গাজাৰ শিশুৰ বাবে UNDP ৰ আশ্ৰয় শিবিৰ: মানৱীয় সহায় বিচাৰি ইউনিচেফৰ অভিযান...

গাজাৰ শিশুৰ বাবে UNDP ৰ আশ্ৰয় শিবিৰ: মানৱীয় সহায় বিচাৰি ইউনিচেফৰ অভিযান...
গাজাৰ শিশুৰ বাবে UNDP ৰ আশ্ৰয় শিবিৰ: মানৱীয় সহায় বিচাৰি ইউনিচেফৰ অভিযান...

ডিজিটেল ডেস্কঃ হামাছে ইজৰাইল আক্ৰমণ কৰাৰ পাছতে গাজাত ধ্বংসলীলা চলাইছে ইহুদি দেশখনে। ইজৰাইলৰ এনে প্ৰত্যাক্ৰমণত গাজা প্ৰায় শেষ হৈ গৈছে।

গাজাৰ ধ্বংসাৱশেষৰ মাজত এতিয়া কেৱল মৃত্যুৰ কিৰিলি। এনে পৰিস্থিতিত পেলেষ্টাইনি শিশুসকলক কাষত থিয় দিছে ইউ এন ডি পি

ৰাষ্ট্ৰসংঘৰ উন্নয়ন কাৰ্যসূচীৰ দ্বাৰা পৰিচালিত গাজাৰ খান ইউনুছত যুদ্ধবিধ্বস্ত অঞ্চলৰ শিশুসকলক আশ্ৰয় প্ৰদান কৰিছে। গাজাৰ স্বাস্থ্য মন্ত্ৰণালয়ৰ ভাষ্য অনুসৰি যুদ্ধ আৰম্ভ হোৱাৰ পৰা এই পৰ্যন্ত গাজাত ৩ হাজাৰ ৭৮৫ লোক নিহত হৈছে। যাৰ ভিতৰত বেছিভাগেই মহিলা শিশু আৰু বৃদ্ধ।

গাজাৰ স্বাস্থ্য বিষয়াসকলৰ মতে প্ৰায় ১২ হাজাৰ ৫০০ লোক এই পৰ্যন্ত আহত হৈছে। ধ্বংসাৱশেষৰ তলত এতিয়াও প্ৰায় ১ হাজাৰ ৩০০ জনৰো অধিক লোক আৱদ্ধ হৈ আছে বুলি ধাৰণা কৰা হৈছে।

উল্লেখ্য, ইজৰাইলৰ সতৰ্কবাণীৰ পিছতে লাখ লাখ পেলেষ্টাইনি লোকে ৰাষ্ট্ৰসংঘৰ দ্বাৰা পৰিচালিত আশ্ৰয় শিবিৰলৈ পলাই গৈছে। ইফালে গাজাৰ এই শিশুসকলৰ লগতে যুদ্ধ বিধ্বস্ত অঞ্চলটোৰ লোকসকলৰ বাবে ইউনিচেফে মানৱীয় সমৰ্থন প্ৰদান কৰাৰ বাবে তাৎক্ষণিক ব্যৱস্থা গ্ৰহণ কৰিছে।

ইউনিচেফে শীঘ্ৰেই দুয়ো পক্ষক যুদ্ধ বিৰতি গ্ৰহণ কৰিবলৈ আহ্বান জনাইছে। এক বিবৃতিত ইউনিচেফে গাজা সন্দৰ্ভত কয়, তীব্ৰ যুঁজ আৰু শত্ৰুতা অব্যাহত থকাৰ সময়ত শিশুৰ বাবে কোনো ঠাই সুৰক্ষিত নহয়। কেইবাদিনো বিমান আক্ৰমণৰ পিছত বহুতো শিশু নিহত বা আহত হৈছে আৰু আন অগণন লোক হিংসাত্মক ঘটনাৰ সন্মুখীন হৈছে। খাদ্য, পানী আৰু বিদ্যুতৰ যোগান হ্ৰাস কৰা হৈছে, চিকিৎসালয় আৰু ঔষধ লৈ সুৰক্ষিত প্ৰৱেশাধিকাৰ গুৰুতৰভাৱে সীমিত কৰা হৈছে।

ইয়াৰোপৰি কৈছে, গাজাৰ পৰিস্থিতি দ্ৰুতগতিত অৱনতি হৈ আছে। এক মিলিয়নতকৈও অধিক লোক, যাৰ প্ৰায় অৰ্ধেক সংখ্যকেই শিশু, বৰ্ধিত শত্ৰুতাৰ মাজত চৰম বিপদত আছে। সেয়েহে ইউনিচেফে তাৎক্ষণিক যুদ্ধবিৰতিৰ আহ্বান জনাইছে।

ইয়াৰোপৰি ইউনিচেফে গাজাৰ এনে পৰিস্থিতিত শিশুৰ সুৰক্ষা আৰু যুদ্ধ বিধ্বস্ত অঞ্চলটোৰ জনসাধাৰণৰ সুৰক্ষাৰ বাবে মানৱীয় সহায়ৰ আহ্বান জনাই বিশ্বজুৰি সাহায্য সংগ্ৰহৰ এক অভিযানো আৰম্ভ কৰিছে।

গাজাৰ শিশুৰ বাবে UNDP ৰ আশ্ৰয় শিবিৰ: মানৱীয় সহায় বিচাৰি ইউনিচেফৰ অভিযান...
আপেল ভৰ্তি ট্ৰাক দুৰ্ঘটনাগ্ৰস্তঃ ৪ জনকৈ লোকৰ মৃত্যু...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in