/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-12/db9c3267-e9a3-4708-978c-2e9f0454f834/jal_jeevan_23.jpg)
বিফল হোৱাৰ দিশে গাৰো পাহাৰৰ ৬১ কোটি টকীয়া জল জীৱন মিচন আচঁনি ?
ডিজিটেল ডেস্কঃ বিফল হ’ব নেকি মেঘালয়ৰ গাৰো পাহাৰৰ ৬১ কোটি টকীয়া জল জীৱন মিচন আচঁনিৰ নেকি কোনা প্ৰকল্প? গৃষ্ম কালত ২৬ খন গাঁৱত পানী যোগান ধৰাত ব্যৰ্থ হ’ব নেকি নেকিকোনা জল জীৱন আঁচনিৰ প্ৰকল্প ?
২০২১ চনৰ ২৩ ডিচেম্বৰত আৰম্ভ হোৱা নেকিকোনা জল জীৱন আঁচনিৰ প্ৰকল্প চলিত বছৰৰ ৩১ ডিচেম্বৰত নিৰ্মাণ কাৰ্য সম্পন্ন কৰাৰ বাবে সময়সীমা বান্ধি দিছিল বিভাগে। কিন্তু আজি ডিচেম্বৰৰ ২৩ তাৰিখ হ'ল যদিও এই প্ৰকল্পৰ কাম মাত্ৰ ২০ শতাংশহে সম্পন্ন হোৱাৰ অভিযোগ উত্থাপন কৰিছে ৰাজাৱালা সমষ্টিৰ বিধায়ক ডাঃ মিজানুৰ ৰহমান কাজীয়ে।
আৰম্ভণিৰ পৰাই এই নেকিকোনা জল জীৱন মিচন আঁচনিৰ প্ৰকল্পৰ নিৰ্মাণ কাৰ্য অতি লেহেমীয়া গতিত চলাই নিয়া পৰিলক্ষিত হৈছে। উল্লেখযোগ্য যে, চুবুৰীয়া ৰাজ্য মেঘালয়ৰ পশ্চিম গাৰো পাহাৰ জিলাৰ ৰাজাবালা সমষ্টিৰ ২৬ খন গাঁৱৰ কেবা সহস্ৰাধিক পৰিয়ালক বিশুদ্ধ খোৱা পানী যোগানৰ বাবে চৰকাৰে জল জীৱন মিচন আঁচনিৰ নেকিকোনা প্ৰকল্প নিৰ্মাণ কৰিবলৈ প্ৰায় ৬১ কোটি টকা আৱণ্টন দিছে।
প্ৰকল্পৰ নিৰ্মাণত অনিয়ম সংঘটিত কৰাৰ অভিযোগ তুলিছে ৰাজাৱালা সমষ্টিৰ স্থানীয় বহু কেইটা এন জি অ'ই। এই সন্দৰ্ভত বিধায়ক মিজানুৰ ৰহমান কাজীয়ে গাৰো পাহাৰ জিলাৰ জনস্বাস্থ্য কাৰিকৰী বিভাগক অৱগত কৰাত বৃহস্পতিবাৰে বিভাগীয় সজাতি দল ৰাজাবালাত উপস্থিত হৈ বিধায়কগৰাকীৰ সৈতে প্ৰকল্পৰ কাম কাজ পৰিদৰ্শন কৰে।
ইফালে প্ৰকল্পৰ অধীনত থকা ২৬ খন গাওঁৰ ৫০ শতাংশতকৈ অধিক পৰিয়ালৰ ঘৰে ঘৰে পানীৰ টেপ সংযোগ কৰা হৈছে বুলি অনলাইনযোগে তথ্য উপলব্ধ যদিও ৬১ কোটি টকীয়া এই প্ৰকল্পৰ পৰা আজিলৈ ৰাজাৱালা সমষ্টিৰ ২৬ খন গাঁৱৰ কোনো এটা ঘৰতেই টেপ সংযোগ কৰা হোৱা নাই বুলি স্থানীয় এগৰাকী গাওঁবুঢ়া আৰু এন জি অ'ৰ বিষয়ববীয়াসকলে অভিযোগ তুলিছে।
লক্ষণীয় যে, বিধায়ক মিজানুৰ ৰহমান কাজীৰ ঘৰতো পানীৰ টেপ সংযোগ কৰা বুলি অনলাইনযোগে তথ্য দাখিল কৰা হৈছে যদিও সেয়াও কৰা হোৱা নাই। তেওঁ অনলাইন মাধ্যমত এই তথ্য লাভ কৰাৰ পাছতে এই আঁচনিত ব্যাপক অনিয়ম হোৱাৰ অভিযোগ উত্থাপন কৰিছে।