নিৰ্বাচন ভোটগণনাৰ ৫ টা ডাঙৰ খবৰ...

নিৰ্বাচন ভোটগণনাৰ ৫ টা ডাঙৰ খবৰ...

author-image
Asomiya Pratidin
New Update
নিৰ্বাচন ভোটগণনাৰ ৫ টা ডাঙৰ খবৰ...

নিৰ্বাচন ভোটগণনাৰ ৫ টা ডাঙৰ খবৰ...

ডিজিটেল ডেস্কঃ আজি অব্যাহত আছে উত্তৰ পূৰ্বাঞ্চলৰ ৩ ৰাজ্যৰ ভোটগণনা। নাগালেণ্ডত বিজিপিয়ে একক সংখ্যাগৰিষ্ঠতাৰে চৰকাৰ গঠন কৰাটো নিশ্চিত হৈছে। ত্ৰিপুৰাত যদিও বিজেপি আগবাঢ়ি আছে তথাপিও ৰিক্স ল'ব বিচৰা নাই।

Advertisment

বাৰে বাৰে সলনি হৈছে ইয়াৰ দৃশ্যপট। সেয়ে ত্ৰিপুৰাত বিজেপিয়ে তিপ্ৰা মথাৰ লগত মিত্ৰতা স্থাপন কৰিবলৈ সকলো দাবী মানি ল'বলৈ আগ্ৰহী হৈ উঠিছে। অৱশ্যে তিপ্ৰালেণ্ডৰ দাবীক মানি নলয় বুলি স্পষ্ট কৰিছে।

আনহাতে মেঘালয়ত ওলমা চৰকাৰ গঠন হোৱাটো নিশ্চিত।

চাওক, এই মুহূৰ্তলৈকে নিৰ্বাচনৰ ৫ টা ডাঙৰ খবৰ

১ ) নাগালেণ্ডে পালে প্ৰথমগৰাকী মহিলা বিধায়ক

ৰাজ্যগঠন হোৱা ৬০ বছৰ সম্পূৰ্ণ হ'ল। এই ৬০ বছৰত নাগালেণ্ড বিধানসভাত নাছিল এগৰাকীও মহিলা বিধায়ক। কিন্তু এইবাৰ ভংগ হ'ল এই ৰেকৰ্ড। নাগালেণ্ডে এইবাৰ লাভ কৰিলে প্ৰথমগৰাকী মহিলা বিধায়ক। বিজেপিৰ সহযোগী এন ডি পি পিৰ প্ৰাৰ্থী হেকানি জাখালুৱে ডিমাপুৰ-৩ আসনত জয়লাভ কৰিছে। পেছাগত ভাৱে তেওঁ এগৰাকী অধিবক্তা।

২) ২৪ খন আসনৰ ফলাফল ওলাল নাগালেণ্ডত

৬০ খন আসনৰ নাগালেণ্ড বিধানসভাত এই মুহূৰ্তলৈকে মুঠ ২৪ খন আসনৰ ফলাফল ওলাইছে। বিজেপিয়ে ৪ খন, নিৰ্দলীয়ই ৩ খন, লোক জনশক্তি পাৰ্টীয়ে ১ খন, এন পি পিয়ে ২ খন, কংগ্ৰেছে ১খন, এন ডি পি পিয়ে ১১ খন আসন আৰু ৰিপাব্লিকান পাৰ্টি অফ ইণ্ডিয়াই ২ খন আসনত বিজয় সাব্যস্ত কৰিছে।

৩) ত্ৰিপুৰাত বিজেপিয়ে পালে ১৫ খন আসন

ত্ৰিপুৰা বিধানসভাত সংখ্যাগৰিষ্ঠতাৰ বাবে প্ৰয়োজন ৩১ খন আসন। বিজেপিয়ে এই মুহূৰ্তলৈ লাভ কৰিলে ১৫ খন আসন। দলটো আগবাঢ়ি আছে আন ১৮ খন আসনত। অৰ্থাত বিজেপি মুঠ ৩৩ খন আসনত অগ্ৰতি লাভ কৰিছে।

৪) তিপ্ৰা মথাৰ দখলত ৭ খন আসন

ত্ৰিপুৰা বিধানসভা নিৰ্বাচনত প্ৰথমবাৰৰ বাবে প্ৰতিদ্বন্দিতা আগবঢ়োৱা তিপ্ৰা মথাই এই মুহূৰ্তলৈ ৭ খন আসন দখল কৰিছে। দলটো আন ৫ খন আসনত আগবাঢ়ি আছে। দলটোৱে অতি কমেও ১০ খন আসন লাভ কৰাৰ সম্ভাৱনা আছে।

৫) মেঘালয়ৰ ওলাল ১৬ খন আসনৰ ফলাফল

মেঘালয়ত তৃণমূল কংগ্ৰেছে ১ খন, এইছ এছ পি ডি পিয়ে ১খন, নিৰ্দলীয়ই ২ খন, কংগ্ৰেছে ১ খন, এন পি পিয়ে ৫ খন, ইউ ডি পিয়ে ৫ খন, ভি পি পিয়ে ১ খন আসনত বিজয় সাব্যস্ত কৰিছে।

Also Read: Live Update: উত্তৰ পূবৰ ৩ ৰাজ্যৰ ফলাফল ঘোষণা, ত্ৰিপুৰাত বিজেপিৰ একক সংখ্যাগৰিষ্ঠতা আৰু...

মেঘালয় নিৰ্বাচন নাগালেণ্ড ত্ৰিপুৰা