উত্তৰ-পূৱ পেঞ্চক চিলাটৰ বাবে এক ঐতিহাসিক দিন

উত্তৰ-পূৱ পেঞ্চক চিলাটৰ বাবে এক ঐতিহাসিক দিন

ডিজিটেল সংবাদ, ডিমাপুৰঃ নাগালেণ্ডৰ ডিমাপুৰত 'নাগালেণ্ড পেঞ্চক চিলাট এছ’চিয়েশ্যন'ৰ উদ্যোগত আৰু উত্তৰ-পূব পেঞ্চাক চিলাট ফেডাৰেশ্যনৰ নিৰ্দেশনাত নাগালেণ্ডৰ ডিমাপুৰত ১১ ফেব্ৰুৱাৰী তাৰিখে বিয়লি ৪ বজাৰ পৰা আগন্তুক North East Olympic Games-2024 সন্দৰ্ভত এখন বিশেষ প্ৰস্তুতিমূলক সভা আহ্বান কৰা হয়। এই সভাৰ বিভিন্ন কাৰ্য্যসূচীত নৰ্থ-ইষ্ট পেনচাক চিলাট ফেডাৰেচনৰ অন্তৰ্গত আৰু ইণ্ডিয়ান পেঞ্চাক চিলাট ফেডাৰেচনৰ অধীনৰ উত্তৰ-পূব ৰাজ্যসমূহ ক্ৰমে অসম, অৰুণাচল প্ৰদেশ, নাগালেণ্ড, মণিপুৰ, মেঘালয়, ত্ৰিপুৰা আৰু ছিক্কিম আদি সাতখন ৰাজ্যিক পেঞ্চাক চিলাট এছ’চিয়েশ্যন'ৰ সভাপতি আৰু সম্পাদক সকলৰ মতামত গ্ৰহণ কৰাৰ উপৰিও নৰ্থ-ইষ্ট পেঞ্চাক চিলাট ফেডাৰেচনৰ প্ৰতিষ্ঠাপক সম্পাদক লক্ষ্যজিত দলে, উপ-সভাপতি মৃদুল প্ৰবন জোন, নাগালেণ্ড এছ’চিয়েশ্যন'ৰ সভাপতি খেভিছে ছেমা আৰু সাধাৰণ সম্পাদক দীপ কুমাৰে গঠনমূলক পৰামৰ্শ আগবঢ়ায়।

উল্লেখ্য যে উত্তৰ-পূৱ অলিম্পিক এছ’চিয়েশ্যন'ৰ সিদ্ধান্তুমৰ্মে আগন্তুক 'নৰ্থ-ইষ্ট গেমছ ২০২৪' খনি মাৰ্চ মাহৰ ১৮ ৰ পৰা ২৩ তাৰিখলৈকে নাগালেণ্ড অলিম্পিক এছ’চিয়েশ্যন'ৰ উদ্যোগত নাগালেণ্ডৰ ডিমাপুৰত আয়োজনৰ প্ৰস্তুতি কৰা হৈছে আৰু 'পেঞ্চাক চিলাট' ক্ৰীড়াৰ বাবে ১৯ ৰ পৰা ২১ তাৰিখলৈকে তিনিদিনৰ বাবে ধাৰ্য্য কৰা হৈছে।

উক্ত ক্ৰীড়া মহোৎসৱত মুঠ ১৬ টা বিভিন্ন ক্ৰীড়াক অন্তৰ্ভুক্ত কৰা হৈছে আৰু এইসমূহৰ ভিতৰত 'পেঞ্চাক চিলাট' সমৰ কলা ক্ৰীড়া অন্যতম। 'পেঞ্চাক চিলাট' ৰ অন্তৰ্ভুক্তিয়ে সমগ্ৰ উত্তৰ-পূব ৰাজ্যসমূহৰ পেঞ্চাক চিলাট খেলুৱৈ সকলৰ আনন্দৰ জোৱাৰ তুলিছে বুলি নৰ্থ-ইষ্ট পেনচাক চিলাট ফেডাৰেচনৰ প্ৰতিষ্ঠাপক সম্পাদক লক্ষ্যজিত দলে'এ জনাইছে।

উত্তৰ-পূৱ পেঞ্চক চিলাটৰ বাবে এক ঐতিহাসিক দিন
লালুৰ দলৰ ভোটেৰে বিহাৰত নীতিশৰ NDA ৰ চৰকাৰঃ জয়ী আস্থাভোটত...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in