মণিপুৰৰ বিষ্ণুপুৰত সংঘটিত বিস্ফোৰণত জড়িত আন এটা অভিযুক্তক গ্ৰেপ্তাৰ...

মণিপুৰৰ বিষ্ণুপুৰত সংঘটিত বিস্ফোৰণত জড়িত আন এটা অভিযুক্তক গ্ৰেপ্তাৰ...
মণিপুৰৰ বিষ্ণুপুৰত সংঘটিত বিস্ফোৰণত জড়িত আন এটা অভিযুক্তক গ্ৰেপ্তাৰ...

ডিজিটেল ডেস্কঃ চলিত বছৰৰ ২১ জুনত মণিপুৰৰ বিষ্ণপুৰ জিলাত সংঘটিত হোৱা বোমা বিস্ফোৰণৰ সৈতে জড়িত আন এজন অভিযুক্তক বৃহস্পতিবাৰে ৰাষ্ট্ৰীয় তদন্তকাৰী সংস্থা চমুকৈ নিয়াই গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে। নিয়াৰ হাতত গ্ৰেপ্তাৰ হোৱা এই অভিযুক্তজনৰ নাম মহম্মদ ইছলামুদ্দিন খান।

নিয়াই মণিপুৰ আৰক্ষীৰ সহযোগত ইছলামুদ্দিনক গ্ৰেপ্তাৰ কৰিছে। ইছলামুদ্দিন বোমা বিস্ফোৰণৰ সৈতে জড়িত দ্বিতীয়টো অভিযুক্ত।

এই সন্দৰ্ভত নিয়াই জাৰি কৰা এক বিবৃতিত উল্লেখ কৰিছে যে, মণিপুৰ জিলাৰ বিষ্ণুপুৰ জিলাৰ ফৌগাক্কাও ইখাই আৱাং লেইকাই আৰু কোৱাকাটা এলেকাত অৱস্থিত এখন দলঙৰ ওপৰত ৰখাই থোৱা স্ক’ৰপিঅ’ বাহনত আই ই ডি বিস্ফোৰণত মহম্মদ ইছলামুদ্দিন জড়িত থকাৰ কথা নিয়াৰ অনুসন্ধানত প্ৰকাশ পাইছে। বোমা বিস্ফোৰণটোৰ ফলত ৩ জন লোক আহত হৈছিল আৰু ওচৰৰ এটা ঘৰৰ সৈতে দলংখনৰ ক্ষতি হৈছিল। গ্ৰেপ্তাৰ হোৱাৰ পিছত মহম্মদ ইছলামুদ্দিন খানক ইম্ফলৰ অধিকাৰ ক্ষেত্ৰ আদালতত হাজিৰ কৰোৱা হৈছে আৰু আদালতে অভিযুক্তক ৭ দিনৰ বাবে নিয়াৰ জিম্মালৈ প্ৰেৰণ কৰিছে।

উল্লেখ্য যে, ২১ জুনৰ পুৱা প্ৰায় ৭-৩০ বজাত কোৱাকাটা অঞ্চলৰ এখন দলঙত স্ক’ৰপিঅ’ বাহনত আই ই ডি ভৰাই বিস্ফোৰণ কৰা হৈছিল। ফলত দলংখনৰ পশ্চিম দিশে যথেষ্ট ক্ষতি হোৱাৰ লগতে ৩ টা কিশোৰ আহত হৈছিল।

ঘটনা সন্দৰ্ভত মণিপুৰ আৰক্ষীয়ে ৬৩৫(৬)২০২৩ নম্বৰত ২১ জুনতেই এক গোচৰ ৰুজু কৰিছিল।ইয়াৰ পৰৱৰ্তী সময়ত গোচৰতো ২৩ জুনত নিয়ালৈ হস্তান্তৰ কৰা হয়। এই সন্দৰ্ভত তদন্ত চলাই নিয়াই যোৱা ১৬ অক্টোবৰত নুৰ হুছেইন নামৰ এজনক গ্ৰেপ্তাৰ কৰিছিল।

মণিপুৰৰ বিষ্ণুপুৰত সংঘটিত বিস্ফোৰণত জড়িত আন এটা অভিযুক্তক গ্ৰেপ্তাৰ...
গাজাৰ শিশুৰ বাবে UNDP ৰ আশ্ৰয় শিবিৰ: মানৱীয় সহায় বিচাৰি ইউনিচেফৰ অভিযান...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in