প্ৰধানমন্ত্ৰী মোডীৰ উপস্থিতিত মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিব নেইফিউ ৰিঅ'ৱে...

প্ৰধানমন্ত্ৰী মোডীৰ উপস্থিতিত মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিব নেইফিউ ৰিঅ'ৱে...

author-image
Asomiya Pratidin
New Update
প্ৰধানমন্ত্ৰী মোডীৰ উপস্থিতিত মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিব নেইফিউ ৰিঅ'ৱে...

প্ৰধানমন্ত্ৰী মোডীৰ উপস্থিতিত মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিব নেইফিউ ৰিঅ'ৱে...

ডিজিটেল সংবাদ বেকাজানঃ সদ্য সমাপ্ত বিধানসভা নিৰ্বাচনত সংখ্যা গৰিষ্ঠতা লাভ কৰাৰ পিছত এন ডি পি পি, বিজেপিৰ মিত্ৰজোঁটে ৭ মাৰ্চত নতুন চৰকাৰ গঠন কৰিব ।ইতিমধ্যে নেইফিউ ৰিঅ'ক মুখ্যমন্ত্ৰী হিচাপে বিধায়নী দলে নিৰ্বাচন কৰিছে ।

Advertisment

নেইফিউ ৰিঅ'ৱে চতুৰ্থ বাৰৰ বাবে নগালেণ্ডত মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিব। এই শপতগ্ৰহণ অনুষ্ঠানত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে অংশগ্ৰহণ কৰিব ।

অহা ৭ মাৰ্চত দিনৰ ১২ বজাত কোহিমাৰ ৰাজধানী সাংস্কৃতিক প্ৰেক্ষাগৃহত অনুষ্ঠিত হ’ব নাগালেণ্ডৰ মুখ্যমন্ত্ৰীৰ শপত গ্ৰহণ অনুষ্ঠান। একেদিনাই মেঘালয় আৰু পিছদিনা ত্ৰিপুৰাত শপত গ্ৰহণ অনুষ্ঠানতো অংশগ্ৰহণ কৰিব প্ৰধানমন্ত্ৰী মোডীয়ে।

উল্লেখ্য যে, সদ্য সমাপ্ত নিৰ্বাচনত এন ডি পি পিয়ে ৪০ টা সমষ্টিৰ ভিতৰত ২৫ টা আৰু বি জে পিয়ে ২০ টা সমষ্টিৰ ভিতৰত ১২ খন আসন দখল কৰিবলৈ সক্ষম হৈছে।

Also Read: মাতৃহাৰা হ’ল অসম জাতীয় বিদ্যালয়ৰ সচিব ডাঃ নাৰায়ণ শৰ্মা... 

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী নেইফিউ ৰিঅ'