মাতৃহাৰা হ’ল অসম জাতীয় বিদ্যালয়ৰ সচিব ডাঃ নাৰায়ণ শৰ্মা... 

মাতৃহাৰা হ’ল অসম জাতীয় বিদ্যালয়ৰ সচিব ডাঃ নাৰায়ণ শৰ্মা... 
মাতৃহাৰা হ’ল অসম জাতীয় বিদ্যালয়ৰ সচিব ডাঃ নাৰায়ণ শৰ্মা... 

ডিজিটেল সংবাদ নলবাৰী: নলবাৰী জিলাৰ টিহু নগৰৰ নান্নাট্টাৰী নিৱাসী, সৰবৰহী ধৰ্মপ্ৰাণ মহিলা, অসম জাতীয় বিদ্যালয়ৰ সচিব তথা শিশুৰোগৰ বিশিষ্ট চিকিৎসক ডাঃ নাৰায়ণ শৰ্মাৰ মাতৃ ভাৰতী দেৱীৰ ৪ মাৰ্চৰ পুৱা প্ৰায় ৪.৩০ বজাত বাৰ্দ্ধক্যজনিত কাৰণত নিজ গৃহত মৃত্যু হয়। তেওঁৰ বয়স হৈছিল ৮৯ বছৰ।

অঞ্চলটোত ভাল আয়তী হিচাপে জনাজাত এই সৰবৰহী মহিলাগৰাকীৰ মৃত্যুত অঞ্চলটোত বাৰুকৈয়ে গভীৰ শোকৰ ছাঁ পৰে। অঞ্চলটোৰ বিভিন্ন ধৰ্মীয় অনুষ্ঠানৰ এগৰাকী সচেতন আয়তী হিচাপে সকলোৰে মাজত তেওঁ লোকপ্ৰিয় আছিল।

অসম আন্দোলনৰ সময়ত আন্দোলনত জড়িত বহু নেতা কৰ্মীক আদৰ সাদৰ কৰি আতিথ্য আগবঢ়াই আন্দোলনটোক শক্তিশালী কৰাত ভূমিকা লৈছিল। তেওঁৰ হাতেৰে ৰন্ধা ভাত খাই প্ৰফুল্ল কুমাৰ মহন্ত, ভৃগু ফুকন আদি নেতাসকল বৰকৈ আহ্লাদিত হৈছিল ।

আন্দোলনৰ অন্যতম কাৰ্যসূচী জোঁৰ সমদল আদিতো তেওঁ সক্ৰিয়ভাৱে অংশ লৈছিল । তেওঁৰ মৃত্যুত স্থানীয় বিধায়ক তথা মন্ত্ৰী ৰঞ্জিৎ কুমাৰ দাস, টিহু মহকুমা সাংবাদিক সন্থা, নান্নাট্টাৰী গাঁও উন্নয়ন সমিতি, অসম জাতীয় বিদ্যালয়ৰ সভাপতি দিলীপ দত্ত চৌধুৰী, অধ্যক্ষ ঘনশ্যাম মেধি প্ৰমুখ্যে বিদ্যালয়ৰ সকলো শিক্ষক কৰ্মচাৰী, টিহু জাতীয় বিদ্যালয়ৰ প্ৰধান শিক্ষক ধৰণী ডেকা, টিহু মহাবিদ্যালয়ৰ অধ্যক্ষ ডঃ কিশোৰ কুমাৰ তালুকদাৰ, ডাউন টাউন বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড০ নাৰায়ণ চন্দ্ৰ তালুকদাৰ, বিশিষ্ট শিক্ষাব্ৰতী প্ৰমোদ ডেকা, টিহু পৌৰসভাৰ পৌৰপতি হিমানী মজুমদাৰ, উপ-পৌৰপতি ড০ সুৰজিৎ বৰ্মন, নলবাৰী জিলা সাহিত্য সভাৰ সম্পাদক পংকজ বেজবৰুৱা, প্ৰাক্তন ছাত্ৰ নেতা শংকৰ কুমাৰ দাস, ধনঞ্জয় বৰপূজাৰী, অঞ্জন কুমাৰ শৰ্মা, টিহু আঞ্চলিক ছাত্ৰ সন্থা, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ টিহু আঞ্চলিক সমিতি, টিহু সাহিত্য সভা, টিহু ৰাজহুৱা পুথিভঁৰাল, টিহু মহাত্মা গান্ধী ভৱন সমিতিকে ধৰি বিভিন্ন অনুষ্ঠান আৰু ব্যক্তি বিশেষে গভীৰ শোক প্ৰকাশ কৰে।

শিল্পী পেন্সনপ্ৰাপক আদ্য শৰ্মাৰ পত্নী ভাৰতী দেৱীয়ে মৃত্যুৰ সময়ত ডাঃ নাৰায়ণ শৰ্মাকে ধৰি দুগৰাকী পুত্ৰ-বোৱাৰী, পাঁচগৰাকীকৈ জী-জোঁৱাই, কেইবাটাও নাতি-নাতিনীৰে সৈতে বহু সংখ্যক গুণমুগ্ধক এৰি থৈ যায় । 

মাতৃহাৰা হ’ল অসম জাতীয় বিদ্যালয়ৰ সচিব ডাঃ নাৰায়ণ শৰ্মা... 
৯০ বছৰীয়া ককাকে সুধিছে- 'আমাৰ এই কেতিয়া খেলিব...'

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in