কাজিৰঙাত ৭,৭০০ কোটি, পথ উন্নয়নৰ বাবে ৬০০ কোটি, সেতু বন্ধনৰ বাবে ২০০ কোটি টকাৰ পেকেজ ঘোষণা কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰীৰ

কাজিৰঙাত ৭,৭০০ কোটি, পথ উন্নয়নৰ বাবে ৬০০ কোটি, সেতু বন্ধনৰ বাবে ২০০ কোটি টকাৰ পেকেজ ঘোষণা কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰীৰ

ডিজিটেল ডেস্কঃ উত্তৰ-পূৰ্বাঞ্চলৰ ভ্ৰমণ সূচীৰে সোমবাৰে গুৱাহাটীত উপস্থিত হোৱা কেন্দ্রীয় পথ পৰিবহণ আৰু ঘাইপথ মন্ত্রী নীতিন গাডকাৰীয়ে মঙলবাৰে গুৱাহাটীস্থিত ৰেডিচন ব্লু হোটেলত এখন সংবাদমেল সম্বোধন কৰে। সংবাদ মেলত কেন্দ্ৰীয় মন্ত্ৰীগৰাকীক সংগ দিয়ে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

সংবাদমেল সম্বোধন কৰি নীতিন গাডকাৰীয়ে উত্তৰ-পূৰ্বাঞ্চলৰ উন্নয়ন সন্দৰ্ভত কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰে। মন্ত্ৰীগৰাকীয়ে কয় যে, ২০২৪ৰ আগত উত্তৰ-পূৰ্বাঞ্চলৰ ৰাষ্ট্রীয় ঘাইপথ আমেৰিকাৰ দৰে উন্নত হ’ব। অসমত বৰ্তমানলৈকে ১ লাখ কোটি টকাৰ কাম কৰা হৈছে। ২-৩ বছৰীয়া প্রকল্পসমূহৰ কাম ২০২৪ৰ আগত সম্পূৰ্ণ কৰাৰ বাবে নিৰ্দেশ দিয়া বুলিও কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে সংবাদ মেল যোগে জনায়। ইয়াৰ লগতে জানুৱাৰীৰ পৰা ৰিং ৰোডৰ কাম আৰম্ভ কৰা হ’ব বুলিও মন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে।

অসমত পৰ্যটনৰ যথেষ্ট সম্ভাৱনা আছে বুলি উল্লেখ কৰি কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে জনাই যে, পৰ্যটন খণ্ডৰ উন্নতিৰ বাবে কাজিৰঙাত ৭,৭০০ কোটি খৰচেৰে ৩৫ কিলোমিটাৰ এলিভেটেড কৰিড’ৰ নিৰ্মাণ কৰা হ'ব। গুৱাহাটী মহানগৰীৰ কামাখ্যা ধামলৈ ৰ’পৱেৰ ব্যৱস্থা কৰা হ’ব বুলিও মন্ত্ৰীগৰাকীয়ে জনায়।

মঙলবাৰৰ সংবাদ মেলতে অসমৰ পথ উন্নয়নৰ বাবে ৬০০ কোটিৰ পেকেজ ঘোষণা কৰে কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰীয়ে। লগতে সেতু বন্ধনৰ বাবে ২০০ কোটি টকাৰ পেকেজো ঘোষণা কৰে।

অসমৰ অৰ্থনৈতিক ক্ষেত্রত বাঁহৰ গুৰুত্ব আছে বুলি আছে উল্লেখ কৰি মন্ত্ৰীগৰাকীয়ে কয় যে, অসমত ইতিমধ্যেই বাঁহৰ পৰা ইথানল বনোৱাৰ কাম আৰম্ভ হৈছে। অসমৰ ৰাজপথত ক্ৰেচ বেৰিয়াৰ বনোৱাৰ পৰিকল্প কৰি থকা বুলিও মন্ত্ৰীগৰাকীয়ে সংবাদমেলত জনায়।

অসম ৰাজ্যিক পৰিবহণ নিগমত মিথানেলৰ গাড়ী ব্যৱহাৰৰ ব্যৱস্থাৰ কৰাৰ লগতে কামাখ্যালৈ স্কাই বাছৰ ব্যৱস্থা কৰিবলৈও মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাক আহ্বান জনাই কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে। লগতে উত্তৰ-পূবৰ সকলো পথ চিমেণ্টেৰে নিৰ্মাণ কৰা হ’ব বুলিও নীতিন গাডকাৰীয়ে সংবাদমেলত উল্লেখ কৰে।

উত্তৰ পূৰ্বাঞ্চল আৰু অসম উন্নতিৰ দিশে আগবাঢ়ি গৈছে বুলি উল্লেখ কৰি কেন্দ্ৰীয় মন্ত্ৰগৰাকীয়ে কয় যে, উজনিত এক্সপ্ৰেছ হাইৱেৰ পৰ্যায়ত নিৰ্মাণ কৰা হ’ব’ ৰাষ্ট্রীয় ঘাইপথ আৰু এই কামৰ দায়িত্ব ভাৰতীয় ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণক দিয়া হ’ব।

উত্তৰ পূৰ্বাঞ্চলৰ বাকী ৰাজ্যসমূহৰ সন্দৰ্ভত মন্ত্ৰীগৰাকীয়ে কয় যে, মেঘালয়, নাগালেণ্ডত পথ নিৰ্মাণৰ বাবে ভূমি অধিগ্রহণত কিছ অসুবিধা আছে। ভূমি অধিগ্রহণৰ ক্ষেত্রত কিছু কাম কৰিবলগীয়া আছে।

অসমৰ ৰাজপথত টোলগেটৰ বিপৰীতে বেলেগ সুবিধা নাই বুলি উল্লেখ কৰি শীঘ্রেই সুবিধা কৰি দিবলৈ সংশ্লিষ্ট বিষয়াক নিৰ্দেশ দিয়ে কেন্দ্রীয় মন্ত্রীগৰাকীয়ে।

 কাজিৰঙাত ৭,৭০০ কোটি, পথ উন্নয়নৰ বাবে ৬০০ কোটি, সেতু বন্ধনৰ বাবে ২০০ কোটি টকাৰ পেকেজ ঘোষণা কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰীৰ
মহানগৰীত উদ্ধাৰ অৰ্ধগলিত মৃতদেহ

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in