এতিয়াৰ পৰা কাম নকৰিলে দৰমহা লাভ নকৰে চৰকাৰী কৰ্মচাৰীয়ে!

চৰকাৰী কৰ্মচাৰীৰ ওপৰত কাৰ্যকৰী হ'ব 'নো ৱাৰ্ক নো পে' নিয়ম।অৰ্থাৎ কাৰ্যালয়লৈ নাহিলে নাপাব দৰমহা।

author-image
Asomiya Pratidin
New Update
এতিয়াৰ পৰা কাম নকৰিলে দৰমহা লাভ নকৰে চৰকাৰী কৰ্মচাৰীয়ে!

ডিজিটেল ডেস্কঃ চৰকাৰী কৰ্মচাৰীৰ ওপৰত কাৰ্যকৰী হ'ব 'নো ৱাৰ্ক নো পে' নিয়ম।অৰ্থাৎ কাৰ্যালয়লৈ নাহিলে নাপাব দৰমহা। সকলো প্ৰশাসনিক সচিবক চৰকাৰী কৰ্মচাৰীৰ তথ্য দিবলৈ  নিৰ্দেশ দিছে মণিপুৰ চৰকাৰে। এই সন্দৰ্ভত চৰকাৰৰ তৰফৰ পৰা এক জাননী জাৰি কৰা হৈছে। বৰ্তমান মণিপুৰৰ বিদ্যমান পৰিস্থিতিত কোনসকল কৰ্মচাৰী কাৰ্যালয়ত উপস্থিত নাই সেই সন্দৰ্ভত তথ্য সংগ্ৰহ কৰিব চৰকাৰে।

Advertisment

উল্লেখ্য যে, মণিপুৰত প্ৰায় এক লাখ চৰকাৰী কৰ্মচাৰী আছে। এই সকলো কৰ্মচাৰীৰ বিৱৰণ দাখিল কৰিবলৈ প্ৰশাসনিক সচিবক নিৰ্দেশ দিছে চৰকাৰে। বিৱৰণত থাকিব লাগিব কৰ্মচাৰীৰ পদবী, নাম, ই.আই.এন, বৰ্তমানৰ ঠিকনা আদি। যি সকল কৰ্মচাৰী কাৰ্যালয়ত উপস্থিত নাই সেই সকলৰ বিৰুদ্ধে ২৮ জুনৰ ভিতৰত ব্যৱস্থা লোৱা হ'ব।

২৬ জুনৰ দিনা জিএডিৰ সচিব মাইকেল একমে জাৰি কৰিছে এই বিজ্ঞপ্তি। কোৱা হৈছে, "১২ জুনত মুখ্যমন্ত্ৰীৰ অধ্যক্ষতাত অনুষ্ঠিত বৈঠকত লোৱা সিদ্ধান্ত আৰু গ্ৰহণ কৰা ব্যৱস্থা অনুসৰি সকলো কৰ্মচাৰীয়ে সাধাৰণ প্ৰশাসন বিভাগৰ পৰা তেওঁলোকৰ দৰমহা লাভ কৰি আছে। মণিপুৰ সচিবালয়ক ইয়াৰ দ্বাৰা জনোৱা হয় যে অনুমোদিত ছুটি অবিহনে যিসকল চৰকাৰী কৰ্মচাৰীয়ে কৰ্তব্য পালন কৰা নাই তেওঁলোকক দৰমহা দিয়া নহ'ব।"

 ৩ মে'ৰ পৰা মণিপুৰত আৰম্ভ হৈছে গোষ্ঠীগত সংঘৰ্ষ। এই সংঘৰ্ষত এতিয়ালৈকে বহুলোকৰ প্ৰাণহানি হোৱাৰ লগতে বহু আহতও হৈছে। এতিয়াও শাম কটা নাই এই সংঘৰ্ষৰ। মণিপুৰত শান্তিমূলক বাতাবৰণ ঘূৰাই আনিবলৈ চৰকাৰে চেষ্টা চলাইছে যদিও এতিয়ালৈকে সম্ভৱ হৈ উঠা নাই। যাৰ বাবে চৰকাৰে এই ব্যৱস্থা গ্ৰহণ কৰিছে।

Also Read: মণিপুৰত ১২ টা বাংকাৰ উৎখাতঃ অসমৰ পৰা সুৰা সৰাবৰাহৰ অপৰাধত এজনক গ্ৰেপ্তাৰ...

manipur