্দ

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in