কঠীয়াতলীত সংঘটিত অগ্নিকাণ্ডত ভস্মীভূত বাসগৃহ...

কঠীয়াতলীত সংঘটিত অগ্নিকাণ্ডত ভস্মীভূত বাসগৃহ...

author-image
Asomiya Pratidin
New Update
কঠীয়াতলীত সংঘটিত অগ্নিকাণ্ডত ভস্মীভূত বাসগৃহ...

কঠীয়াতলীত সংঘটিত অগ্নিকাণ্ডত ভস্মীভূত বাসগৃহ...

ডিজিটেল সেৱা কঠীয়াতলী: নগাঁও জিলাৰ কঠীয়াতলীৰ জুমৰমুৰত শুকুৰবাৰে অগ্নিকাণ্ড সংঘটিত হয়। পিন্টু দাস নামৰ লোকজনৰ ঘৰত হোৱা অগ্নিকাণ্ডৰ ফলত তেওঁৰ ৰান্ধনী ঘৰটো সম্পূৰ্ণভাৱে ভস্মীভূত হয়।

Advertisment

আহাৰ বনোৱাৰ পাচত চৌকাত থকা জুইত কাপোৰ লগাৰ ফলত অগ্নিকাণ্ডৰ সূত্ৰপাত ঘটে বুলি পৰিয়ালৰ লোকে জানিবলৈ দিয়ে। অগ্নিকাণ্ডৰ ফলত লোকজনৰ পাকঘৰ সম্পূৰ্ণ ৰূপে ভস্মীভূত হোৱাৰ লগতে আৱাসগৃহৰ বাকী অংশৰো ভাৱে ক্ষতিগ্ৰস্ত হয়।

অগ্নিকাণ্ডৰ ফলত লোকজনৰ লক্ষাধিক টকাৰ সা-সম্পতি নষ্ট হয়। ভয়ংকৰ অগ্নিকাণ্ডটো স্থানীয় লোকে অগ্নি নিৰ্বাপক বাহিনীৰ সহযোগত নিৰ্বাপন কৰিবলৈ সক্ষম হয়।

Also Read: মন্ত্ৰীৰ সমষ্টিতে পঞ্চায়তৰ গৃহ, দেৱাল নিৰ্মাণত সভাপতিৰ অবাধ দুৰ্নীতি...

অগ্নিকাণ্ড কঠীয়াতলী