লালুৰ দলৰ ভোটেৰে বিহাৰত নীতিশৰ NDA ৰ চৰকাৰঃ জয়ী আস্থাভোটত...

লালুৰ দলৰ ভোটেৰে বিহাৰত নীতিশৰ NDA ৰ চৰকাৰঃ জয়ী আস্থাভোটত...

ডিজিটেল ডেস্কঃ বিহাৰ বিধানসভাত আস্থা ভোটত জয়ী হ'ল নীতিশ কুমাৰ। হঠাৎ কংগ্ৰেছ, আৰ জে ডিৰ সংগ ত্যাগ কৰি নীতিশ কুমাৰৰ জে ডি ইউ দলে পুনৰ এন ডি এৰ সৈতে একত্ৰিত হৈ বিহাৰত চৰকাৰ গঠন কৰে।

ইয়াৰ পাছতে আজি আস্থাভোটৰ সন্মুখীন হয় নীতিশ কুমাৰ। এই আস্থাভোটৰ সন্মুখীন হোৱাৰ পূৰ্বে পুনৰ হঠাৎ সলনি হয় বিহাৰৰ ৰাজনীতি। আস্থাভোটৰৰ পূৰ্বে বিধানসভাৰ কক্ষ ত্যাগ কৰে বিৰোধীয়ে। তাৰ পাছতেই ১২৯ টাকৈ ভোট পৰে এন ডি এৰ সপক্ষে।

ফলত নৱমবাৰৰ বাবে বিহাৰৰ মুখ্যমন্ত্ৰী হিচাপে শপতগ্ৰহণ কৰা নীতিশ কুমাৰ আস্থা ভোটত জয়ী হয়। এই আস্থাভোটত নীতিশ কুমাৰৰ সপক্ষে ভোট দিলে লালু প্ৰসাদ যাদৱৰ আৰ জে ডি দলৰ ৩ জনকৈ বিধায়কে।

উল্লেখ্য, আস্থাভোটৰৰ পূৰ্বে তেজস্ব যাদৱে হুংকাৰ দিছিল জে ডি ইউৰ কেইবাজনো বিধায়কে নীতিশৰ বিৰোধিতা কৰিব আৰু তেওঁৰ বিৰুদ্ধে ভোট দিব। তেওঁ এতিয়াও বহু খেল বাকী আছে বুলিও মন্তব্য কৰিছিল।

আস্থাভোটৰ সময়তে তেজস্বী যাদৱে কোৱাৰ দৰেই আকৌ এখন নতুন খেল দেখিবলৈ পালে দেশবাসীয়ে। তেজস্বীয়ে কোৱাৰ দৰে জে ডি ইউৰ বিধায়কে নীতিশৰ বিৰোধিতা কৰাৰ বিপৰীতে আৰ জে ডিৰ ৩ বিধায়কেহে নীতিশৰ চৰকাৰৰ সমৰ্থনত ভোটদান কৰে। এই তিনিও বিধায়কে বিধানসভাৰ কাৰ্যক্ৰম আৰম্ভ হোৱাৰ সময়তে এন ডি এৰ বেঞ্চত গৈ বহি তেওঁলোকৰ স্থিতি স্পষ্ট কৰি দিয়ে।

লালুৰ দলৰ ভোটেৰে বিহাৰত নীতিশৰ NDA ৰ চৰকাৰঃ জয়ী আস্থাভোটত...
ঢকুৱাখনাত বন বিভাগৰ জ্ঞাতসাৰে বনজ সম্পদৰ চোৰাং বেহা...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in