/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-03/45e6131f-d739-4a00-92a7-98cf29661fb6/election_2.jpg)
মুহূৰ্ততে চাওঁক ৩ ৰাজ্যৰ নিৰ্বাচনৰ সবিশেষ তথ্য...
ডিজিটেল ডেস্কঃ জমি উঠিছে ত্ৰিপুৰাৰ নিৰ্বাচন। পুৱাৰে পৰা হৈ থাকো ভোটগণনাত অব্যাহত আছে উত্থান, পতন। শাসনাধিস্ত বিজেপি আৰু কংগ্ৰেছ বাওঁদলৰ মাজৰ যুঁজখন আকৰ্ষণীয় পৰ্যায়ত উপনীত হৈছে।
পুৱাৰ ভাগত ত্ৰিপুৰাত বিজেপিয়ে সৰ্বাধিক আসনত আগবাঢ়ি আছিল যদিও ১০-৩০ বজাৰ পিছত সলনি নিৰ্বাচনৰ দৃশ্যপট। পুৱা ১০.৩০ বজালৈকে অনুষ্ঠিত হোৱা ভোটগণনাৰ ফলাফলত ৬০ খন আসনৰ ফলাফলত ১৮ খনতেই আগবাঢ়ি আছে কংগ্ৰেছ আৰু বাঁওদলৰ প্ৰাৰ্থী ।
বিজেপি আৰু মিত্ৰদলৰ প্ৰাৰ্থী এই পৰ্যন্ত ২৭ খন আসনত আগবাঢ়ি থকাৰ বিপৰীতে তিপ্ৰামথাৰ প্ৰাৰ্থী ১২ খন আসনত আগবাঢ়ি আছে। আনহাতে অন্যান্য প্ৰাৰ্থীয়ে ২ টা সমষ্টিত আগবাঢ়ি আছে ।
উল্লেখ্য যে, ত্ৰিপুৰাত এইবাৰ ৬০ খন আসনৰ ভিতৰত ৫৪ খন আসনত বিজেপিয়ে প্ৰতিদ্বন্দিতা আগবঢ়াইছে। আনহাতে দলটোৱে মিত্ৰদল আই পি এফ টিক ৬ খন আসন এৰি দিছে।
আঞ্চলিক ৰাজনৈতিক দল তিপ্ৰামথাই এইবাৰ প্ৰথমবাৰৰ বাবে ৰাজ্যিক বিধানসভাত অংশগ্ৰহণ কৰিছে। দলটোৱে মুঠ ৪২ খন আসনত প্ৰতিদ্বন্দিতা আগবঢ়াইছে।
চিপিআই(এম), কংগ্ৰেছ, আৰ এছ পি, এ আই এফ বিৰ মিত্ৰজোঁটে ৬০ খন আসন ভগাই লৈছে। চি পি আই এমে ৪৩ খন আসনত প্ৰতিদ্বন্দিতা কৰাৰ বিপৰীতে কংগ্ৰেছে ১৩ খন আসনত আৰু মিত্ৰজোঁটৰ অন্যান্য দলবোৰে এখনকৈ আসনত প্ৰতিদ্বন্দিতা আগবঢ়াইছে।
নিৰ্বাচনী আয়োগৰ তথ্য অনুসৰি মেঘালয়ত আকৌ এই পৰ্যন্ত বিজেপি ৬ খন আসনত আগবাঢ়ি আছে। শাসনাধিস্ত এন পি পি ১৯ খন আসনত আগবাঢ়ি আছে। সেইদৰে কংগ্ৰেছ ৬ খন আসনত আৰু তৃণমূল কংগ্ৰেছ ৫ খনকৈ আসনত আগবাঢ়ি আছে।
একেদৰে জি এন চি ১খন, এইছ এছ পি ডি পি ২খন, কংগ্ৰেছ ৬খন, পি ডি এফ ১ খন, ইউ ডি পি ৮ খন, ভি পি পি ৪খন আৰু অন্যান্য ২ খন আসনত আগবাঢ়ি আছে।
সেইদৰে নাগালেণ্ডত এই পৰ্যন্ত বি জি পি ৪২ খনৰো আসনত আগবাঢ়ি আছে। এন পি এফ ৩ খনত আগবাঢ়ি আছে। অন্যান্য ১৫ খন আসনত আগবাঢ়ি আছে। কংগ্ৰেছ শূন্য হৈ আছে।
#MeghalayaElections | As per official EC trends, CM Conrad Sangma's National People's Party leading on 22 of the total 59 seats so far. Counting of votes still underway, trends on 55 seats known.
BJP and Congress leading on 6 seats each pic.twitter.com/5KSsnt0PRq— ANI (@ANI) March 2, 2023
Also Read: Live Update: উত্তৰ পূবৰ ৩ ৰাজ্যৰ ফলাফল ঘোষণা, ত্ৰিপুৰাত বিজেপিৰ একক সংখ্যাগৰিষ্ঠতা আৰু...